১/ কবিতাৰ জন্ম
এনেকৈ মাটিত লাগি থকা ভিছা সৰাপাত এখিলাৰ শীতল ছায়াত এটা বীজৰ কোমল ছাল ফুটি কবিতাবোৰৰ জন্ম হৈছিল
এনেকৈ গেছ বেলুন এটাই উৰি উৰি গৈ হেৰাই যোৱা মহাশূণ্যৰ গহ্বৰত ভৰহীন নৈশব্দৰ
মাজত
ৰাতিৰ তৰাক নিচুকাই থাকিবলৈ কবিতাবোৰৰ জন্ম হৈছিল
এনেকৈ মৃত মানুহৰ দুচকুত বগাই ফুৰা সেউজীয়া লতা এডালক বিশ্বাস কৰি সাবটি ধৰিছিলো বতাহৰ গতিপথ
এনেকৈ ভঙা বন্দৰৰ অচিন সৈনিকৰ হেলমেটৰ ভগ্নাৱশেষত বিচাৰি গৈছিলোঁ যুদ্ধৰ পুৰণি গোন্ধ
এনেকৈ আমি বাতিল ৰে'লপথত বতাহ ফালি ফালি ৰাতিৰ পথাৰবোৰক জগাই দিয়া দীঘল সুঁহুৰি এটাত সামৰি লৈছিলোঁ নিৰন্ন সময়ৰ ইতিহাস
এনেকৈ দুপৰীয়াৰ ৰিংটনত বাজি থকা উদাস শিমলুৰ তুলা উৰা গানবোৰত সাঁচি ৰাখিছিলোঁ
সপোনত নেদেখা সপোনবোৰৰ ক'লা-বগা ৰেখাবোৰৰ ধোঁৱা-চিত্ৰ
এনেকৈ মহাশূণ্যত ছিটিকি পৰা এটা ব্ৰহ্মশব্দক
অবুজ শিশুৰ দৰে প্ৰতিপালন কৰি
সামৰি ৰাখিছিলোঁ পৰৱৰ্তী কবিতাৰ বাবে
২/ ভ্ৰমণ
সুদীৰ্ঘ বাটৰ কেঁকুৰি এটাত
আমাৰ ভালপোৱা
বটলৰ ভিতৰত শীতল নিদ্ৰা
কাগজেৰে মেৰিয়াই পুৰণি কবিতা
আমি ক'লৈ গৈ আছোঁ
নৈশবাছৰ খিৰিকীত বতাহ বান্ধি ?
পাহাৰৰ সিপাৰে কাৰ গাঁও ?
কাঠৰ ঘৰবোৰত বৰষুণ,শিলবোৰ তিতিছে
আমি বুটলিম পানী-মুকুটা
ৰাতিৰ পাহাৰত ফুলিব ৰজনীগন্ধা
কেঁকুৰি এটাত ৰৈ আছে
আমাৰ ভালপোৱা
বাট যেতিয়া ক্ৰমশঃ চুটি
ৰাতি এঘাৰ বাজি তেত্ৰিশ মিনিট
ক্ষীণ পোহৰৰ গুমটিত
পাহাৰ প্ৰমাণ অপেক্ষা
তুমিনো ফুলিবা কেতিয়া
নৈশবাছৰ ৰজনীগন্ধা ?
৩/ বৰষুণৰ পাছত
যিমান চকুপানী আছিল
বৰষুণ হৈ সৰিল
আকাশখন শান্ত এতিয়া
চৰাইবোৰ উৰিছে
কান্দিলে বুকুখন পাতলে
সেয়ে পুৰুষেও কান্দে কেতিয়াবা
তেতিয়া ৰিব্ ৰি্ব বতাহ
পাত লৰে.. ।
0 Comments:
Post a Comment
আপোনাৰ মন্তব্য দিয়ক