তোমালোক শুলেই মই সাৰ পাই উঠো
কথা পাতো
তোমালোকৰ সৰ্পিল উশাহবোৰৰ লগত
আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ
সাক্ষী মই হৈছো
বুদ্ধৰ শূণ্যতাত বহি মাজে মাজে
শিৱৰ কথা
"বাৰীৰে ঢেকীয়া ব্ৰহ্মাণ্ডৰ লেখীয়া"
তিলফুলৰ গোন্ধই সদায় মোক
তোমালোকৰ পৰা লৈ যায়
এথুপি ফুল নুফুলালৈকে
তোমালোকৰ বুকুত
অন্তৰ সিপাৰৰ চাকনৈয়াত ।
সিপাৰ -
বুদবুদতে পৃথিৱী
ৰাতিৰ আকাশত এশ এটা চন্দ্ৰ ।
~ বিশাৰদ বৰা