3.31.2020

কচম ভাৰত মাতা কী


এটুপ দুটুপ তিনিটুপ ওহো পাঁচটুপ !

দৃশ্য - যেন বডুৱা কটাৰীৰে অঁকা এক বৰফ টুকুৰাত পৰি ৰৈছে। ৰঙটো আজি খোৱা কলডিলৰ কটাৰীত লাগি থকা ডাগটো কেঁচা ৰঙচুৱা ।

আকৃতি - দুটা প্ৰায় বৃত্ত , বাকী তিনিটা ক'ব পাৰে কৃষ্ণই ৰাক্ষস বধোতে সিহতৰ ডিঙিৰ হাড়ত (হাৰত?)লাগি দুটামান জোঙা ভোটা হোৱা সুদৰ্শন চক্ৰটো ।

অনাহুত- মোৰ দৃষ্টি পাঁচোটাত নিৱদ্ধ(চকুটিপৰ ইমজিটো দিব পৰা হ'লে! ) সিহতৰ দৃষ্টি মোত ?

ধেই ইমান শুৱা ভাল নহয়, উঠো । পকাত পৰি থকা টমেট চচৰ টোপাল কিটাকেনো কিমান চাম ! (মূৰটো বেকা কৰি চকুৰ পানী উলিয়াই ঢেকঢেকাই থকা ইমজিটো)

ক্ষমিব কবিতাত কবি নাই ।

- বিশাৰদ বৰা

😉🤣


Share:

0 Comments:

Post a Comment

আপোনাৰ মন্তব্য দিয়ক