তেখেতে সোণৰ চন্দুকত মাতবোৰ সামৰি থ'লে।
এইবাৰ তেখেতে ক'বলৈ ল'লে- শেষ নোহোৱা মৌৰ এখন নদী
তেওঁৰ মুখেৰে বৈ আহিল
তোমালোকৰ কাণে/মুখে মৌ
অকস্মাৎ তেওঁ ৰৈ গ'ল
ওপৰত এটা কুলিয়ে চিঞৰি আছিল ,
তেওঁ পোহনীয়া পাখিলগা শিয়ালটো পঠাই দিলে ।
এটা ডাঙৰ শব্দ হ'ল
তোমালোকে নুশুনিলা,
কাৰণ তোমালোকৰ কাণে/মুখে মৌ ।
আস ! মাতটো নিদিয়াৰ অপৰাধত চাগে কুলিটোৰ হত্যা হ'ল
নে শিয়ালৰ নাড়ী-ভূৰত সি বিদ্ৰোহ ৰচিলে ? চমস্কি! তুমি কিন্তু মৰাৰ আগেয়ে এই শেষ সাধুকণ কৈ যাব লাগিব
ন'হলে তোমাক অনন্তৰ পাপে চুব ।
~ টু দিয়েৰ Noam Chomsky