9.30.2020

ইয়াত নদী আছিল নৱকান্ত বৰুৱা

 

ইয়াত নদী আছিল

কবি - নৱকান্ত বৰুৱা


দেখিছো নদীৰ ঢলে বলাত্কাৰ কৰা পথাৰক,

পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান,

শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক

আত্মসাত কৰি

এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান৷

উদগ্ৰ ধ্বংস নিছা, লোভব কুটিল দুঃসাহস

ছলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুতসিত অভিসাৰ-

তাৰো সৌন্দৰ্য্যই মোক দিছিল স্বপ্নৰ জাল ৰচি,

কাৰণ, মইযে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্য্যাদা,

সিও বন্দী সূৰ্য্যকণা,

আহিছিল ভাঙি-ছিঙি পৃথিৱীৰ কঠিন জৰায়ু৷


কিন্তু মৰুভূমি আহে,

লাহে লাহে মাহে মাহে বছৰে বছৰে

আঁহতৰ খোৰোঙাত এপাহি কপৌ-ফুল সোনকালে সৰে

গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে

প্ৰাণৰ যিমান ৰং সেউজী সোণালী,

আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু

ফুটছাঁই বৰণৰ এখন পৃথিৱী


নদীক নিজৰা কৰি জুৰিক শিলনি কৰি

বালিৰ দ’লেৰে গঢ়ে গছ-লতা ফুলৰ সমাধি,

ছয়া-ময়া জিঁয়া এটি বালিয়ে বালিয়ে উৰি,

পানীৰ কাৰণে ঘুৰি


ক’ৰবাত বাট হেৰুৱায়৷

মৰুভূমি এইদৰে আহে,

লাহে লাহে মাহে মাহে বছৰে বছৰে….


দূৰণিৰ নীল সেই গাঁওখনলৈ

এইবেলি সোনকালে আঘোণ আহিল-আহিনতে?

এইবাৰ ব’হাগৰ ঢল নাহেনেকি?

উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা?

আষাঢ়ৰ ক’লা মেঘ পাহাৰৰ সিপাৰে থাকিল৷

পাহাৰ ইমান ওখ! ওখনে মেঘতকৈও?

ওখনে প্ৰেমতকৈও?


বৰষুণ?

ধাননিত নগজিল জোৱাৰ বজাৰ, আমাৰ বনত

দোঁ নেখালে খেজুৰি৷

কেৱল ফুলিব সিজু, মাজনিশা তৰাৰ পোহৰে

ৰেণু তাৰ বালিদাঁহী সাপক বিলাব৷ দুবৰি ধৰিব ছাটি

কাঁইটীয়া বনে৷

ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ

দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা৷

তাৰ পিছে

উটৰ ডিঙিৰ ছাঁ, দীঘল ডিঙিৰ ছাঁ, শুই ৰ’ব

হাড় হৈ সাগৰৰ বাবে৷


এইদৰে শেষ হোৱা…এই যে ৰোমাঞ্চ মৰণৰ

ইযে প্ৰৌঢ়া ৰমণীৰ ৰমণ-বিলাস, অনভিজ্ঞ

কিশোৰৰ স’তে৷ য’ত

গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই,

ধ্বংসৰ সৌন্দৰ্য্য নাই,কেৱল ক্ষয়ৰ আৱিলতা,

অনায়াস গ্ৰহণ কেৱল ক্লীৱতা

বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য্য গঢ়েহি?

গঢ়ে বিভীষিকা৷

তাতো যি ৰোমাঞ্চ্ আছে, যদি আছে,

হে জীৱন,

নালাগে আশ্ৰয় তাত,

ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ৷

Share:

ক্ৰমশঃ এটা সাধুকথা নৱকান্ত বৰুৱা

 

ক্ৰমশঃ

এটা সাধুকথা

কবি- নৱকান্ত বৰুৱা


এইখন দেশ আমি চিনি পাঁও

ইয়াৰে ৰজাৰে, বাঁৰী-কোঁৱৰৰ সাধুকথা

আমি যুগ যুগ ধৰি

নতুন গঢ়েৰে গঢ়িছো৷

তেজিমলা মৰি ভোগজৰা হয়

ৰাজকোঁৱৰৰ সোণৰ কাঠিত

পাতালপুৰীৰ ৰাজকুঁৱৰীৰ টোপনি ভাগে….

ওপৰত কাৰ পাখিৰ শব্দ…কলৰ ড্ৰেগন….

তাঁতৰ শালত চিলনীৰ জী চঁক খাই উঠে

মাথোঁ চঁক খাওঁ….

জানিছিলো জানো এইখন মৰা দেশ?


এয়া নৈৰ পাৰ

সাউদৰ ডিঙা বেহা লই অবোধ কেতেকী হয়

এলাগী ৰাণীৰ চকু-পানী সৰে

ডাইনী বুঢ়ীৰ হাতত কিমান ৰজাৰ পুতেক মৰে….


এয়ে নৈৰ পাৰ

শামুকৰ খোলা ৰ’দত জিলিকি চকুত পিয়াহ লগায়

পানী ক’ত, পানী?

ক’ত সেউজীয়া পাৰৰ ধাননি?

কাগজৰ পোকে খাই গ’লনেকি কবিতাৰ সেই ৰং?

লুইত শুকান-লুইতত পানী নাই

পাটকুঁৱাবোৰ পাতালৰ বিহ অহা বাট৷

এটোপা পানী?

বিলৰ শুকান বোকাৰ মাজত

শুকান নাছৰ কাঁইটত লাগি ওলায় আমাৰ লুণীয়া তেজ

পানী ক’ত? পানী?

পাতালৰ পানী-আকাশৰ পানী?

নগা পাহাৰৰ টিঙৰ সিপাৰে মেঘ জানো সেয়া?

চিয়াঁহীৰে ক’লা ব্লটিং কাগজ!

পানী ক’ত? পানী নাই৷

চাকিনা, তোমাৰ জিভাৰ ৰসেৰে কিমান জীয়াই ৰাখিবা

ইতিহাস জোৰা কাৰবালা মৰু-প্ৰান্তৰ-

তেজঘড়ীটোৰ ৰঙা তেজবোৰ পৰি পৰি শেষ হ’ল৷

লীলাৰ ডিঙিৰ মণি সৰি পৰি

বীজগণিতৰ সৃষ্টি হয়৷

কিন্তু সময়?

নৰয়৷


কমলা কুঁৱৰী, কমলা কুঁৱৰী

জল-কোঁৱৰৰ সপোন মিছানে?

পানী ক’ত

পানী কিমান হ’ল?

সৰ্গদেউ নাই-সময়োযে নাই-আমাকেই কোৱাঁ

পানীবা কিমান হ’ল৷

কমলা কুঁৱৰী বুৰি গ’ল৷

কমলা কুঁৱৰী বুৰি গ’ল আৰু

ইতিহাস জুৰি পৰি ৰ’ল মাথোঁ

শুকান হাড়ৰ

সিজু কাঁইটৰ দেশ

মৰা পৃথিৱীৰ দেহ!

সাউদৰ নাও তথাপি চলিছে

সাউদৰ নাও খৰাং মাটিতো চলে;

পানীৰ পিয়াহ সাউদৰ নাই-মাথোন সোণৰ পিয়াহ৷

পানী দিম বুলি আমাৰ চ’ৰাতে

গাঁত খানি খানি সোণ বিচাৰোঁতে

সাউদ কেৱল পালে

হেজাৰ হেজাৰ ফুল কোঁৱৰৰ, মণি কোঁৱৰৰ

লাওখোলা আৰু জঁকা….


আমি তাত এটা পুৰণি সাধুকে শুনো

শুকান বালিত শুকান বোকাত সিহঁতে উচুপি কান্দেঃ

        ‘আছিলো ৰজাৰ পুতাই

        তপত বালিত পৰি কান্দো আজি

আৰু বা কি বিলৈ

        আৰু কি বিলৈ

        কিহৰ বিলই?

আমি জানো কি বেদনা

অসংখ্যৰ মৃত্যুৰ সেতু

তাৰ ওপৰেদি

জীৱনৰ সৰীসৃপ আহিছে বগাই-

আৰু কি বিলই আছে

কোনে ক’ব

এই এটা সাধু আজিওতো শেষ হোৱা নাই৷

Share:

এটা প্ৰেমৰ পদ্য নৱকান্ত বৰুৱা


 এটা প্ৰেমৰ পদ্য

কবি- নৱকান্ত বৰুৱা


Do you remember an inn, Miranda?

বাৰিষাৰ ৰাতি তোমাৰ কবিক

মনত পৰেনে, অৰুন্ধতী?

সেমেকা পোহৰে সোঁৱৰাই দিয়া

তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ

মনত পৰেনে

অৰুন্ধতী?

জোনাকে ডাৱৰে মৰমে বিষাদে

নুবুজা কবিতা,

আমাৰ মাজত ভগা সপোনৰ অতনু বাধা

মনত পৰেনে, অৰুন্ধতী!

দুবৰি বনত জোনাকীৰ মনি,

চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন

(জোৱাৰৰ বাবে সাগৰ নাছিল!)

বৰফৰ দৰে চেঁচা পৰশতো

সিযে কি শান্তি!

অৰুন্ধতী!

অৰুন্ধতী!

বহুতো আকাশ পাৰ হৈ অহা

ধুমুহা পখীৰ এটি লহমাৰ নীৰ

বহুতো সপোন পাৰ হৈ অহা

কেঁচা টোপনিৰ ভিৰৰ মাজত

সেই এটা মাথোঁ

উজাগৰ ৰাতি,

মনত পৰেনে, অৰুন্ধতী?

বাৰিষাৰ ৰাতি মনত পৰেনে

অৰুন্ধতী!

Share:

হে অৰণ্য হে মহানগৰ নৱকান্ত বৰুৱা


হে অৰণ্য হে মহানগৰ 

কবি- নৱকান্ত বৰুৱা


কার্ফুৰ সময় হ’ল ।
সূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো
শুহি ল’লে ৰাতিৰ আকাশে ;
নিস্তব্ধ মৰণ নামে । নগৰীৰ ধমনীত কাৰো অনুভৱ
কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ
সৰীসৃপ-ক্রুৰ মৃত্যু... সর্পিল জীৱন ;
পলাতক দৈনন্দিন-নিয়ন-উজ্জল গধুলিৰ
ৰঙা নীলা শেতা মুখ
হেনা মধুমালা আৰু অলকানন্দাৰ......
পথ আৰু উপপথ গলি আৰু এভিনিউ
বোবা যন্ত্রণাত অন্ধকাৰ
পিচল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়
(পোহৰ পোহৰ ক’ত)
টেটুচেপা ট্রেফিকৰ দূৰৰ স্পন্দনে
ভয় আৰু আশ্বাসৰ জটিল উৎকন্ঠা আনে ;
(অৰণ্যত চকু জ্বলে বাঘ আৰু মেচেকাৰ)
জীৱন জীয়াই থাকে । তথাপি জীয়াই থাকে ।
আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ
অমৃতৰ পুত্র আমি
মৃত্যু স্নাতা হে মহানগৰ !
Share:

তেজীমলা নৱকান্ত বৰুৱা

 

তেজীমলা

কবি-নৱকান্ত বৰুৱা


“হাতো নেমেলিবি ফুলো নিচিঙিবি
কৰে গৰখীয়া তই,
মানুহে ফুলৰ নুবুজে আদৰ
তেজীমলাহে মই।”

হাতো মেলা নাই ফুলো চিঙা নাই
তোমাৰ নিষেধ আজিও মানিছোঁ
আমাৰ গ্লানিৰ বোকাৰ কুসুম
আমাৰেই তেজীমলা।
সাউদৰ সাধু শেষ হৈ যোৱা কিমান
বছৰ হ’ল?
মানুহৰ ঘৃণা, মানুহৰ অসূয়াত
তেজ-মঙহৰ তেজীমলা তুমি
ফুল হৈ ফুলি ৰ’লা;
এদিনো আমাৰ ঈৰ্ষাকাতৰ
নিদ্রাবিহীন
আউলী চুলিত
বুলাই নিদিলা হাত।
মানুহে ফুলৰ আদৰ জানিবা
আজিও বুজাকে নাই
কৃপণৰ দৰে তোমাৰ প্ৰীতিৰ
হিচাপ কৰিছোঁ দাম
সেইবাবে গ’লা আমাক পাহৰি
আমাৰে জীয়াৰী হৈ?
মানুহৰ গ্লানি মানুহৰ ঈৰ্ষাত
ছাঁ জুইৰ দৰে আঁতৰি পলালা
সাধুৰ দেশতে ৰ’লা চিৰকাল
সপোনৰ ফুল হৈ,
আমি নিৰুপায়
পৃথিৱীৰ এই ঘিণ আৰু অসূয়াৰে।
আমাৰ বনতো সৰিবানে তুমি
এবাৰ ফুলি?
ভালপোৱা যদি আমাৰ কাৰণে
ৰয় চিৰ অনাগত
প্ৰীতিৰ ধূপৰ সুৰভিয়ে ৰচে
কেৱল কুঁৱলি জাল—
ঈর্ষা আমাৰ তোমাৰ প্রেমেৰে কৰা
আৰু কুৎসিত;
ঘিণ কৰি মৰোঁ
দাপোণৰ নিজ ছঁয়াৰ বীভৎসতা।
Share:

পলস নৱকান্ত বৰুৱাৰ কবিতা


পলস

কবি- নৱকান্ত বৰুৱা 


পলাশৰ জুই নুমাল এতিয়া ৷
শাল আৰু চতিয়ন
বনত মানৰ দিনৰ অতীত বহাগৰ ধুমুহাৰ
কিমান সপোন সৰি গ'ল
তাৰ কোনে ৰাখে খতিয়ান
কলঙ কপিলী দিজুৰ পাৰত
ককাদেউতাৰ হাড় ৷
বুঢ়ী আইতাৰ কলিজাৰে গজে
বন নহৰুৰ ফুল ৷
ডাৱৰে কি ক'লে:
দিয়া আৰু দিয়া, নিঃশেষকৈ দিয়া
আলিৰ কাণত গছপুলি ৰোৱা -
এটা হাইস্কুল খোলা;
পথিক প্ৰিয় যে সদায়ে বাটত,
কাঢ়া দুটি হুমুনিয়া !
উৰুখা পানীয়ে উটাই নিয়ক
মৰা মকৰাৰ খোলা ৷
আমাৰ পলসে সাৰুৱা কৰক
কলঙৰ দুয়ো কূল !
আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ শিৰলুত
আমি সাৰ পাম ৷
সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত
জাতিস্মৰৰ হাঁহি উঠা সাধু ৷
সপোন অন্ধ যি গলিত
আমি থাকো তাৰে নয়ন জুলিত
সিহঁতৰ ভৱিষ্যত ৷
Share:

9.29.2020

সৃষ্টি ওলোটাৰ কথা

 

সৃষ্টি ওলোটাৰ কথা 

  কবি- অজিৎ বৰুৱা

স্তব্ধ পানীত ফুলা সৰিয়হ ডৰা।                        চাওঁগৈ বলা । হালধীয়া ফাকু ।                                জাফৰান আৰু নৰা জাংফাই                                  ঘেঁহুৰ পথাৰ । 

তেনেতে সৃষ্টি উলটিল ।                                              সোণাৰুৰ কেৰুৰ ফালে তেতিয়া মোৰ চকু ৰ             তেতিয়া                                                                    সৃষ্টি উলটিল । 

আঃ আহাৰ মাহৰ হালধীয়া বৰষুণ !                          মই হ'লো পাট-মাদৈ । চৰাই হালধীয়া পাখিও ধুনীয়া আৰু মগৰ তোলা কাঢ়নী হৈ                                     মেঘৰ মাজেদি উৰি গ'লোঁ                                        বাঢ়নী পানীৰ প্ৰতিধ্বনি হৈ ।                                      "চাওঁ গৈ ব'লা", "চাওঁ গৈ ব'লাঁ"                              সেয়া ! কৈছে যে । সেইজনীয়েই আছিল কেতেকী    এতিয়া ছোৱালী হ'ল

"অ' এক্কণমানি ছোৱালীকণ তোৰ এনে মনমোহিনী মাত মলয়াৰহে যেন ছাট্"

Share:

'শুৱনি আমাৰ গাওঁখনি অতি' ১ অজিৎ বৰুৱা

 

'শুৱনি আমাৰ গাওঁখনি অতি' ১

   কবি - অজিৎ বৰুৱা 


ধানৰ ডাঙৰিৰ কোবাল সিৰসিৰনিয়ে মোৰ কাণৰ হাৰিয়াৰ পাৰত আছাৰে-- ওপৰত কুঁজী থেকেৰা,জলফাই আৰু অমৰাৰ পাতৰ অৰণ্যত তাৰ বিচিত্ৰ সিঞাৰ । 


বতাহৰ সুৰুঙাত চিলনী আইৰ পাখিৰ কোবৰ তৰংগ-দৈৰ্ঘ্য জুখি চাইছেনে শেনচোৱা ? চাওক আৰু আগলি কলাপাতক সম্বৰ্ধনা জনাওক !


"কোটোহা বাঁহৰ গুৰিৰ যি উঁই হাফলু তাতেহে মোৰ আত্মাৰ সন্তুষ্টি ।                                              আমাৰ মাইৰ যৌতুকত দিয়া আমাৰ ঘৰৰ প্ৰথম পিতলৰ কলহটোত যি কঁঠালৰ আঠাৰ লেও (যঁতৰৰ মালটো) সি মোৰ কঁকালৰ ঘামচিৰ লগৰীয়া--- মাজ ডাঙৰা পুখুৰীৰ পানীৰ ভৰ উঁই হাফলুৰ ভিজা শৃংগই কিমান লাঘৱ কৰে তাক মই বুজাম কিদৰে--- তুমি যে বন্ধু তপত ভাতত অভ্যস্ত।"


আমাৰ সকলোৰে এজমালি উত্তৰাধিকাৰ একমাত্ৰ আকাশখন চৌছিৰ কৰিবলৈ সকলোৰে অসামান্য পৰিশ্ৰম। পৃথিৱীৰ সকলো ভাষাই মোৰ উত্তৰাধিকাৰ । সকলো দাৰিদ্ৰ। কিন্তু---

"চ'ততে চকৰি,বহাগত বগৰী,জেঠতে আমনা ধান" চিৰকালে ৰ'ক ।                                                        আমাৰ মাজ জহকালিৰ সপোনত ঘোঁৰাৰ চেঁকুৰে আৰু হুকুমৰ বিস্ফোৰণে তাক যেন নসলায় কোনোদিনে ।

Share:

জেংৰাই


জেংৰাই     কবি- অজিৎ বৰুৱা


আন্ধাৰ হোৱাৰ অলপ আগেয়ে

আমি সোৱণশিৰিত পৰিলো৷ আৰু

সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধুৱালো৷

আমি অন্ধবিশ্বাসী-

কেৱল,

আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ্ৰ অন্ধ হ’লহেঁতেন!

ৰাতি হ’লত সোৱণশিৰিৰ চৰত আমি নাও চপালো৷

(চাপৰিৰ ডাঙৰীয়াই আমাক ৰক্ষা কৰিব?)

…        …        …

ওপৰে তৰা

আমাৰ ম’হৰ ডিঙিৰ ঘণ্টাত ব্ৰহ্মাণ্ড-সঙ্গীত বাজে

আৰু এই-এয়েনেকি সেই বাঘটোৰ গোন্ধত উজাৰ খোৱা

ম’হৰ জাকৰ ঘণ্টাৰ আত্ৰাণি ?


ডকা ফুটা গোন্ধ, তৰা ফুলা গোন্ধ

ডকা ফুলা গোন্ধ, টকা ফুটা গোন্ধ!!!


নাৱৰ টিঙত শুই

তৰা আৰু বোকা একেলগে দেখি!

বাঘৰ গোজৰ ম’হৰ ঘণ্টা জলকুঁৱৰীৰ গীত

একেলগে বাজে বেসুৰা সুৰীয়াকৈ!!


ৰাতি দুপৰত

মনিৰ পৰাৰ সীমাৰ শেষত

নে চকুৰ মণিৰ ভিতৰ-ফালত

দুকুৰা জুয়ে অহা-যোৱা কৰে--নিৰন্তৰে৷

উকাৰ জুই--- যমৰ দুৱাৰত পহৰাদাৰ;

নহ’লে, আঁৰ-কপোৰ গুচাত-

সেয়ে বোধ কৰোঁ মোৰ মুখাগ্নিৰ জুই

"ভাতৃ অনল এহিসে ক্ষণত হৈবা কৰুণাময়”           

 “কিনো জুয়ে লগা চকু”


 “ভাবি চালে লিলিমাই এই জীৱনত একো নাই”


ৰাতি পুৱালত আমি নাও মেলিলোঁ৷ আৰু

(মোৰ হঠাত যেনেই লাগিল)

দুটা গঙা-চিলনীয়ে

কুঁৱলীৰ মাজত ঘূৰিবলৈ ল’লে৷

Share:

মন-কুঁৱলী সময় অজিৎ বৰুৱাৰ কবিতা


 মন- কুঁৱলী সময়      কবি:- অজিৎ বৰুৱা 

কাতি মাহৰ এটা ধোঁৱা ৰাতিপুৱা
কুঁৱলী গলি ভাঁহে।
এই পুৱা যেন অতীত জীৱন

(এবছৰ বয়সীয়া)
পুনৰ যাপন
কৰি উঠিলো । কাৰণ
যোৱা বছৰ এনে পুৱা
উঠিছিলোঁ নতুন হামিয়াই।
থকা নথকা এক পলকৰ দলঙত
সময় বন্ধ হৈ যায়। (?)....


এদিনাখন এটা ধেকুৰা কুকুৰে মুখত মঙহ লৈ

বুকুত খামোচ মাৰি ধৰি আছিল কামৰূপৰ মেপ নিনিয়া ভয়।


আৰু সংক্ষেপে,
সেই নীৰৱ গধূলি পথাৰৰ মাজত অকলে থিয় হোৱা
চাৰিওফালে পথাৰ পথাৰ
বুকুত খামোচ
দূৰৰ গাঁৱৰ পৰা গুণ গুণকৈ ধোঁৱা
উৰিছিল।

Share:

9.26.2020

9.25.2020