10.15.2020

নতুন অসমীয়া কবিতা Read New Assamese Poem


নমস্কাৰ, আজি আপোনালোকৰ বাবে আগঢ়াইছো দুগৰাকী নতুন কবিৰ কবিতা । 

১/

দেউতা~


দেউতা এনে এজন মানুহ, 


যি মোক হাঁহিবৰ  বাবে নিজৰ দুখবোৰ


লুকুৱাই ৰাখে। 


দেউতা এনে এজন মানুহ, 


যিজন মোৰ প্ৰথম আৰু প্ৰিয় নায়ক। 


দেউতা এনে এজন মানুহ, 


যিজনৰ  দুচকুত মোৰ সফলতাৰ সুখৰ


চকুলো বিৰিঙে। 


দেউতা এনে এজন মানুহ, 


যিজনে মোক সদায় বিশ্বাস কৰে। 


দেউতা এনে এজন মানুহ,


যিজনে মোক প্ৰতিটো বিপদত ৰক্ষা কৰে। 


দেউতা এনে এজন মানুহ, 


যিজনে মোক সঠিক পথৰ ঠিকানা দিয়ে। 


দেউতা এনে এজন মানুহ, 


যিজনৰ মৰম কেতিয়াও শেষ হৈ নাযায়৷


                                                      - উমা মল্লিক 


২/  

 ~বেদনাসিক্ত শৰীৰৰ




এই নিস্তব্ধ নিশা


পাৰ হৈ গ'ল কাহানিতে


সেইদিনাই সহি পৰিছিল অসংখ্য


চেঁচা বৰফৰ সৰু টুকুৰাৰ  দৰে


মোৰ দেহৰ সিৰে  সিৰে


প্ৰতি কোহে কোহে যেন


বাগৰি পৰিছিল বেদনাৰ আবৃত 


ঘোলা তেজৰ চেকুৰাবোৰ


মই মাথোঁ নিথৰ হৈ পৰিলো


এটি নিৰ্জীৱ পদাৰ্থৰ দৰে


অসংখ্য চুৰিৰ আঘাতৰ দৰে


হৃদয়ত তল মল কৰি গ'ল


ব্যথতাৰ সিক্ত জোৱাৰ......


কিযে অবাস্তব


নিসংগতাৰ চাদৰখনিয়ে যেন


আজি দেহৰ প্ৰতিটো ভাঁজে ভাঁজে


মেৰিয়াই ধৰে..... 


অজানিতে আহি খোঁজ দিছিল


দুখৰ দুৱাৰৰ সন্মুখত


এনে লাগিছে যেন


জীৱনৰ শেষ আশা আকাংক্ষাকণো


আজি ধূলিসাৎ হৈ যাব। 


                                           - শ্ৰদ্ধা দাস





কবিতাকেইটা পঢ়ি কেনে পালে জনাব আৰু এনেধৰণৰ কবিতা পঢ়িবৰ বাবে তলত দিয়া লিংকটোত গৈ পঢ়িব পাৰে 

https://www.assamesepoem.com/2020/10/top%205%20heart%20touching%20assamese%20poem.html?m=1








Share:

2 comments:

আপোনাৰ মন্তব্য দিয়ক