সনন্ত তাঁতিৰ কেইটিমান জনপ্ৰিয় কবিতা
১) কাইলৈৰ দিনটো আমাৰ হ'ব
কাইলৈৰ দিনটো দিনটো আমাৰ হ'ব
কাইলৈৰ দিনটো সম্পূৰ্ণ আমাৰ হ'ব
দুখত ভাঁহিছোঁ আমি আজি
দগ্ধ হৈছো যন্ত্ৰনাত আমি আজি
অপমানিত হৈ মাটিত মিহলি গৈছো আমি আজি
আমাক সুখৰ পৰা আঁতৰাই থৈ
আমাৰ সৌভাগ্যৰ চাকি
নুমুৱাই দিছে
স্বেচ্ছাচাৰী ঘাতকসকলে আজি
কাইলৈৰ দিনটো দিনটো আমাৰ হ'ব
কাইলৈৰ দিনটো সম্পূৰ্ণ আমাৰ হ'ব
আমাৰ চোতালত উৰিব জয়ৰ পতাকা
বতাহত ভাঁহি আহিব কাইলৈ কোনো সুখৰ খবৰ
গোলাপ ৰজনীগন্ধা আৰু ক্রিছেন্ট-ইমামৰ সুগন্ধিৰে
ভৰি পৰিব আমাৰ সময়
স্বচ্ছ হ'ব দিনবোৰ কাইলৈ
অবিৰত যাত্ৰাৰ বাবে সাজু হ'ব আমাৰ বেদনাহীন
হৃদয়ৰ গভীৰ ভালপুৱাবোৰ কাইলৈ
আজি ৰোৱা পুলিবোৰ কাইলৈ বৃক্ষ হ'ব
জোন নামি আহিব আকাশৰ পৰা
চতিয়না গছত ফুলিব ফুল
কাইলৈৰ দিনটো আমাৰ হ'ব
কাইলৈৰ পৰা আৰু কেতিয়াও ন'হব
আমাৰ জীৱনৰ বাবে
কোনো পথৰ ভুল ।
কাইলৈৰ পৰা আঁতৰি যাব আমাৰ হৃদয়ৰ গভীৰ বেদনাবোৰ
কাইলৈৰ পৰা আঁতৰি যাব আমাৰ দুখৰ অবিশ্ৰান্ত বৰষুণজাক
কাইলৈৰ পৰা আমাৰ জীৱনৰ মেঘাচ্ছন্ন আকাশ স্বচ্ছ হ'ব
কাইলৈৰ পৰা ভয়ানক আতংকৰে ভৰা ৰাতিবোৰৰ মৃত্যু হ'ব
কাইলৈৰ দিনটো কেৱল কাইলৈৰ দিনটোৰ বাবে
আজি আমাৰ চৌদিশে জুই
কাইলৈৰ দিনটোৰ বাবে আমাৰ ভিতৰে ভিতৰে নিৰ্মাণ
কাইলৈৰ দিনটো কেৱল কাইলৈৰ দিনটোৰ বাবে
আমাৰ ভিতৰে ভিতৰে প্ৰস্তুতি
কাইলৈৰ দিনটো আমাৰ হ'ব
কাইলৈৰ দিনটো সম্পূৰ্ণ আমাৰ হ'ব
ৰাতিপুৱাৰ পৰা গধূলিলৈকে
গধূলিৰ পৰা ৰাতিপুৱালৈকে
আমি স্বাধীন হ'ম ।
কাইলৈৰ পৰা আমি মুকলি হ'ম
কাইলৈৰ পৰা অৱসান হ'ব
আমাৰ দুখৰ সকলো স্মৃতি
কাইলৈৰ দিনটো আমাৰ হ'ব
কাইলৈৰ পৰা সম্পূৰ্ণ স্বাধীনতাৰ বাহিৰে
নাথাকিব আন কোনো কথা ।
২) ভাষা
মোৰ দেউতাই দিয়া ভাষাটোক মোৰ আইৰ গৰ্ভত থৈ দিছিলো
আৰু মোৰ আয়ে দিয়া ভাষাটোক মই পৃথিৱীৰ গৰ্ভত থৈ দিছিলো
ইদাণীং শৰীৰতত্ববিদসকলে প্ৰকাশ কৰিছে
মোৰ হেনো নিজস্ব ভাষায়েই নাই
মাননীয় ভাষা পৰিষদ
আপাতত: মোক মানুহ হিচাবেই পৰিচয় দিয়ক
আপাতত: মোক মানুহ হিচাবে মানুহৰ ওচৰতে
যেনে সনন্ত পদবী তাঁতি জাতি মানুহ
বৰ্ণ ক’লা জন্মস্থান পৃথিৱী
আপাতত: মোৰ আই আৰু দেউতাই যা’তে গম নাপায়
মই কেৱল তেওঁলোকৰেই সন্তান নাছিলো
কাৰণ মোৰ দেউতাৰ কোনো নিজস্ব নাম নাই
মোৰ আইৰ কোনো নিজস্ব নাম নাই
মোৰ দেউতাৰ নাম পৃথিৱী মোৰ আইৰ নাম পৃথিৱী
আৰু মোৰ নাম সনন্ত চাহ-বাগিছাৰ ক’লা এটি লৰা সনন্ত
মাননীয় ভাষা পৰিষদ
আপাতত: মোক মানুহ হিচাবেই পৰিচয় দিয়ক
যেনে সনন্ত তাঁতি
বাসস্থান – সৌজন্য আৰু ৰুচিবোধ সৌন্দৰ্য আৰু স্বাধীনতাৰ অভ্যন্তৰত
চৰিত্ৰ – মানুহ
আকাংখা – পুঁজিবাদৰ পৰা সমাজতন্ত্ৰলৈ উত্তৰণৰ বাবে
জাগি উঠক বতাহ বতাহ আৰু বতাহ
মানুহৰ অভ্যন্তৰত মানুহৰ হৃদয়ত বতাহ
মোৰ দেউতাই দিয়া ভাষাটোক মোৰ আইৰ গৰ্ভত থৈ দিছিলো
আৰু মোৰ আয়ে দিয়া ভাষাটোক মই পৃথিৱীৰ গৰ্ভত থৈ দিছিলো
ইদাণীং ভাষাবিদসকলে মোৰ ভাষাৰ কাৰণে
জৰুৰী বৈঠক মাতি প্ৰতিবাদ কৰিছে
ইদাণীং শৰীৰতত্ববিদসকলে প্ৰকাশ কৰিছে
মোৰ হেনো নিজস্ব ভাষায়েই নাই
মাননীয় ভাষা পৰিষদ
আপাতত: মোক মানুহ হিচাবেই পৰিচয় দিয়ক
আপাতত: মোক মানুহ হিচাবে মানুহৰ ওচৰতে
৩)নৃশংস
সাতাইশ গৰাকীক মাৰি পেলোৱা হ’ল
তাৰ মাজতে পুৰুষ আছিল বাৰ গৰাকী
বাকীবোৰ শিশু আৰু তিৰোতা
প্ৰত্যক্ষদৰ্শীৰ মতে পাঁচটি কোলাৰ কেঁচুৱাও আছিল
টোপনিতে লালাকাল হৈ
প্ৰথমতে ঘেৰাও ক’ৰা হ’ল গাওঁখনক
তাৰপিছত ঘৰৰ দুৱাৰবোৰ ভাঙি
শোৱাপাটিৰ পৰা চোঁচৰাই অনা হ’ল মানুহবোৰক
লেম্পৰ পোহৰত জিলিকি উঠা শিশুবোৰৰ নিষ্পাপ মুখবোৰকো
আওকাণ কৰি খুনীবোৰে অবাধে চলালে গুলি
শিশুবোৰৰ নিষ্পাপ চকু আৰু কলিজাইদি ওলাই গ’ল বাৰুদেৰে
জ্বলি থকা গুলিবোৰ
তেজেৰে ক’লা হৈ পৰা মাটিৰ ওপৰত
ওৰেটো নিশা উৰি থাকিল মাখিবোৰ
জোনটো আঁতৰি গ’ল আকাশৰ পৰা
আকাশে কান্দিলে নৃশংসতাত
বেদনাগধূৰ হৈ ডাৱৰবোৰ ৰূপান্তৰিত হ’ল বৰষুণলৈ
মৰ্মান্তিক দৃশ্যবোৰ দেখি প্ৰত্যক্ষদৰ্শীসকলে একো নামাতিলে
মাথোঁ ৰুমালেৰে ঢাকি থলে নিজৰ মুখবোৰ
চিনাক্তকৰণৰ পিছত শ’বোৰৰ বিষয়ে জনা গ’ল এনেদৰে –
১ | বাৰ গৰাকী পুৰুষৰ আটায়ে আছিল ভূমিহীন আৰু স্বাধীনতাহীন মানুহ
২ | তিৰোতাবোৰ আছিল খাবলে’ নোপোৱা একোটি শিশুৰ আই
৩ | শিশুবোৰ আছিল মাথোঁ শিশু আৰু ফুল
৪)আমন্ত্ৰণ
তুমি মোৰ বুকুৰ ভিতৰলৈকে আহাঁ
আহাঁ মোৰ শব্দৰ গভীৰ উৎসলৈকে
উজাৰি দিয়া তোমাৰ ভালপোৱা
অকস্মাতে মোক তেজৰ ভিতৰতে
সম্ভৱতঃ তুমিয়েই মোৰ শেষ নিমন্ত্ৰিত অতিথি
যাপন কৰিবলে’ মোৰ শোকদগ্ধ জীৱন
তুমি মোৰ বুকুৰ ভিতৰলৈকে আহাঁ
বিজয় উৎসৱৰ বাবে মোক সাজু কৰি তোলা।
৫)তুমি অহাৰ দিনা
তুমি অহাৰ দিনা মই পিন্ধিছিলোঁ সেউজীয়া সপোনৰ চোলা।
আলিৰ দাঁতিত ঠিয় হৈছিলোঁ। চকুত আছিল তোমাক চাবলে’ গভীৰ হেঁপাহ।
বুকুত প্ৰস্ফুটিত হৈ আছিল এপাহ গোলাপ ফুল।
মোৰ বুকুখন ভাঙি ভাঙি মোৰ বুকুৰ ভিতৰতে সি ফুলি আছিল।
মোৰ স্নায়ুকোষবোৰক সচকিত কৰি প্ৰৱাহিত হৈ আছিল তাৰ
অস্ফুট বেদনা। তুমি অহাৰ দিনা দ্ৰৱীভূত হৈছিল মোৰ দুখবোৰ।
তুমি অহাৰ দিনা গছবোৰত ফুলি উঠিছিল ৰঙা সুগন্ধি ফুলবোৰ।
আৰু মই নিমজ্জিত হৈ আছিলোঁ ৰঙত। সুগন্ধিত ।
৬)বহুদিনৰ পাছত
বহুদিনৰ পাছত সিদিনা লগ পালোঁ নিজকে
হেণ্ডছেক কৰিলোঁ নিজৰ স’তে। হৃদয়ানুভুতিত সজল কৰিলোঁ নিজকে।
তেজ অকণমান উলিয়াই চালোঁ নিজৰ তেজৰ স’তে।
শব্দবোৰৰ স’তে মিলাই চালোঁ শব্দ।
বহুদিনৰ পাছত সিদিনা দেখিলোঁ নিজকে
জুই হৈ ছাই হৈ অতীত হৈ যোৱা নিজৰ ছবিৰ সতে মিলাই চালোঁ নিজকে ।
মিলাই চাঁওতে চাঁওতে টোপনি গ’লোঁ নিজৰ ছাঁত। সাৰ পাই দেখিলোঁ
গুচি গৈছে সময় বহূদূৰলৈ।
বহুদিনৰ পাছত সিদিনা দেখিলোঁ নিজকে।
হেণ্ডছেক কৰিলোঁ নিজৰ স’তে। হৃদানয়ানুভুতিত সজল কৰিলোঁ নিজকে।
অতীতৰ নিজৰ স’তে হাঁহিলোঁ খেলিলোঁ আৰু বিনিময় কৰিলোঁ দুখবোৰ ।
সনন্ত তাঁতী ছাৰ কবিতা “ তোমাৰ কিমান বৰণ আছে স্বাধীনতা ” এই কবিতাটো দিব নেকি কোনোবাই ৷ মোৰ Whatsapp no 8403997297
ReplyDelete