//Skip to content
'শুৱনি আমাৰ গাওঁখনি অতি' ১
কবি - অজিৎ বৰুৱা
ধানৰ ডাঙৰিৰ কোবাল সিৰসিৰনিয়ে মোৰ কাণৰ হাৰিয়াৰ পাৰত আছাৰে-- ওপৰত কুঁজী থেকেৰা,জলফাই আৰু অমৰাৰ পাতৰ অৰণ্যত তাৰ বিচিত্ৰ সিঞাৰ ।
বতাহৰ সুৰুঙাত চিলনী আইৰ পাখিৰ কোবৰ তৰংগ-দৈৰ্ঘ্য জুখি চাইছেনে শেনচোৱা ? চাওক আৰু আগলি কলাপাতক সম্বৰ্ধনা জনাওক !
"কোটোহা বাঁহৰ গুৰিৰ যি উঁই হাফলু তাতেহে মোৰ আত্মাৰ সন্তুষ্টি । আমাৰ মাইৰ যৌতুকত দিয়া আমাৰ ঘৰৰ প্ৰথম পিতলৰ কলহটোত যি কঁঠালৰ আঠাৰ লেও (যঁতৰৰ মালটো) সি মোৰ কঁকালৰ ঘামচিৰ লগৰীয়া--- মাজ ডাঙৰা পুখুৰীৰ পানীৰ ভৰ উঁই হাফলুৰ ভিজা শৃংগই কিমান লাঘৱ কৰে তাক মই বুজাম কিদৰে--- তুমি যে বন্ধু তপত ভাতত অভ্যস্ত।"
আমাৰ সকলোৰে এজমালি উত্তৰাধিকাৰ একমাত্ৰ আকাশখন চৌছিৰ কৰিবলৈ সকলোৰে অসামান্য পৰিশ্ৰম। পৃথিৱীৰ সকলো ভাষাই মোৰ উত্তৰাধিকাৰ । সকলো দাৰিদ্ৰ। কিন্তু---
"চ'ততে চকৰি,বহাগত বগৰী,জেঠতে আমনা ধান" চিৰকালে ৰ'ক । আমাৰ মাজ জহকালিৰ সপোনত ঘোঁৰাৰ চেঁকুৰে আৰু হুকুমৰ বিস্ফোৰণে তাক যেন নসলায় কোনোদিনে ।
0 Comments:
Post a Comment
আপোনাৰ মন্তব্য দিয়ক