11.19.2020

হেমাংগ কুমাৰ দত্তৰ কেইটামান কবিতা

ৰাতিৰ কবিতা 

'এন্ধাৰে আৱৰা দিনতো গোৱা হ'বনে গান ?
নিশ্চয়,গোৱা হ'ব এন্ধাৰে আৱৰা দিনৰে গান ।'
                                          - বাৰ্ট'ল্ট ব্ৰেখট 
                                  [ অনুবাদক : ৰাজেন কলিতা ]

ডাৱৰৰ কবিতাই তিয়াব নোৱাৰে ধূলি 
অথচ ডাৱৰে পাৰে 

শইচৰ কবিতাই নোজোৰে এসাঁজ 
অথচ শইচে জোৰে 

বতাহৰ কবিতাই মচিব নেজানে কপালৰ ঘাম 
অথচ বতাহে জানে 
ৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য 
কিন্তু ৰাতিৰ কবিতাই পাৰে । 

বন্দী 

বন্দী হিচাপে গৃহবন্দীৰ সকলোতকৈ ভাল 
বন্দী ৰোৱাৰ পক্ষে সুবিধাজনক নিজা ঘৰ 

সেইফালৰ পৰা কাৰাবন্দীৰো চলে 
নিজা নহ'লেও অন্ততঃ আনৰ ঘৰত 

দুৰ্ভগীয়া বন্দী অঘৰীবোৰ 
যাক বন্দী কৰা হয় ভিতৰৰ পৰা দুৱাৰ জপাই ।

ভিক্ষা 

আধলিটো লোৱাৰ পৰত 
তুমি হাঁহি ক'লা বহুতো পালা 

আধলিটো দিয়াৰ পৰত 
ময়ো ভাবিছিলো এঃ বেছি দিলোঁ 

হিচাপৰ সমতাৰে 
দেখুৱাই গ'লা বঙলাৰে ঢকা মোৰ দীনতা ।






Share: