9.30.2020

হে অৰণ্য হে মহানগৰ নৱকান্ত বৰুৱা


হে অৰণ্য হে মহানগৰ 

কবি- নৱকান্ত বৰুৱা


কার্ফুৰ সময় হ’ল ।
সূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো
শুহি ল’লে ৰাতিৰ আকাশে ;
নিস্তব্ধ মৰণ নামে । নগৰীৰ ধমনীত কাৰো অনুভৱ
কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ
সৰীসৃপ-ক্রুৰ মৃত্যু... সর্পিল জীৱন ;
পলাতক দৈনন্দিন-নিয়ন-উজ্জল গধুলিৰ
ৰঙা নীলা শেতা মুখ
হেনা মধুমালা আৰু অলকানন্দাৰ......
পথ আৰু উপপথ গলি আৰু এভিনিউ
বোবা যন্ত্রণাত অন্ধকাৰ
পিচল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়
(পোহৰ পোহৰ ক’ত)
টেটুচেপা ট্রেফিকৰ দূৰৰ স্পন্দনে
ভয় আৰু আশ্বাসৰ জটিল উৎকন্ঠা আনে ;
(অৰণ্যত চকু জ্বলে বাঘ আৰু মেচেকাৰ)
জীৱন জীয়াই থাকে । তথাপি জীয়াই থাকে ।
আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ
অমৃতৰ পুত্র আমি
মৃত্যু স্নাতা হে মহানগৰ !
Share:

0 Comments:

Post a Comment

আপোনাৰ মন্তব্য দিয়ক