সন্ধিলগ্ন
হালধীয়া হৈ পৰিছে পৰ্দা
জপাই থ ঘুণে ধৰা দৰ্জা
ফুকুয়ামা/১
যি ঘটি গ'ল
সি আকৌ ঘটেনে ?
ঘটি যোৱাখিনি ইতিহাসনে
ঘটাৰ পাছত ৰৈ যোৱা
প্ৰমান---অনুমানৰ দ্বন্দ্বখিনি
ভাব-চাঙৰ এটা শুকান মাছে সোধে ।
ফুকুয়ামা/২
বিচনাৰ তলত শিল দুটা ঘঁহাইছোঁ
পোহৰ ---তাপৰ বাবে নহয়
এইটোহে চাবলৈ যে
আধুনিকতো আদিম আছেনে?
ফুকুয়ামা/৩
শেষ হ'লেহে কোনো ইতিহাস
নে ইতিহাসৰো শেষ থাকে
'জোৰ যাৰ মুলুক তাৰ'ৰপৰা
শেষৰ মানুহজন
উদাৰ
শেঙুন
ধূলি বৰষুণৰ ক'লা কোলাহল উভালি হাড়ত ৰুওঁ আহা সূৰ্য্য আশ্বাস
জড় যুদ্ধইতো নুশুনে কাহানিও আমাৰ ৰুগ্ন নাকৰ নিশ্বাস ।
ভাল লাগিল কবিতাকেইটা পঢ়ি ।
ReplyDeleteধন্যবাদ।
Delete