10.13.2020

Ashanta Electron(অশান্ত ইলেক্ট্ৰন) Assamese Short Story by Saurav Kumar Chaliha


অশান্ত ইলেকট্ৰন


ৰাতিপুৱা ৰবীন্দ্ৰ-সংগীতৰ সুৰত নিখিলৰ টোপনি ভাগিল৷ এটি আগেয়ে নুশুনা গান৷ কাণ দুখন অলপ সজাগ কৰি তাৰ কথাবোৰ বুজিবৰ সি এবাৰ ব্যৰ্থ চেষ্টা কৰিলে৷ চকু মেলি সি দেখিলে কোঠাত তাৰ স্বছ পোহৰ৷ খিৰিকিৰ ফুটাৰ ভিতৰেৰে বাহিৰৰ সূৰ্য্য-ৰশ্মি ভিতৰলৈ এটা সৰু ৰেখাৰে সোমাই আহিছে, ইতস্ততঃ বিক্ষিপ্ত ধূলিকণাৰ সহায়ত স্পষ্ট দেখা গৈছে তাৰ পথ৷ পোহৰৰ ঋজুৰেখ গতি....

সন্মুখৰ বেৰৰ কেলেণ্ডাৰৰ পৰা হাঁহি থকা গাভৰুগৰাকীয়ে তাক অভিনন্দন জনালে৷ টেবুল ফেনখনৰ ব্লেডকেইখনৰ পৰা প্ৰতিফলিত সূৰ্য্য-ৰশ্মিয়ে তাৰ চকুত চমক দি গ’ল৷ খিৰিকিখন সি হাত বঢ়াই মেলি দিলে৷ প্ৰতিবেশীৰ ঘৰৰ পৰা ভাঁহি আহিল লৰ ল’ৰাটোৰ শব্দ-ৰূপ মুখস্থ কৰাৰ ক্ষীণ শব্দ, নীল আকাশৰ পৰা ভাঁহি আহিল বগা মেঘৰ উছাস, সকলো তল পেলাই ভাঁহি আহিল ৰেডিঅ’টোৰ পৰা পুৱাৰ ৰবীন্দ্ৰ-সংগীত৷ তাৰ অকাৰণ পুলকৰ আনন্দোছাসৰ লগত সুকণ্ঠা গায়িকাৰ সংগীতৰ সুৰ দুটা সৰ্বসদৃশ হাৰ্মনিক ঢৌৰ দৰে মিলি গ’ল৷ চিগাৰেটডাল জ্বলাবলৈ মুখত দি হঠাৎ সি ৰৈ গ’ল দিয়াছেলাইটো এটা সৰু শব্দ কৰি বিছনাত বাগৰি পৰিল৷

যোৱা নিশাৰ কথা তাৰ মনত পৰিল৷ গাৰুৰ কাষত পৰি থকা চিনেমা আলোচনীখনলৈ সি এবাৰ বিতৃষাৰে চালে৷ তাতোকৈ বেছি বিতৃষ্ণাৰে সি চালে তাৰ তিতা কাপোৰবোৰলৈ, বিছনাখনলৈ৷ হঠাতে সুন্দৰ পুৱাটো তাৰ নষ্ট হৈ গ’ল, ব্যৰ্থ হৈ গ’ল৷ নতুন দিনৰ ৰবি-ৰশ্মিক কিয় সি জনাব নোৱাৰিলে তাৰ উষ্ণ অভিনন্দন? এটা হতাশা......

দৈনন্দিনতাৰ আৰম্ভণি৷ চাহকাপ আগবঢ়াই দি বৌৱে ক’লে. ‘আজি কিন্তু কাপোৰ কেইগজ আনি দিবই লাগিব! তুমি সদায় ফাঁকি দিয়া৷’

‘হুঁ’, নিতান্ত অন্যমনস্কভাৱে সি ক’লে৷ যোৱা ৰাতিৰ অভিজ্ঞতা তাৰ এতিয়া এটা বীভৎস অবাস্তৱ সপোন যেন বোধ হৈছে৷

‘হু’ নহয়, এতিয়াই পইচা লৈ ওলোৱা৷ ফ্ৰক দুটা কৰাই নহ’ব সোনকালে’

এৰা, বীভৎস৷ কিন্তু তাৰ কাৰণে নিজকে দায়ী কৰিবলৈ সি প্ৰস্তুত নহ’ল৷ অপৰাধ স্বীকাৰ কৰাত তোমাৰ আপত্তি কিয়? তুমি ইমান ভীৰু? এইখিনি নৈতিক সাহস তোমাৰ নাই?

‘ফ্ৰক?’ হঠাৎ তাৰ চমক ভাগিল৷ প্ৰশ্ন কৰিলে বিমূঢ়ৰ দৰে৷

‘কেলেই সোণটিহঁত নাহিব জানো পৰহিলৈ? বৌয়ে ক’লে, চকু দুটা অলপ ডাঙৰ কৰি, ‘ইলা- নীলাৰ কাৰণে’

অ’ হয়৷ তাৰ মনত পৰিছে৷ পৰহিলৈয়েতো সোণটি বাইদেউহঁত অহাৰ কথা৷ ইলা-নীলাৰ মুখ দুখন তাৰ চকুৰ সন্মুখত ভাঁহি উঠিল৷ সিহঁত এতিয়া আগতকৈ যথেষ্ট ডাঙৰ হ’ব পায়৷ এৰা, আগতকৈ বেছি মৰম লগাও হৈছে নিশ্চয়৷

‘অ’ বৌ, মোৰ ৰুমটো আজি অলপ থিতাপি লগাই দিব৷’

বৌৱেকে নাহাঁহি নোৱাৰিলে৷ নিখিলে ভয় খাইছে৷ ঘৰৰ এই বিশৃংখল অৱস্থা দেখিলে সোণটিয়ে তাক শুদাই নেৰিব৷

‘সেইটো হ’ব বাৰু৷ তুমি এতিয়া ওলোৱা৷’

‘ইমান ব্যস্ত হৈছে কিয়? সময়তো ঢেৰ আছে৷’

বৌৱে এটা অদ্ভত মুখভংগী কৰিলে৷ নিখিল হঠাৎ আচৰিত হ’ল৷ ব্যস্ততাটো কিহৰ হঠাৎ সি অনুভৱ কৰিলে৷ ইলা-নীলাৰ প্ৰতি আন্তৰিক মৰম প্ৰকাশ কৰিবলৈ বৌ ব্যস্ত হৈ উঠিছে৷ সি তাকে ভাবিলে৷

‘মনু থকা ঘৰটো আজি পৰিষ্কাৰ কৰিব লাগিব৷ সোণটিৰ আকৌ যিহে লাগি থকা স্বভাৱ! অলপ মলিয়ন পালেই হৈছে৷’

এইবুলি বৌৱে এটা সৰল হাঁহি মাৰিলে৷ নিখিল কি এটা স্কেপ্‌টিক্‌? হাঁহিটো সি সৰলভাৱে ল’ব নোৱাৰিলে কিয়? তাৰ মনত হ’ল এতিয়াই বৌৱে কঁকালত কাপোৰ বান্ধি বিমলাৰ হাতত বাঢ়নী তুলি দি ঘৰটো পৰিষ্কাৰ কৰাত লাগি যাব৷ সোণটি বাইদেৱে নিশ্চয় ক’ব যে দেউতাই দেখিব, তেওঁৰ জীয়েকৰ থকাৰ ব্যৱস্থাৰ কাৰণে বৌৱে নিজৰ ৰিহাখনত মকৰাৰ জাল লগাইছে, নিজৰ পুতেকক বিছনাত এৰি থৈ.... সোণটি-বাইদেউয়ে ক’ব যে মানুহক দেখুওৱা আন্তৰিকতাত ভোল  গৈ দেউতাই মনে মনে বৌৰ প্ৰশংসা কৰিব, শলাগ ল’ব৷ সোণটিৰ শুচি-বায়ুগ্ৰস্ততাৰ প্ৰতি তাৰ আগত এই যে সামান্য ইংগিত, তাৰ মাজত জানো এটা এৰাব নোৱাৰা কৰ্মভাৰৰ ইংগিত নাই?

অথবা হয়তো সি আজিকালি অত্যন্ত নীচ মনৰ হৈ গৈছে.... দেউতাৰ সেৱা-শুশ্ৰূষাৰ নামত বৌয়ে নিজৰ স্বাৰ্থ পূৰণ কৰি লৈছে, এই ভাৱটো সোণটি বাইদেউহঁতে কেতিয়া তাৰ মূৰত সুমুৱাই দিলে?

ছিঃ ছিঃ

‘ৰাণুৰ ঘা ডোখৰৰ কি হ’ল? বাৰ্ণল্‌ দিছেনে নাই আজি?’

‘দিছো৷ ঘাঁ ডোখৰ নুশুকুৱাতে পৰিল৷’

বৌৰ মুখত এডাল চিন্তাৰ ৰেখা৷ নিখিলে ভাবিলে, আন্তৰিক৷ স্বয়ংক্রিয় কাম এটাৰ দৰে বৌয়ে আৰু এটুকুৰা ৰুটি নিখিলৰ প্লেটলৈ আগবঢ়াই দিলে৷ নিখিলে দেখিলে, বৌৰ মুখৰ ভাবটো সঁচাকৈয়ে আন্তৰিকতাপূৰ্ণ৷ আগ্ৰহেৰে সি ৰুটিখনত কামোৰ দিলে৷...... কিহে বাৰু আনিলে এই পৰিৱৰ্তন?

‘ঘৰখনৰ পৰা বেমাৰ-আজাৰ নুগুচাত পৰিল৷ অ’, শুনিছা, নবীনৰ মাকৰ কালি ৰাতি হেনো বৰ টান গৈছে দুই নে আঢ়ৈ বজাত ডাক্তৰ আহিছিল৷’

‘হয় নেকি?’

‘ওঁ৷ একলাখ নে দুইলাখ কিবা পেনিচিলিন দিছে৷

অজ্ঞতাৰ স্বীকাৰোক্তি স্বৰূপে বৌৱে হাঁহিলে৷ পেনিচিলিন বস্তুটো যে লক্ষ লক্ষৰ হিচাপতহে চলে, এইটোও হয়তো বৌৰ কাৰণে এটা বুজিব নোৱাৰা কৌতুকৰ কথা৷ হাঁহিটো নিখিলৰ বৰ সুন্দৰ লাগিল, সৰল গাঁৱৰ ছোৱালী হৈ বৌৱে আত্মপ্ৰকাশ কৰিলে৷ আৰু এবাৰ স্বয়ংক্রিয়ভাৱে বৌৱে হাতখন আগবঢ়াই দিলে, গলৰ ভিতৰলৈ অসাৱধানভাৱে সোমাই যোৱা নিখিলৰ কামিজৰ কলাৰডাল উলিয়াই ঠিক কৰি দিলে৷ বৌৰ হাতৰ স্পৰ্শৰ পৰা চিগাৰেটৰ পেকেটটো কৌশলেৰে ৰক্ষা কৰি নিখিল উঠিল৷

কাহৰ শব্দ৷ শুকান কাহ৷ দেউতা টোপনিৰ পৰা উঠিছে৷ ৰাতি নিশ্চয় ভাল টোপনি হোৱা নাই৷ চকু দুটাই কয়৷ অসংখ্য চিন্তাত বৃদ্ধ ব্যতিব্যস্ত৷ খৰমৰ শব্দৰ লগত বৌৰ মেখেলাৰ দ্ৰুত খচ্‌খচ্‌শব্দত নিখিলৰ মনৰ পৰা লঘু ভাৱটো আকৌ নিমিষতে অদৃশ্য হৈ গ’ল৷ ‘অঃ ব্যস্ততাত বৌ তোমাৰ দেউতাই শুই উঠাৰ পৰাই আজৰি পোৱা নাই’, সোণটি বাইদেউৰ ব্যংগ যেন সি শুনা পালে......

....আকৌ, আকৌ নিখিল,- তুমি এই ঠেক মনৰ কথাবোৰ.... ঘটিটোত মুখ ধুবলৈ পানী দিয়াই আছিল, লৰালৰিকৈ আহি বৌয়ে তাতোকৈ অলপ ডাঙৰ ঘটি এটা বদলাই দি গ’ল-

‘মইনা৷’

সি কাষত গৈ থিয় হ’ল৷

‘বোৱাৰীৰ পৰা পইচা লৈ যা, মোৰ হোকাৰ নলীডাল বদলাই আনিবি৷ একেবাৰে নষ্ট হৈ গৈছে৷

‘বাৰু৷’

নলীডাল সঁচাকৈয়ে নষ্ট হৈ গৈছে৷ ক’লা ক’লা দাগ পৰিছে৷ গুৰ্‌গুৰিটোৰ গাটো মামৰে ধৰিবলৈ আৰম্ভ কৰিছে৷ চিলিমটোৰ কাণ ভাগি গৈছে৷ মুখত অসন্তোষ ফুটাই বৃদ্ধই ধপাত খাইছে৷ মাজে মাজে উচ্‌পিচাই উঠিছে; চকীখনৰ হাতল দুডালৰ প্ৰতি এটা বিৰক্তিজনক দৃষ্টি নিক্ষেপ কৰিছে৷ চকীত নিশ্চয় আকৌ উৰহ হৈছে৷ সিদিনা মাথোন উৰহবোৰ মাৰিছে বৌৱে গৰম পানী ঢালি৷

মনটো আকৌ ক্ষিপ্ত হৈ গ’ল৷ বৌৱে কৰিছে কি? নিজৰ অঘাইতং ল’ৰা-ছোৱালীকেইটাৰ পিছতে সকলো সময়তে ব্যস্ত৷

মূৰত তাৰ আন্দোলন চলিছে, নিজৰ ওপৰত এটা দাৰুণ ঘৃণা, যোৱানিশাৰ বীভৎসতা, বৌৱেকৰ ওপৰত এটা অসন্তোষ, হয়তো অহৈতুক..... হঠাতে সমস্ত চুবুৰীৰ প্ৰতি তাৰ মনত এটা দাৰুণ বিতৃষ্ণা উপজিল, স্বাৰ্থপৰ সুবিধাবাদী মানুহবোৰৰ মুখবোৰ হঠাৎ তাৰ চকুৰ সন্মুখেৰে ছায়াছবিৰ দৰে ভাঁহি গ’ল৷

‘বৌ, উৰহ আকৌ বাঢ়িছে হ’বলা, ডি-ডি-টি এবটল আনিব লাগিব আজি৷’ সি পাকঘৰলৈ সোমাই গ’ল৷

‘ডি-ডি-টি কোনো কামৰ নহয়৷ এব্‌ছলিডট্‌লি ইউজ্‌লেছ’, বিজ্ঞৰ সুৰত ক’লে ৰঞ্জনে৷ নিৰ্লিপ্তভাৱে সি এলান্ধুৰে  ক’লা বেৰকেইখন লক্ষ্য কৰিছে৷

‘তই ইমান পুৱাই ক’ৰ পৰা ওলালি?’

‘মটুৰ জ্বৰ কালিৰ পৰা, থাৰ্মমিটাৰডাল নিবলৈ আহিলো৷’

‘কি হৈছে?’

‘কিটো হ’ব আৰু! পানী লাগি জ্বৰ উঠিছে, তাৰ কাৰণেই এডাল থাৰ্মমিটাৰ লাগে৷’ তাৰ মুখত বিৰক্তি প্ৰকাশ পালে, পানী লগা জ্বৰক যে সি স্বীকাৰ কৰিবই নোখোজে, বেছ বুজা গ’ল৷

বৌক চিন্তিত দেখা গ’ল৷ ৰঞ্জনে স্পষ্ট বুজিলে, থাৰ্ম’মিটাৰডাল দিবলৈ বৌৱে ভাল পোৱা নাই৷ কি ঠিক, যদি ভাগি যায়, যদি হেৰাই যায়? ভদ্ৰতাৰ খাতিৰত নিশ্চয় তাৰ দাম বা বস্তুটো ঘূৰাই ল’ব নোৱাৰি৷ অথচ-

মটুৰ জ্বৰৰ খবৰ ল’বলৈ বৌৱে কণ্ঠত এটা আন্তৰিকতাৰ সুৰ আনিবলৈ চেষ্টা কৰিলে৷ সকলোৰে অলক্ষিতে নিখিলে মুখ বিকৃত কৰিলে আৰু ৰঞ্জন অলপ বিব্ৰত হৈ পৰিল৷

‘পাকঘৰটো বৰ আন্ধাৰ হৈছে৷’ ৰঞ্জনে পৰিস্থিতি ঘূৰাবৰ চেষ্টা কৰিলে৷ নিখিলৰ মতে ৰঞ্জন এটা ‘পেডাণ্ট্’৷ তাৰ প্ৰমাণ পোৱা গ’ল৷ ‘লাইটৰ ৰিফ্লেক্‌চনৰ মুঠেই সুবিধা নাই ইমান ক’লা হৈছে বেৰবোৰ৷’

‘এৰা ধোঁৱায়ো বৰ দিগ্‌দাৰ দিয়ে৷ চকুৰে পানী উলিয়াই এৰে৷’

‘ই মইনাই কৰিছে কি? সি মিস্ত্ৰী এটা মতাই আনি খিৰিকি দুখন অলপ ঠিক কৰি দিব নোৱাৰে৷’

নিখিলৰ প্ৰতি ৰঞ্জনে এটা কতৃত্বৰ দৃষ্টি নিক্ষেপ কৰিলে৷ পিৰা এখনত বহি ৰঞ্জনে নিস্পৃহভাৱে ভৰি দুখন মেলি দিলে৷ মটুৰ জ্বৰৰ কথাই তাৰ মনত অলপো প্ৰতিক্রিয়া কৰা নাই৷ সি অন্য কথা ভাবিছে৷ তাৰ হাতৰ চাহৰ কাপত সূৰ্য্য-ৰশ্মি প্ৰতিফলিত হৈছে৷

‘বৌ, এইপিনে চাওক৷ এই কাপটোৰ ভিতৰৰ চাহৰ ওপৰত এই কাৰ্ভ্‌ডাল দেখিছেনে?’

‘ক’তা? অ, অ, দেখিছোঁ৷

‘কিয় দেখা গৈছে জানেনে? এই মইনা, তই জান নে নাজান? ইয়াক কষ্টিক্‌ কাৰ্ভ কয়; চানলাইট যেতিয়া..’

‘কি কয়? কষ্টি’ বৌয়ে হাঁহি দিলে৷

‘হৈছে, তই বিদ্যা জাহিৰ কৰিব নালাগে৷ আমাৰ সেইবোৰ নুবুজিলেও চলিব৷’ নিখিলৰ মাতত বিৰক্তি প্ৰকাশ পালে, পুৱাৰ পৰাই তাৰ ‘মেজাজ’ বেয়া৷

‘এৰা, ক বুলিব নাজানো, ৰত্নাৱলী পঢ়িমগৈ৷ বৌৱে ক’লে, ‘মোৰ ঢেৰ কাম আছে পাই৷ সেইসোপা বুজিবলৈ নো আমাৰ সময় ক’ত?’

সময়ৰ অভাৱটো বৌয়ে বেছ বুজাই দিলে৷ মৈদাখন টানি আনি বৌৱে পাচলি কুটাত লাগি গ’ল৷ বৌৰ লঘু হাঁহিটোয়ে ৰঞ্জনৰ শেষ হৈ যোৱা উৎসাহ ঘূৰাই আনিব নোৱাৰিলে৷

‘আপোনালোকৰ কোনো কথাত দেখিছো আগ্ৰহ নাই৷ ই, মইনা, কেৱল দিনৰ দিনটো শুব বা ঘূৰিব৷ তই জহন্নামে গৈছে৷

‘মই জহন্নামে গৈছো৷ তোৰ কষ্টিক্‌ কাৰ্ভ্‌নে কি সেইডাল নুবুজাৰ কাৰণে?’ জনাৰ কাৰণে মানুহৰ এটা আগ্ৰহ থকা উচিত৷’

বিজ্ঞতাৰ প্ৰকাশ! বৌৱে মৈদাখনৰ পৰা মুখ তুলি ৰঞ্জনৰ পিনে চাই এটা বিদ্ৰূপৰ হাঁহি মাৰিলে৷ ৰঞ্জনৰ সেইটো গাতেই নালাগিল৷ নিখিল কিন্তু হঠাৎ ক্ষিপ্ত হৈ উঠিল৷ জনাৰ আগ্ৰহ! বহুত জানিছে সি, যিবোৰ হয়তো নজনাই ভাল আছিল৷ বহুত কদৰ্য্য কথা শিকিছে, বহুতে তাক জঘন্য বস্তু শিকাইছে৷ তাৰ ফল এতিয়া সি ভোগ কৰিছে৷ তাৰ জীৰ্ণ, ক্ষীণ দেহৰ পিনে চাই বৌয়ে বাৰু কি ভাবিছে? কি ভাবিছে তাৰ শালমইনাৰে ভৰি যোৱা মুখখনলৈ চাই?

‘ইগ্ন’ৰেঞ্চ’ সি লাহে লাহে ক’লে, ‘ইজ্‌এ ব্লেছিং৷’

‘তেতিয়া, যেতিয়া ইট্‌ ইজ্‌ ফুলিশ্‌ টু বি ৱাইজ৷’

নিখিল নিৰ্বাপিত হৈ গ’ল৷ কথাটো এনেকৈ কেতিয়াও সি ভাবি চোৱা নাই৷ প্ৰথমবাৰলৈ সি ৰঞ্জনৰ পিনে সপ্ৰশংস দৃষ্টিৰে চালে৷ দৃষ্টিটো ৰঞ্জনে দেখিলে নেকি? সি লৰালৰিকৈ চকু ঘূৰাই নিলে৷

‘বেছ হৈছে৷’ বৌৱে ক’লে, ‘দুইজন মিলিছা যেতিয়া হৈছে আৰু! আৰু কেই ঘণ্টা লেক্‌চাৰ চলিব তোমালোকৰ?’

বৃদ্ধৰ দৃষ্টি এৰাবৰ চেষ্টা কৰিলে ৰঞ্জনে৷ বৃদ্ধৰ দৃষ্টি কিন্তু সজাগ৷ সাংসাৰিক দু-চিন্তাই বৃদ্ধৰ দেহ দুৰ্বল কৰি আনিছে, চকুৰ দৃষ্টিও হয়তো ক্ষীণ হৈ গৈছে, তথাপি এতিয়াও বৃদ্ধক সহজে ফাঁকি দিয়া টান৷ ৰঞ্জনে মাজে মাজে অবাক হয়, কি দৃঢ় শৰীৰ৷ চলোতে চলোতে হয়তো বৃদ্ধ পৰি যাব খোজে, তথাপি পৰি নাযায়৷ তাৰ দুখ লাগে, মুখত তাৰ ব্যথাৰ চিন ফুটি উঠে, নিখিল হয়তো অলপ আচৰিত হয়, বৌ হয়তো অলপ বিব্ৰত হয়৷ ৰঞ্জনে সেইটো ঢাকিবৰ প্ৰাণপণে চেষ্টা কৰে, এটা কৌতুকৰ হাঁহি টানি আনে মুখত যেন সি আমোদ পাইছে, ফিচ্‌ফিচাই কয়, ‘আনষ্টেবল্‌ ইকুইলিব্ৰিয়াম্‌৷’

‘ৰঞ্জন নেকি?’

মূৰ খজুৱাই সি কাষত গৈ থিয় দিলে৷ মটুৰ জ্বৰৰ কথা ক’লে৷

‘তুমি কেতিয়া যাবা? ইউনিভাৰ্ছিটি খুলিব কেতিয়া?’

‘বাইশ তাৰিখে৷ মই ঊনৈশ তাৰিখে যামগৈ৷’

‘পঢ়াশুনা কৰিছানে নাই ভালকৈ? ফাৰ্ষ্ট ক্লাছ পাবই লাগিব৷ মইনাটোৰ তো একো নহ’লেই৷

মইনাই কাষৰ ৰুমত এটা নিশ্বাস এৰিলে৷ সি দুঃখিত, কিন্তু

‘তুমি ইয়াৰ মাজত এবাৰ শ্বিলঙলৈ যাব লাগিব৷ কিবা কাম আছে নেকি?’

‘শ্বিলঙলৈ?’

‘ধনৰ খবৰ লৈ আহিবা৷৷ কালি বাপৰ পৰা চিঠি পাইছোঁ, সি আকৌ খুব ভায়লেট্‌হৈছে৷ কালিয়েই যাব লাগিব তুমি৷’

বৃদ্ধৰ মুখত চিন্তাৰ ৰেখা৷ ৰঞ্জনে জনা কোনো কাৰ্ভৰ লগতে বৃদ্ধৰ চিন্তাক্লিষ্ট মুখৰ ৰেখাবোৰ সাদৃশ্য উলিওৱাৰ কথা তাৰ মনলৈ নাহিল৷ সি মাথোঁ অলপ চিন্তিত হৈ উঠিল৷

ধীৰভাৱে, অত্যন্ত প্ৰশান্তভাৱে নিখিলৰ দেউতাকে তাক সকলো কথা বুজাই দিলে৷ ধনৰ আজি প্ৰায় সাতমাহ পেৰালাইছিছ্‌৷ হঠাতে তাৰ মগজুত গোলমাল হয় প্ৰায় বলিয়া৷ দুঃচিন্তা, আতংক, হুলস্থল৷ তাৰ বলিয়ালি হেনো বাঢ়িছে৷ বদ্ধ নিজে যাবলৈ অসমৰ্থ, নিখিলৰ ইয়াতে বহুতো কাম আছে৷ কামৰ কথা তাৰ সুধ্বিৰ এবাৰ ইছা হ’ল, কিন্তু বৃদ্ধৰ মুখৰ পিনে চাই সি সাহ কৰিব নোৱাৰিলে৷ কামৰ ওপৰত তেখেত অত্যন্ত কুপিত৷

বৃদ্ধৰ মুখত প্ৰশান্তি, বৃদ্ধৰ মুখত উদ্বেগ৷ হাতবঢ়াই তেখেতে খবৰ কাগজখন আনি ল’লে, হাতবঢ়াই বিচাৰিলে  চছ্‌মাৰ কেছটো৷ ৰঞ্জনে দেখিলে, খেপিয়াই খেপিয়াই বৃদ্ধই হাতৰ কাষতে পৰি থকা চছ্‌মাযোৰ পোৱা নাই৷ অৰ্থাৎ, কাষৰ বস্তুটোক ভালকৈ মনিব পৰা নাই, যদিও বস্তুটো সৰু৷ অৰ্থাৎ, ৰঞ্জনে ভাবিলে, নিঃসন্দেহে তেখেতৰ চকুৰ একম’ডেশ্যন্‌কমি গৈছে৷ বুঢ়া বাপেকৰ এই অৱস্থা মইনাই কেনেকৈ নিৰ্বিকাৰভাৱে চাই আছে? সি এটা ‘হ’প্‌লেছ্‌ গুড্‌ ফৰ-নথিং’৷ কিবা এটাতো কৰাৰ দৰকাৰ৷

কিবা এটা নিশ্চয় কৰা দৰকাৰ, দেউতাকেও এই কথা ভাবে৷ বাৰ্ধক্যই তেখেতক অসহায় পংগু কৰি দিব বৃদ্ধই এই কথা মানিবলৈ ৰাজী নহয়৷ অথচ নিজ মুখে কেতিয়াও তেখেতে কাৰো ওচৰত কোনো অভিযোগ কৰা নাই, কোনো ৰকমৰ সুবিধাবাদ তেখেতে বুজি নাপায়, গতিকে ভূগিছে যথেষ্ট৷ টকা গৈছে অজস্ৰ, খৰচ দিছে প্ৰচুৰ, পাইছে নিতান্ত সামান্য৷ স্বাস্থ্য দিনে দিনে ভাঙি পৰিছে, ঘৰ দিনে দিনে ভাগি পৰিছে, মইনাৰ মাক কেতিয়াই ঢুকাইছে, বাপে খুব কমেই খবৰ-বাতৰি লয়, তাৰ ওপৰত এটা ৰুদ্ধ অসন্তোষ... অথচ বোৱাৰীক সেই বিষয়ে স্পষ্টভাৱে ক’বলৈও বৃদ্ধৰ মনে নকয়৷ পৰীক্ষাত ফেল কৰি আকৌ পৰীক্ষা দিব নে নিদিয়ে ঠিক নকৰাকৈ নিখিলে ক’ত জানো কি কৰি ফুৰিছে ঘৰৰ পিনে অকণো চকু নাই, ধনৰ মূৰৰ দোষ সকলোৰে ওপৰত৷ উপায় নাপাই সিদিনা মাটি এটুকুৰা বিক্রী কৰি দিছে... কোনেও যেন ভালকৈ দু-আষাৰ কথা পাতিব নোখোজে, সকলোৱে যেন বৃদ্ধক এৰাই চলিব খোজে, দুৰ্বল শৰীৰ, ক্ষীণ দৃষ্টিশক্তি লৈ বৃদ্ধই খবৰ-কাগজৰ পৰা পৃথিৱৰ স্পন্দনটো অনুভৱ কৰিবৰ চেষ্টা কৰে...

‘বেংক ষ্টপচ্‌ পেমেট..’

তৃতীয় পৃষ্ঠাৰ দ্বিতীয় কলমত উজ্জ্বল হেড্‌লাইট৷ চকুৰ দৃষ্টি হঠাৎ যেন আৰু অস্পষ্ট হৈ গ’ল, হঠাৎ যেন মূৰৰ ভিতৰত কিবা এটা বাজি উঠিল, সোঁ হাতৰ তলুৱাৰ পৰা তীব্ৰ যন্ত্ৰণা দি কীট এটাই আৰু অলপ তেজ খাই গ’ল৷ কোণৰ দু-মহলাৰ পৰা ভাঁহি আহিল চিলাইকলৰ অবিৰাম শব্দ...শব্দটো যেন বৃদ্ধই ঠিক বুজিব নোৱাৰিলে৷ ৰ’দৰ পোহৰ ক্রমে শেঁতা হৈ পৰিছে, কাষেৰে বোধকৰো বোৱাৰী গুচি গ’ল হাতত কিবা এখন লৈ, নাতি-নাতিনীহঁতৰ কলৰৱ শুনা গ’ল অদ্ভত দুৱাৰ মুখেৰে বোধকৰোঁ ওলাই গ’ল ৰঞ্জন আৰু মইনা৷

খিৰিকিৰ কাষত থিয় হ’ল ৰঞ্জন আৰু মইনা৷ সন্মুখৰ ঘৰৰ বাৰাণ্ডাত এড্‌ভ’কেটৰ জীয়েক নীৰু বেতৰ চকীখনত সপ্ৰতিভ হৈ বহিল৷ আই-এ পৰীক্ষাৰ পঢ়াৰ নামত কিতাপখন হাতত লৈ তাই মাথোঁ বাৰে বাৰে সিহঁতলৈ লুকাই লুকাই চাইছে৷ দেখিবলৈ তাই বেয়া নহয়, হাঁহিলে গালত টোল বহে৷ নিখিলে মাজে-মাজে তাইৰ দৃষ্টিৰ উৎপাতত পৰে, ৰঞ্জনে কয় ‘ককেট্ৰি’৷ আজি পুৱা তাইক দেখি নিখিলৰ হঠাৎ যেন খং উঠি গ’ল৷ বগা মেকুৰীজনী নীৰুৰ গাত জঁপিয়াই পৰিল, ৰঞ্জনে কোনোমতে হাঁহি সামৰিলে৷ নীৰু বেছি অপ্ৰতিভ হৈ পৰিল৷ ভিতৰৰ পৰা ওলালে তাইৰ বিবাহিতা বায়েক, কাষতে বহি ঊলৰ কামত ব্যস্ত হৈ পৰিল, নীৰু ব্যস্ত হৈ পৰিল তাইৰ কিতাপৰ মাজত...

‘দেউতাৰৰ আইচাইট্‌ ক্রমে বেয়া হৈ যাব ধৰিছে৷’

‘হু’৷

‘নন্‌চেন্স্‌৷ হুঁ মানে? তই কি কৰিছ? তোৰ কথা ভাবিলেই মোৰ খং উঠে৷ তই কিহত ধৰিছ? কিহে পাইছে তোক? ঘৰৰ লগত তোৰ সম্বন্ধ কি অকল ইকনমিক আৰু বায়লজিকেল?’

নিখিলে একো নক’লে৷

‘পৰীক্ষা দিবিনে নিদিয় এই বছৰ?’

এটা গোলমাল৷ সৰু ল’ৰা-ছোৱালীৰ পালটোৰ সশব্দে আগমন৷ ইলাৰ কোলাৰ পৰা সৰু ভায়েক পৰি গ’ল কান্দোন৷ কাঠৰ ঘোঁৰাটো লৈ ৰুণু আৰু ফুনুৰ মাজত টনাটনি লাগিছে৷ ফুনুৱে ৰুণুক এটা চৰ শোধাই দিলে৷ উচ্চতৰ কান্দোন৷

‘ছাইলেন্স্‌৷’ ৰঞ্জনে গৰ্জন কৰি উঠিল৷

এক মুহূৰ্তৰ নিস্তব্ধতা৷ তাৰ পিছতে পুনৰায় গোলমাল৷ সকলোৱে নতুন এটা স্ফূৰ্তি বিচাৰি পালে৷ সকলোৱে চিঞৰিলে ‘ছাইলেন্‌, ছাইলেন.....’

‘বুমাৰেং’, ৰঞ্জনে হাঁহিলে৷ নিখিলে হাঁহিলে জোৰ কৰি৷ এই সৰু সৰু ল’ৰা-ছোৱালীৰ দলটোৱে তাৰ নিৰ্বাপিত মনত কোনো প্ৰতিক্রিয়াই যেন কৰিব নোৱাৰিলে৷

নিজকে তাৰ এটা অপদাৰ্থ যেন লাগিল, যাৰ পৃথিৱীত কৰিব পৰা একো নাই, যিয়ে নিজকে নিজে ক্রমে নষ্ট কৰিছে৷ সন্মুখৰ বাটেৰে দুটা সৰু ল’ৰা দৌৰি গ’ল, দুয়ো মিলি চিলা উৰুৱাই দিলে৷ হালধীয়া কাগজ টুকুৰা লাহে লাহে বহু ওপৰ পালেগৈ, তাৰ ৰঙা নেজডাল বতাহত কঁপিব ধৰিলে৷ চিলাই কল এৰি দত্ত-গৃহিণী কিছু সময় সেই পিনে চাই থাকিল, এটা উপেক্ষাৰ দৃষ্টি নিক্ষেপ কৰিলে নীৰুৱে৷ ৰঞ্জনৰ মুখত লাহে লাহে এটা হাঁহি ফুটি উঠিল, তাৰ মনৰ ভিতৰত খেলা কৰিব ধৰিলে৷ কিছুমান সমীকৰণ, কিছুমান ডায়েগ্ৰাম্‌, পেৰেলেল’গ্ৰাম্‌অফ্‌ফ’ৰ্চেজ৷ চিলা উৰাৰ তথা এৰোপ্লেন উৰাৰ থিয়’ৰিটো তাৰ নিখিলক বুজাবৰ মন গ’ল, কিন্তু নিখিলৰ মুখখন দেখি তাৰ ইছা অদৃশ্য হৈ গ’ল৷

এটা বিৰক্তিৰ, ঘৃণাৰ দৃষ্টি নিখিলৰ মুখত ফুটি উঠিছে৷ চুবুৰীটোৰ মানুহবোৰ লাহে লাহে কৰ্মব্যস্ত হৈ উঠিছে৷ সি দেখিছে, আৰু সিহঁতৰ নীচ প্ৰকৃতি, সিহঁতৰ সুবিধাবাদ, সিহঁতৰ অৰ্থলোভী মনোবৃত্তিৰ কথা ভাবিছে৷ দহ দিন জ্বৰত পৰি আছে, সন্মুখৰ এড্‌ভ’কেট চাহাবে এদিনো খবৰ লোৱাৰ প্ৰয়োজনবোধ কৰা নাই৷ ভেঁটি খাই খাই দত্ত তথা দত্ত-গৃহিণী ফুলি উঠিছে৷ ব্লেকমাৰ্কেটত কেৰাচিন আৰু চি আই শ্বীটৰ কাৰবাৰ কৰি মহেন্দ্ৰ বৰা শইকীয়াই নতুন ডিজাইনৰ ঘৰ উঠোৱাত ব্যস্ত হৈ পৰিছে৷ ললিতৰ মাক সেই বুঢ়ীজনীয়ে ঘৰে-ঘৰে পৰচৰ্চা কৰি ঘূৰি ফুৰিছে৷ বটলত ডুবি গৈছে যুদ্ধকালীন কণ্ট্ৰেক্টৰ আৰু ইদানিং ৰহস্যময় খগেন দাস৷ চুবুৰীলৈ নতুন নতুন ৰেডিঅ’ আহিছে, উৎপাতত থকা নাযায়৷ নতুন নতুন ডি-ছট’ আৰু ফৰ্ডৰ চকাবোৰ ধীৰ, মন্থৰ গতিত ঘূৰি ঘূৰি চুবুৰীটোৰ গেৰেজবোৰৰ পৰা ওলাই গৈছে৷ বেংকৰ কেৰাণী ৰামবাবু, উকীলৰ মহৰী চণ্ডী কলিতাৰ আৰু তেওঁলোকৰ স্তৰৰ অৱস্থা ক্রমে ওলোটা পিনে ঢাল লৈছে৷ চণ্ডী কলিতাৰ সৰু ছোৱালীজনীৰ ফ্ৰকটো ছিগি গৈছে, বুকু ওলাই পৰিছে, সলাব পৰা নাই আজি তিনিমাহে....

ইন্দিৰা বৰুৱা বাটেদি গ’ল, প্ৰসাধন আৰু পৰিপাট্যৰ প্ৰতিমূৰ্তি৷ বিদ্ৰূপৰ দৃষ্টিৰে খিৰিকিৰে চালে মুক্তিয়াৰ ৰজনী শৰ্মাই৷ দত্ত-গৃহিণীয়ে এনেয়ে নাক কোঁচাই কলটো জোৰেৰে চলাই দিলে, থাৰ্ড ইয়াৰৰ অৱণীয়ে চিগাৰেট জ্বলোৱাৰ অচিলাত পাণৰ দোকানত থিয় হৈ পৰিল৷ ইন্দিৰাৰ বদনাম চুবুৰীত ক্রমে বাঢ়ি গৈছে...

চাদৰখন কান্ধত পেলাই প্ৰফেচৰ ভট্ট চাইকেলত উঠিল৷ ঝুনু দৌৰি আহিল, ফুটবল এটা আৰু পাম্প এটা লৈ৷

‘বলটো পাম্‌ কৰি দিয়ানা দাদা’, ৰঞ্জনক ক’লে জুনুয়ে৷ বগা হাফপেট পিন্ধা, ফুটবলৰ দৰে ফুলা গাল ঝুনুৰ৷ চাইকেলৰ পৰা নামিল কাষৰ মেছৰ মেনেজাৰ গিৰিজা শৰ্মা, স্বাস্থ্যবান, দামী ছুট পৰিহিত ভদ্ৰলোক৷ কাপোৰৰ দোকান দি ভদ্ৰলোক ধনী হৈ উঠিছে৷

‘জনু মোৰ লগত আহাঁ, মই দিছো পাম্ কৰি৷’ জুনু দৌৰি গ’ল গিৰিজাৰ লগত৷ চাইকেলখন খুজি ৰাখিলে নিখিলে৷ গিৰিজাৰ দৰে মানুহ এটাক খুজিবলৈ সি সদায় অনিছুক৷ কাষৰ মেছটোৰ মানুহবোৰ তাৰ সহ্য নহয়, কিবা ভালগাৰ যেন লাগে৷ তথাপি

চাইকেলত পাম্প নাই৷ ৰঞ্জনক এৰি সি গিৰিজাৰ পৰা পাম্পটো আনিবলৈ গ’ল৷ দুৱাৰ ভিতৰৰ পৰা বন্ধ৷ ভিতৰৰ পৰা জুনুৰ চিঞৰ৷ দুৱাৰত আঘাত৷ ঘৰ্মাক্ত কলেবৰ গিৰিজা ওলাই আহিল, বলটো মজিয়াত এৰি কান্দো কান্দো মুখে পেটৰ বুটাম মাৰি মাৰি ওলাই আহিল জুনু৷

‘অঃ, এইহ্!’

‘জহন্নামে যাক গোটেই চুবুৰীটো৷’ চক খাই দুৱাৰডলিত উজুটি খাই পৰিল৷ গিৰিজা শৰ্মা, সুন্দৰী স্ত্ৰীৰ স্বামী আৰু দুটা সন্তানৰ বাপেক৷

গিৰিজাৰ চৰিত্ৰ বিশ্লেষণ কৰিবলৈ গৈ সি বাৰে বাৰে থমক খাই ৰৈ গ’ল৷ সি নিজে কি? ফিজিচিয়ান, হিল্‌ দাইছেল্‌ফ...

দুমাহ আগৰ ঘটনা এটা তাৰ মনত পৰিল৷ কাষৰ ৰাম বাবুৰ খুলশালীয়েক তেতিয়া নতুনকৈ আহিছে৷ তাৰ লগত প্ৰায় দুসপ্তাহমানৰ পৰিচয়৷ এদিন সন্ধিয়া সি, সুৰুচিপৰায়ণ, ভদ্ৰলোক, দেৱাল পাৰ হ’ল জঁপিয়াই.... তথাপি, সি যে কিমান ভীৰু বুজিবলৈ তাৰ বাকী নাথাকিল, হঠাৎ সি ভয় খাই গ’ল, সি পলাল.....

নিৰঞ্জনে ক’লে ফ্ৰয়েডৰ কথা৷ দমিত বাসনাৰ প্ৰকাশ৷ হয়তো সেয়ে৷ ফ্ৰয়েড্‌, ফ্ৰয়েড্‌, ফ্ৰয়েড্‌! সি বলিয়া হৈ যাব৷ কিয়, এই যে চতুৰ্দিকে তাৰ অশ্লীলতাৰ প্ৰকাশ, কদৰ্য্যতাৰ প্ৰচাৰ, বাটৰ দুয়োকাষে চিত্ৰতাৰকাৰ ছবি, টেবুলবোৰত সিঁচৰতি যৌন-বিজ্ঞানৰ কিতাপ আৰু আলোচনী, স্ফীত-বুকু ইন্দিৰাৰ দলৰ বেঁকা দৃষ্টিপাত, এইবোৰ কি কোনো ধৰণেই তাৰ বিকাৰৰ কাৰণে দায়ী নহয়?

যতি বাবু আহি বহিল৷

‘ইটাৰেষ্টিং খবৰ! কামিনী শৰ্মাক পুলিচে আজি পুৱা এৰেষ্ট কৰিছে৷’

হাতৰ কাম পেলাই বৌ উঠি আহিল আগ্ৰহাতিশয্যত৷ ‘কেলেই, কেলেই, আটাইখিনি ভাঙি কোৱাঁচোন৷’

‘অপিয়াম স্মাগলিং; চোৰাং কানিৰ বেপাৰ ধৰা পৰিছে৷’

বিশিষ্ট ‘দেশপ্ৰেমিক’ৰ এই অৱস্থাৰ কথা শুনি বৌ আনন্দিত হৈ উঠিল, সকলো কথা জানিবৰ কাৰণে ব্যতিব্যস্ত কৰি তুলিলে৷ দেউতাই সিটো কোঠাৰ পৰা খবৰটো শুনিলে৷ কামিনী শৰ্মাই তেখেতে খুব ভালকৈ চিনি পায়৷ মনে মনে থাকিল৷ ‘ইহঁতেই আমাৰ সমাজৰ বৰমূৰীয়া৷ আটাইকেইখনতে কৰাপশ্ব্যন৷ এইটো অত্যন্ত স্বাভাৱিক, ধনতন্ত্ৰৰ মৃত্যুৰ সময়ত তাৰ পচা দেহৰ পৰা যি দুৰ্গন্ধ ওলাই এইবোৰ তাৰেই প্ৰকাশ৷’

নিখিলে মন্তব্য নকৰিলে৷ বৌৱে আগ্ৰহেৰে শুনি গ’ল, ঠিক নুবুজিলে যদিও৷

‘কেপিটেলিজম্‌’, ক’ৰবাত পোৱা লাইন এটাৰ পুনৰাবৃত্তি কৰিলে যতি বাবুয়ে, ‘ষ্টেণ্ড্‌চ্‌ অন্‌ ইটছ্‌ লাষ্ট্‌ লে’গছ্‌৷ এই দুৰ্নীতি আৰু কিমান দিন চলিব৷ মানুহৰ সহ্যৰো এটা সীমা আছে৷’ নিখিলে কৌতুক বোধ কৰিলে৷ যতি বাবু কি শেষ পৰ্যন্ত ভালকৈয়ে কমিউনিষ্ট হ’ল? অলপ অসন্তোষৰ ভাৱত সি তেওঁৰ ছিল্কৰ পাঞ্জাৱীটোলৈ লক্ষ্য কৰিলে৷ লক্ষ্য কৰিলে বৌৱেও৷ কমিউনিষ্ট (এই ধৰা আমাৰ মাজু বাইদেউৰ ল’ৰাটো)৷ মানে এটা বিশৃংখল চুলিৰে প্ৰায় মলিয়ন জীৱ, বৌৰ এনেকুৱা এটা ধাৰণা৷

‘আপোনাৰ মুখত কিন্তু কমিউনিষ্টক লেক্‌চাৰ শোভা নাপায়’, নিখিলে হাঁহি হাঁহি ক’লে৷

যতি বাবু অলপ ৰুষ্ট হ’ল৷ ইংগিতটো তেওঁ বুজি পালে৷

‘কমিউনিজমৰ উদ্দেশ্য ষ্টেণ্ডাৰ্ড অফ্‌লিভিং কমোৱাটো নহয়, বঢ়োৱাটোহে৷’

সুতৰাং নিখিল মনে মনে থাকিল৷ বাহিৰলৈ ওলাই সি চাঞ্চল্যটো অনুভৱ কৰিলে৷ আবেলি ইয়াকে লৈ এখন ৰাজহুৱা সভা, উৰা-বাতৰি আৰু গুণা-গথাঁ৷ চাহৰ দোকানত ‘আড্ডা’ এই লৈ ‘জমি’ উঠিছে৷ ছ’চিয়েলিষ্টবোৰ কৰ্মব্যস্ত হৈ পৰিছে, কামিনী শৰ্মাৰ উচিত শাস্তি দাবী কৰি জহৰকোট পিন্ধা ল’ৰাবোৰ প্ৰাচীৰ-পত্ৰ লগাই ফুৰিছে৷

‘ছ’চিয়েলিষ্টবোৰৰ কাণ্ড-কাৰখানা লুডিক্রাছ,’ যতি বাবুয়ে তাছিল্যৰ সুৰত এখন প্ৰাচীৰ পত্ৰলৈ আঙুলিয়ালে, ‘নৰ্দমাৰ ইঞ্চপেক্টৰো বোলা যায়৷ সৰু সৰু কথাত সিহঁতে গোলমাল কৰি খুব ভাল পায়৷ আচল কথাত ফাঁকি৷ বিপ্লবৰ কথা ক’লে জয়প্ৰকাশ মনে মনে থাকে৷ কানিৰ বেপাৰী এটা ধৰা পৰিলে সিহঁতে বিৰাট কাণ্ড এটা হোৱা যেন পায়, তাকে লৈ হূলস্থল কৰে, ইপিনে প্ৰতিটো লেবাৰ ষ্ট্ৰাইকতে বিট্ৰে কৰি সিহঁতৰ জয়ঢোল কোবায়৷’

যতি বাবুৰ বিষোদগাৰ, বৌৰ ভাষাত৷

নিখিলৰ ইছা হ’ল, তেওঁক কয়, আপোনালোকতো মস্কোৰ দালাল, কমিন্‌ফৰ্মে যি কয় তাকে আপোনালোকে কৰে, কানি-বেপাৰীৰ গোলমালত আপোনালোকৰ দৰে হাইব্ৰ’সকলে মূৰ ঘমাবই বা কিয়?

নিখিলে কি তাৰ মানে ছ’চিয়েলিষ্ট হৈ গ’ল হঠাৎ? সি নিজে নিজে হাঁহিলে৷

ৰাজনীতি এটা গোলমলীয়া বস্তু সি ভাবিলে৷ থাৰ্ড-ৰেট মানুহৰ কাৰবাৰ, কোনোবাই যেন ক’ৰবাত কৈছিলে৷ হয়তো সেয়ে৷

কণে কি ক’লেহেঁতেন?

হয়তো ক’লেহেঁতেন, কামিনী শৰ্মাক ৰাজআলিত গুলিয়াই মৰা উচিত৷ তাৰ বত্তৃতা হয়তো লাহে লাহে তীব্ৰ হৈ উঠিলহেঁতেন, লাহে লাহে আঁতৰি পলালহেঁতেন ‘দালালৰ দল’, (‘দালালকো হালাল কৰো!’), যতি বাবুৰ হয়তো লাহে লাহে অসহ্য হৈ উঠিলহেঁতেন তৰ্ক ক্রমে ক’ৰবাৰ পৰা ক’ৰবালৈ ঢাল ল’লেহেঁতেন এই সময়টো ‘বিপ্লৱী সময়’ হয় নে নহয়, নিৰ্বাচনত নমাটো এতিয়া মাৰ্ক্সীয় কথা হয়নে নহয়, আৰু শেষ পৰ্যন্ত ষ্টেলিনে বিশ্ব-বিপ্লৱৰ প্ৰতি কৰিলে বিশ্বাসঘাতকতা, নে ট্ৰট্‌স্কিয়ে কৰিলে জাৰ্মানীৰ গুপ্তচৰ-বৃত্তি?

কোনে বাৰু দেশৰ প্ৰকৃত মংগলৰ বাবে যুদ্ধ কৰিছে? নিখিল বিমূঢ় হয়, গোলমালত পৰে, তাৰ অজ্ঞতাৰ বাবে লজ্জিত হয়৷

অলপতে সি তাৰ মোমায়েকৰ ঘৰলৈ গৈছিল৷ উজনি অসমৰ চাহ-বাগিচাত তাকে মেনেজাৰ তাৰ মোমায়েক৷ সুন্দৰ পাৰিপাটি চাহ-গছৰ জোপোহাবোৰৰ মাজত সি অলপ নিশ্চিন্ত নীৰৱতা বিচাৰিছিল৷ কলঘৰৰ শব্দ, ঝুমুৰৰ শব্দ, লৰীবোৰৰ শব্দ, সুন্দৰ লাগিছিল৷ সি ভাবিছিল, খিৰিকিৰে টেলিগ্ৰাফৰ তাঁৰৰ ওপৰত বহা চৰাই চাই চাই সি কিতাপ পঢ়ি সময়খিনি কটাব দিব৷ পঢ়িব খুজিছিল সি পাতল লঘু সাহিত্য৷ যতিবাবুয়ে এখন দীঘল চিঠিৰে একপি ‘টু লীভছ এণ্ড এ বাড’ পঠিয়াই দিছিল, হাক্সলি আৰু হল ক্রে’নৰ লগতে সি সেইখনো বাকচত পেলাই থৈ দিছিল৷ সি পঢ়িছিল ভাৰ্জিনিয়া উল্‌ফ ‘জেকবছ ৰুম’, মেৰিডিথ আৰু হাৰ্ডি...

কিতাপবোৰ আৰু শেষ কৰা নহ’ল, চাহ-বাগিচাত অশান্তিয়ে দেখা দিলে৷ সি কৌতুহলবশতঃ পঢ়িবই লগীয়া হ’ল কমিউনিষ্টৰ প্ৰচাৰ পত্ৰ (মজুৰি বৃদ্ধি, উপযুক্ত আৱাসৰ দাবী, ফিটাৰ এজনৰ প্ৰতি গালিবৰ্ষণ, ইত্যাদি) ছপা, পঢ়িবলগীয়া হ’ল পঞ্চায়তী ইউনিয়নৰ সংগ্ৰামৰ আহ্বান চাইক্ল’ষ্টাইল, ছ’চিয়েলিষ্টৰ আপোচ প্ৰস্তাৱ লৰীৰ ওপৰৰ পৰা বত্তৃতা আৰু কাগজবোৰৰ নিজস্ব সংবাদাতাৰ বাতৰি৷ মোমায়েকৰ ঘৰ এদিন কুলীবোৰে আগুৰি ধৰিলে, চাহাবক কোনে জানো মাৰ-ধৰ কৰিলে, ছ’চিয়েলিষ্ট আৰু কমিউনিষ্টে পৰস্পৰে-পৰস্পৰক গালি পাৰিলে, সভা হ’ল কুলীবোৰৰ সভা বহিল ব’ৰ্ডৰ পুলিচ আহিল, গুলী চলিল, মিলিটাৰী আহিল, মন্তব্য আৰু বিবৃতি, গ্ৰেপ্তাৰ আৰু বহিষ্কাৰ, এনকোৱাৰী কমিটি আৰু ট্ৰিবিউনেল.....

সি গুচি আহিল৷ শান্তি ক’ত পৃথিৱীত? পৃথিৱীৰ সকলো ঠাইতে ‘শোষিত জনতা’ৰ (যতি বাবুৰ প্ৰিয় শব্দ) সংগ্ৰাম চলিছে যতি বাবুয়ে ক’লে, অসমেই বা বাদ যাব কিয়? বৰং পাৰিপাৰ্শ্বিক অৱস্থা চাই অসমত হেনো আৰু বেছি বেগে আন্দোলন চলা উচিত আছিল৷

যতি বাবুয়ে ক’লে, আন্দোলন সংগ্ৰামৰ প্ৰস্তুতি৷ দেউতাই ক’লে, ‘ল-লেছ্‌ এলিমেণ্টছ’ (তেখেতৰ খবৰৰ কাগজৰ সম্পাদকীয় দ্ৰষ্টব্য) কণে কৈছিল বৌৰ আগত, আমি এটা ৰিভলিউশ্যনাৰী পিৰিয়ডৰ মাজেৰে যাব ধৰিছোঁ, এইবোৰ তাৰেই অভিব্যক্তি৷ ৰঞ্জন তাৰ ডিফাৰেঞ্চিয়েল ইকুৱেচনৰ মাজত ডুবি আছিল, বৌৱে ভাবিছিল ৰুণুৰ পেটৰ অসুখৰ কথা৷

কণ আজি পুলিচৰ দৃষ্টি এৰাই পলাই ফুৰিছে, যতি বাবুয়ে পাণ্ডিত্যপূৰ্ণ কথা কৈ ঘূৰি ফুৰিছে, জহৰলালে এসোপা পৰিকল্পনাৰ কথা ক’ব ধৰিছে, ছ’চিয়েলিষ্টৰ প্ৰকোপত বাটৰ দেৱালবোৰত কাগজৰ বাহিৰে আৰু একো দেখাই নোযোৱা হৈছে৷

কি বিচাৰিছে মানুহবোৰে? অত্যন্ত সহজ কথা, খাবলৈ বিচাৰিছে, মানুহৰ দৰে জীয়াই থকাৰ অধিকাৰ বিচাৰিছে৷ বেছ, কিন্তু ইমান দলাদলি আৰু জটিলতা কিয়?

যতি বাবুয়ে ক’লে, ‘মাফ কৰিবা, তুমি এটা নেইভ্‌৷’

খুব সম্ভৱ৷ হয়তো ৰঞ্জনো সেয়ে৷ মানিবলৈ কিন্তু ৰঞ্জন ৰাজী নহ’ল৷ সি সমস্ত ৰাজনৈতিক দলক গালি পাৰিলে, সকলোকে প্ৰশংসাও কৰিলে এদিন যুক্ত বিবৃতি এটা দেখি৷ যতিবাবুয়ে তাক বুজাব খুজিলে, ৰাজনৈতিক দলবোৰৰ মাজৰ গণ্ডগোল আৰু মতানৈক্যৰ মূল কথা আৰু কাৰণবোৰ৷ ৰঞ্জনে ক’লে, ‘ৰ’ব৷ এটা এটমৰ কথা ভাবক৷ তাৰ কেন্দ্ৰত পজিটিভ্‌চাৰ্জ৷ তাৰ চাৰিওপিনে ঘূৰিছে নিগেটিভ চাৰ্জ৷ প্ৰ’টন আৰু ইলেক্ট্ৰন৷ দুয়োৰে উপৰিও আছে নিউট্ৰন, চাৰ্জ বিহীন কণিকা৷ দুনিয়াত ভাল আছে, বেয়া আছে; শুদ্ধ আছে, অশুদ্ধ আছে, তাৰ উপৰিও আছে নিৰপেক্ষবোৰ নিউট্ৰন, যাক ক’ব পাৰি নিউট্ৰেল৷ প্ৰতিটো বস্তুৰে দুটা ফাল আছে, এটমৰ পৰাই চাওক৷ ৰাজনৈতিক পাৰ্টিয়ে বা বাদ যাব কিয়? মানুহেই বা বাদ যাব কিয়? সমাজখনেই বা এৰি থ’ব কেনেকৈ? শক্তি আৰু প্ৰতিশক্তিৰ অসংখ্য জটিলতা আছে, এটমৰ পৰা আৰম্ভ কৰি সকলোতে?’

‘মানিছো৷ যতিবাবুয়ে তাৰ উদ্দেশ্য ঠিক ধৰিব পৰা নাই৷

‘আপুনি মোক কন্‌ভাৰ্ট্‌ কৰিব খুজিছে (যতি বাবুয়ে প্ৰবল বেগে মূৰ জোঁকাৰিলে, কিন্তু ৰঞ্জনে কৈ গ’ল)৷ ভাল কথা৷ কিন্তু প্ৰ’টন আৰু ইলেক্ট্ৰনৰ পাৰ্থক্য কিয়, তাৰ কাৰণ কি, এইবোৰ লৈ যদি মই মূৰ নঘমাওঁ, আপোনাৰ তাত  আপত্তি আছে জানো?’

‘ঠিক বুজা নাই মই আপুনি কি ক’ব খুজিছে৷’

‘বুজিব৷ পাৰ্থক্যটো মই মানি লৈছোঁ, কিন্তু তাৰ কাৰণে থিছিছ্‌ লিখাৰ প্ৰয়োজন মই বোধ কৰা নাই, আপুনি কৰে নেকি মই নাজানো৷ সিহঁতৰ বিৰোধৰ পৰা কিছুমান সত্য আমাৰ আগত ওলাই আছে ফেক্টছ আছে, ফিগাৰ্ছ আছে৷

তাৰ ওপৰত ভিত্তি কৰি আমি, ধৰক ৰেডিঅ’ৰ ভাল্‌ভবোৰ ডিজাইন কৰিছোঁ৷ মনত ৰাখিব, ইলেক্ট্ন আৰু প্ৰ’টন লাখে লাখে পোৱা যায় অতি অলপ বস্তুতে, এটোপা পানীত যিমান এটমেই আছে সিমান টেনিছ বলেৰে গোটেই পৃথিৱী পূৰ কৰিব পাৰি৷ গতিকে, বিৰাট এটা জনসংখ্যাৰ দৰে ইলেক্টৰনৰ নিয়মো পুৰা মাত্ৰেই ষ্টেটিছ্‌টিকেল৷ তাৰ ভিত্তিত, এই ব্ৰেড ষ্টেটিছটিকেল্‌লবোৰৰ বেছিছত সিহঁতৰ বিৰোধৰ, সিহঁতৰ কনট্ৰাডিক্সনৰ মাজলৈ নগৈ যদি মই আপোনাক নতুন এটা ভাল্‌ভ্‌দিব পাৰোঁ যিটোয়ে (বিজ্ঞতাৰ পাৰাকাষ্ঠা, পেডাটিচিজিম্‌ লেট্‌ লুজ নিখিলে হাঁহি দিলে) এম্‌প্লিফিকেশ্ব্যন বঢ়াব, ফাইডেলিটী বঢ়াব, আপোনাৰ জানো তাত আপত্তি থাকিব কিবা?’

‘নিশ্চয় নাথাকে৷ কিন্তু’

‘মই তাকেই ক’ব বিচাৰিছোঁ৷

‘ঠিক নুবুজিলো’, যতি বাবুক বিব্ৰত দেখা গ’ল ‘অৱশ্যে আপোনাৰ আগৰ কথাখিনি এড্‌মিৰেবলি ডায়ালেক্টিকেল্‌৷ সেইবুলি’

‘মোৰ আৰু একো ক’বলগীয়া নাই৷ ভালকৈ কথাটো ভাবি চাওঁক৷’

যতি বাবুয়ে কি ভাবিলে বুজা নগ’ল, হয়তো তেওঁ ৰঞ্জনক আৰু বুজাবৰ চেষ্টা নকৰাই ভাল বুলি ভাবিলে, তাৰ বক্তব্যৰ পৰা ৰঞ্জন ঠিক যে কি তেওঁ একো বুজিব নোৱাৰিলে৷ পলায়নবাদী নে বিকৃত মস্তিস্ক? (‘আই মিন্‌ পাৰ্ভাৰ্টেড৷’

কোন কি ভাবত ঘূৰিছে? হঠাৎ তাৰ চমক ভাগিল৷ কাষেদি এদল কলেজীয়া ছোৱালী পাৰ হৈ গ’ল৷ সি যান্ত্ৰিকভাৱে চালে৷ হয়তো তাৰ চকুত এটা লুব্ধ দৃষ্টি ফুটি উঠিল, সি লাজ পালে৷ ঘৰৰ কাষত আহি হঠাৎ সি অনুভৱ কৰিলে, আকৌ সি বিকাৰগ্ৰস্ত হৈ পৰিছে ইতিমধ্যেই৷ তাৰ চকুৰ দৃষ্টি অনুসৰণ কৰি যতিবাবুয়ে দেখিলে দেৱালত হলিউডৰ গ্লেমাৰ-গাৰ্লৰ ছবি৷ কুৰুচিৰ প্ৰতিমূৰ্তি! ছাউথ ছী আইলেণ্ডৰ ৰোমাঞ্চকৰ কাহিনীৰ নামত অশ্লীলতাৰ প্ৰচাৰ৷ ‘চিনেমা, থিয়েটাৰ, সাহিত্য, ৰেডিঅ’ সকলোৰে যোগেদি মানুহৰ ৰুচিক নমাই দিয়াই হৈছে পুঁজিবাদীসকলৰ উদ্দেশ্য৷ মানুহে যাতে বিপ্লৱী ভাৱধাৰাৰ পৰা আঁতৰি থাকিব পাৰে, মানুহৰ মাজত যাতে মিলিটেণ্ট মনোবৃত্তি সোমাব নোৱাৰে, তাৰ কাৰণেই এইবোৰ ডাইভাৰ্ছনৰ ব্যৱস্থা কৰিছে কেপিটেলিষ্টৰ হলিউডে৷’ যতিবাবুয়ে ক’লে৷

কথাটো তাৰ মনত লাগিল যেন কমিউনিষ্ট প্ৰপাগাণ্ডাৰ এটা বেছ জোৰ থকা কথা৷ প্ৰতিবাদ কৰিবলৈ অৱশ্যে সি সাহস নকৰিলে৷ নীৰুৰ কথা তাৰ মনত পৰিল, শ্বিলঙৰ সেই খাছীয়ানীৰ কথা তাৰ মনত পৰিল৷ মনত পৰিল কেনেকৈ চোৱা-চুৰি কৰা অপৰাধত মহিবুল্লা মাষ্টৰে জীয়েকজনীক এদিন খুব কোবালে আৰু কেনেকৈ তাৰ পিছদিনাৰ পৰা খিৰিকিখন বন্ধ হৈ গ’ল৷ সমাজ ব্যৱস্থা এটাক পূৰ্ণাংগভাৱে দোষ দিয়াটো তাৰ এটা হাস্যকৰ কথা যেন লাগিল৷ নিজৰ অদ্ভত চিন্তাধাৰাৰ আৰু বলিয়াৰ দৰে ভাববোৰৰ কাৰণে সি কাক দায়ী কৰিব বাৰু? যতি বাবুৰ কথাই মানি ল’ব? ফ্ৰয়েডৰ ‘সুস্থ মনৰ’ পৰা কমিউনিষ্টবোৰৰ ‘সুস্থ সমাজ’লৈ জঁপিয়াই যাব? যতি বাবুয়ে ক’লে, ‘মানুহৰ মন তাৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰশীল’

পাৰিপাৰ্শ্বিকতাৰ ওপৰত! সিহঁতৰ চুবুৰীটো!

এৰা, কথাটো হয়তো সঁচা..৷ তথাপি এটা অদৃশ্য শক্তিৰ বিৰুদ্ধে সি নিষ্ফল আক্রোশত দাঁত কামুৰিলে, যতি বাবুৰ দৰে সৰলভাৱে বিশ্লেষণ কৰি চিন্তা কৰিব নোৱাৰাৰ কাৰণে নিজৰ ওপৰতে খং উঠিল৷ সি আশ্ৰয় বিচাৰিলে, সি সিহঁতৰ সকলোকে দোষৰ ভাগী কৰিলে, তাৰ খিৰিকিখনৰ পৰ্দা টানি দি তাৰ কান্দিবৰ মন গ’ল... বলিয়াৰ দৰে সি ভাবিলে, বিকৃতভাৱে ভাবিলে, মাখনীৰ চিঠিবোৰ সি পুৰি পেলালে, চিগাৰেট পুৰিলে অসংখ্য, ধোঁৱাবোৰৰ পিনে চাই চাই সি অৱশেষত আত্মপ্ৰকাশ লাভ কৰিলে... সি যেন স্থিৰ মনেৰে এটা স্থিৰ সিদ্ধান্তত উপনীত হ’ল... সিহঁতৰ সকলোকে সি নাকচ কৰিলে

She also lieth in wait as for a prey, and increaseth the transressors among men... her house is the way to hell, going down to the chambers of death...

ইটাৰেষ্টিং কাণ্ড!’ হঠাৎ যতি বাবুয়ে চিঞৰি দিলে, ‘তেতিয়াৰ কাগজখন ইয়াৰ পৰা কোনে এৰুৱাই দিলে?’

এৰা, কামিনী শৰ্মাৰ ঘটনাৰ সম্পৰ্কত মাৰি দিয়া কাগজখন কোনোবাই ফালি পেলাইছে৷ হলিউডৰ ছোৱালীজনীৰ ছবিখন তাৰ ফলা অংশৰ কাষত শত্ৰুহীনভাৱে জিলিকি আছে৷

‘পুলিচে ফালিলে’, পাণ দোকানীটোৱে ক’লে, নিখিলক চিগাৰেটৰ পেকেটটো দি৷ যতি বাবুয়ে নিখিললৈ এটা দৃষ্টিপাত কৰিলে, যেন কথাটোয়ে সমাজ-ব্যৱস্থাৰ সকলো ভিতৰুৱা কথা হঠাৎ উদ্‌ঘাটন কৰি দিলে৷

‘গ্লেমাৰ গাৰ্লক কিন্তু পুলিচেও ভাল পায়?’

যতি বাবুৰ হাঁহিটো নিখিলৰ অত্যন্ত বিসদৃশ যেন লাগিল, হাস্যৰসটো সি ঠিক যেন উপভোগ কৰিব নোৱাৰিলে৷ পাণ দোকানীয়ে হয়তো বুজিলে, সি তাৰ তামোলৰে ৰঙা দাঁত দুপাৰি উলিয়াই হাঁহি দিলে৷

যতি বাবুৰ মুখৰ ভাবটো লাহে লাহে অন্তৰ্হিত হৈ গ’ল৷ ষ্টেশ্যনাৰী দোকানৰ ফ্ল’ৰচেণ্ট লাইটৰ তলত যতি বাবুক নিখিলৰ বেয়া নালাগিল, স্ত্ৰী-গত প্ৰাণ সংসাৰী ভদ্ৰলোক যেন বোধ হ’ল৷ ঘৈণীয়েকৰ কাৰণে যতি বাবুয়ে টুকটাককৈ বস্তু কিনিব আৰম্ভ কৰিলে নিখিলৰ মনত ভাব হ’ল তেওঁৰ মুখত কোমল ভাব এটা ফুটি উঠিছে৷

যতি বাবুৰো এখন সংসাৰ আছে! পকেটমাৰ, পণ্ডিত, সন্ত্ৰাসবাদী, লম্পট, কমিউনিষ্ট, পুঁজিপতি সকলোৱে সংসাৰ কৰে, কথাটো আচৰিত যেন লাগিল৷ ৰঞ্জনে কৈছিল, এটা অৱলম্বন, এটা মন লগাব পৰা কিবা, এটা দায়িত্ব পালন কৰাৰ ‘অকুপেশ্ব্যন’ তাৰ কাৰণেই হয়তো মানুহে সংসাৰ কৰে৷ মাৰ্ক্সেও সংসাৰ কৰিছিল, যতি বাবুয়ে কি কথাটো নিতান্ত জৈৱিক দৃষ্টি কোণৰ পৰা বিচাৰ কৰিব, সি ভাবিলে৷ ৰঞ্জনে কৈছিল, তাৰ ‘থিয়’ৰি’ সি প্ৰমাণ কৰিব নোখোজে, কিন্তু সেইটো তাৰ এটা বিশ্বাস, হয়তো অদ্ভত বিশ্বাস৷ মেঘত যে পানীৰ কণিকাবোৰ আছে সিহঁতৰো সহজ গঠনৰ কাৰণে লাগে এটা সূক্ষ্ম ধূলিকণা, এটা নিউক্লিয়াছ, এটা ইলেক্ট্ৰন, এটা অৱলম্বন মিলিকানৰ ইলক্ট্ৰনিক চাৰ্জ নিৰ্ণয়ৰ পদ্ধতি বুজাব খোজোঁতে ৰঞ্জনে দাৰ্শনিকৰ দৰে মন্তব্য কৰিছিল৷ এটা স্থিৰতাৰ কাৰণে, গঠনৰ কাৰণে, এটা ভিত্তিৰ দৰকাৰ৷ ৱিলছন-ক্লাউড্‌চেম্বাৰতো ইলেক্ট্ ৰনৰ ওপৰত নিয়ৰৰ কণিকা গঠিত হৈছে, একেই কথা, এটা অৱলম্বন, চলাৰ পথত কিবা এটা, এখন সংসাৰ, এগৰাকী স্ত্ৰী, ৰাজনীতি, গণিত বা ভায়’লিন...

নিতান্ত দ্ৰুত সিদ্ধান্ত, দায়িত্বজ্ঞানহীন সিদ্ধান্ত নিখিলে ভাবিছিল৷

‘পুত্ৰাৰ্থে ক্রিয়তে ভাৰ্য্যা’ মন্তব্য কৰিছিল নিৰঞ্জনে, মুখত তাৰ বিদ্ৰূপৰ হাঁহি৷ প্ৰতিবাদ কৰিছিল যতি বাবুয়ে, আমাৰ পুৰণি প্ৰতিক্রিয়াশীল দাৰ্শনিক আৰু তেওঁলোকৰ শাস্ত্ৰবোৰৰ ওপৰত তীব্ৰ সমালোচনা চলাইছিল৷ ধন-তন্ত্ৰত যে নাৰীৰ মুক্তি নাই, সমাজতন্ত্ৰত যে নাৰী মহীয়সী হৈ উঠিব কথাখিনি কিন্তু সেইদিনা বৌৰ বৰ ভাল লাগিছিল, বৌৰ কথাৰ পৰা বেছ বুজা গৈছিল৷

...... চিন্তাৰ ঢৌত সন্ধিয়াটো ভাঁহি গ’ল৷

ঘৰ৷ এটা অস্বস্তিকৰ নীৰৱতা৷ দেউতা শুলে নেকি? দেউতাৰ কোঠাৰ লাইট নুমাই থোৱা আছে৷ অস্পষ্ট এটা অৰ্কেষ্ট্ৰা ভাঁহি আহিছে কাষৰ মেছটোৰ পৰা৷ দুৱাৰত সি প্ৰায় উজুটি খাই পৰিল৷ দিনটোৰ কামৰ ভাগৰত বিমলাজনীয়ে দুৱাৰডলিতে বেৰত মূৰ থৈ আধা টোপনিত পৰিছে৷ সি চক্‌খাই ভাবিলে, দেউতাই গণ্ডগোলত সাৰ পালে নেকি? এডভ’কেটৰ ঘৰৰ পৰা বাহিৰৰ বাৰাণ্ডাৰ লাইটবোৰৰ পোহৰ আহি দুৱাৰমুখত পৰিছে, বিমলাৰ শুই থকা মূৰ্তিটো অস্পষ্ট দেখা গৈছে, নীৰুৰ পঢ়া কোঠাৰ খিৰিকিৰ কাঁচৰ মাজেৰে পোহৰ দেখা গৈছে, তাই নিশ্চয় পৰীক্ষাৰ কাৰণে খুব পঢ়িছে.... দেউতাই সাৰ পোৱা নাইতো? কোনো শব্দ নাই, নিশ্চয় সাৰ পোৱা নাই৷ হাতত সাৰে ভৰিত সাৰে সি কোঠাটো পাৰ হ’ল দেউতাৰ কোঠালিৰ পৰ্দাখনৰ পিনে এবাৰ দৃষ্টিপাত কৰিলে৷ দেউতা নিশ্চয় শুইছে৷ অত্যাধিক ৰক্তচাপ, অতিৰিক্ত চিন্তা-ভাৱনা, অত্যপ্ল দৃষ্টি-শক্তিক লৈ বৃদ্ধ দেউতাকে কাল সন্ধিয়াৰ পৰাই বিছনাত আশ্ৰয় লোৱাৰ বাহিৰে অইন একো কৰাৰ নেদেখে৷ কেতিয়াবা কাষৰে দুই-এজন বয়সীয়া মানুহ আহে, বাহিৰৰ প্ৰায় অন্ধকাৰ বাৰাণ্ডাত বহি তেতিয়া সৰু সৰু মাতেৰে কথা পাতে, আলোচনা কৰে, ভাবে৷ বাহিৰৰ আলোকোজ্জ্বল বাটৰ কোনো চাঞ্চল্যই আহি বৃদ্ধক স্পৰ্শ নকৰে, দীঘল কষ্টপূৰ্ণ জীৱন এটাৰ শেষ অৱস্থাত পংগুৰ দৰে দেউতাক পৰি থাকে....৷

পাকঘৰ৷ ফুনুক মাকে টোপনিৰ পৰা তুলি আনি ভাত খুৱাব ধৰিছে৷ তাৰ গলত বাৰে বাৰে মাছৰ কাঁইট বজিছে, সি অসহায়ৰ দৰে মাকৰ মুখলৈ চাইছে৷ বৌৱে কিন্তু তাৰ পিনে মন দিব পৰা নাই, বাৰে বাৰে যেন বৌ অন্যমনস্ক হৈ পৰিছে৷

খুঁটা এটাত আঁউজি সি বৌৰ মুখৰ পৰা দুঃসংবাদটো শুনিলে৷ সকলো যেন তাৰ গোলমাল হৈ গ’ল, বেংক ফেল হোৱাতকৈ যেন পৃথিৱীত আৰু ডাঙৰ দুঃসংবাদ হ’ব নোৱাৰে, এনেকুৱা ধাৰণা হ’ল তাৰ.... দেউতাকৰ চিন্তাক্লিষ্ট মুখখন চকুৰ সন্মুখত ভাঁহি উঠিল, সি যেন দেখিলে, এতিয়াও তাত উদ্বেগৰ কোনো বৰ্হিঃপ্ৰকাশ নাই৷ কষ্ট আছেই পৃথিৱীত, কষ্ট আমি সহিবই লাগিব, দুঃসংবাদ আৰু দুখ আমি স্থিৰভাৱে মানি ল’বই লাগিব, ভগৱানৰ পৰীক্ষাত আমি অবিচলিতভাৱে উত্তীৰ্ণ হ’বই লাগিব এনেকুৱা এটা দৰ্শন, এনেকুৱা এটা দৃষ্টিভংগী কিয় সি পুতেক হৈ অৱলম্বন কৰিব নোৱাৰিলে? ক’তা দেউতাকেতো তাক এতিয়ালৈকে এই বিষয়ে এষাৰো কথা কোৱাৰ প্ৰয়োজনবোধ কৰা নাই তেখেতকো ধীৰভাৱেই খবৰটো গ্ৰহণ কৰিছে৷ নিৰুদ্বেগ, প্ৰশান্ত মুখখন তাৰ মনৰ পটত উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হৈ দেখা দিলে, শ্ৰদ্ধাত সি মূৰ দোঁৱাব খুজিলে, সিও যেন স্বতঃস্ফূৰ্তভাৱে ক’ব খুজিলে, দেউতা, আগন্তুক দুঃসময়ৰ কাৰণে ময়ো নিৰ্ভীক নিৰ্ভাৱনাৰে প্ৰস্তুত হৈছোঁ, ময়ো আপোনাৰেই ল’ৰা, কালিৰ কাৰণে দুচিন্তা কৰি ময়ো আজিৰ কৰ্তব্যত ফাঁকি নিদিওঁ 'Sufficient unto the day is the evil there of..'

কিন্তু নোৱৰিলে কিয় সি? The pity of it, Iago, the pity of it! মূৰ দোঁৱাবলৈ গৈ সি ৰৈ গ’ল, তাৰ মনত পৰিল, সি এটা অপদাৰ্থ, অকমৰ্ণ্য, নৈতিকতাবিহীন সন্তান; তাৰ মনত ধাৰণা হ’ল, কোনো কামত নহা ভাৱপ্ৰৱণতাত মগ্ন হোৱাৰ উপৰিও তাৰ এটা দায়িত্ব আছে মাক নোহোৱা ল’ৰাৰ ঘৰৰ, ভনীৰ মৰি যোৱা সংসাৰখনৰ, নিৰুদ্দেশ ভায়েকে এৰি যোৱা ঘৰখনৰ, বলিয়া ভায়েকৰ ঘৰখনৰ সিয়েই ডাঙৰ ল’ৰা, হাজাৰ হওঁক সিয়েই বৰপুত্ৰ (বাপ’ ককাইদেউৰতো ঘৰৰ লগত সম্বন্ধ প্ৰায় নায়েই৷)

কিন্তু কি কৰিব সি, কিহৰ ভূ পায় সি?

সকলো এৰি কি দেউতা নিদ্ৰা গৈছে শান্তি বিচাৰি? পৰ্দাৰ ফাঁকেৰে সি ভূমুকি মাৰিলে৷ কোঠালিত মৃদু কথা-বাৰ্তাৰ শব্দ৷ দেউতাৰ আঁঠুৱা পেলোৱা হোৱা নাই, চাৰিওপিনৰ ডাঙৰ ডাঙৰ পুৰণি ট্ৰাংক আৰু আলমাৰীবোৰ অস্পষ্ট মূৰ্তি কিছুমানৰ দৰে থিয় হৈ আছে৷ মূৰ-শিতানৰ খিৰিকিৰে অলপমান পোহৰ আহি পুৰণি ডাঙৰ মেজখনত, তাৰ পুৰণি পুথি-পত্ৰবোৰত পৰিছে, এটা তাহানি-দিনৰ গোন্ধ, এটা এটিকুইটিৰ ভাব কোঠালিটোত বিয়পা৷ ধপাতৰ গোন্ধত কোঠালি ভৰি গৈছে, বিছনাৰ ওপৰত বহি দেউতাই ধপাত খাইছে, গুৰগুৰিৰ পৰা শব্দ উঠিছে৷ বিছনাৰ কাষৰ চকী এখনত বহি কৰুণা বাবুয়ে ধপাতৰ চিলিমত ফু দিছে, অকণি অকণি পোহৰত মাজে-মাজে দুয়োৰে মুখ দুখন অলপ অস্পষ্টভাৱে মনিব পৰা গৈছে নিখিলে অইন সময়ত ভাবিলেহেঁতেন, ডিকেন্সৰ উপন্যাস এখনৰ পৰা দুটা চৰিত্ৰ উঠি আহিছে৷

কৰুণা বাবুয়ে দেউতাক খুব শ্ৰদ্ধা কৰে, বিপদত সানা দিবলৈ অৱশ্যে তেওঁৰ স্পৰ্ধা নাই, কিন্তু সংগী হ’বলৈ তেওঁ সদায় ইছুক৷ ইমান দিনৰ পৰিচয়ৰ মাজেৰে বৃদ্ধৰ মাজত তেওঁ এজন আদৰ্শ মানুহ বিচাৰি পাইছে যিজনে আজিলৈকে অসংখ্য ধুমুহাৰ মাজতো নিজৰ চৰিত্ৰত অকণো চেকা নলগালে৷ অসংখ্য ৰকমৰ সুবিধাৰ মাজতো যিজনে এটাও অন্যায় নকৰিলে, সকলোকে সহায় কৰি যিজনে কাৰো পৰা কোনো প্ৰতিদান দাবী নকৰিলে বা তাৰ কাৰণে এদিনো আক্ষেপ নকৰিলে৷ তেওঁৰ চকুৰ সন্মুখতে সিদিনা জুৱাচোৰ নৰেনে ধাৰবোৰ নমৰাকৈ তেখেতক ক্ষতিগ্ৰস্ত কৰি বোম্বাই পালেগৈ, অথচ বৃদ্ধই...

‘সি মোৰ এনেকৈ অবাধ্য হ’ব মই ভবা নাছিলো৷’

নিখিলৰ বুকুখন কঁপি উঠিল৷ তাৰ কথা কৈছে নেকি?

‘আপোনালোক মই আৰু কি ক’ম! কালৰ দোষ৷ যুগধৰ্ম’

কৰুণা বাবুয়ে কথাবোৰ আঁত হেৰুৱাই পেলালে৷

‘ঘৰৰ পিনেতো সি এবাৰ চোৱা উচিত আছিল৷ অৱস্থা সি দেখিছেই৷’ দেউতাৰ কণ্ঠত বিদ্বেষহীন অসন্তোষ৷

‘আপুনি দুখ কৰিছে কিয়? তাৰ এটা কন্‌ভিক্‌শ্যন হৈছে, সি বুজিছে এইটো কৰা ভাল, তাৰ বিবেকৰ মতে সি চলিছে৷ সিতো আৰু ল’ৰা-ধেমালি কৰিবলৈ আণ্ডাৰগ্ৰাউণ্ডলৈ যোৱা নাই’, কৰুণা বাবুয়ে বুজাবৰ চেষ্টা কৰিছে৷

দেউতাকে একো নক’লে৷ নীৰৱে ধপাত খোৱাৰ শব্দ৷ কাৰো বিশ্বাসত তেখেতে বাধা দিব নোখোজে৷ তথাপি পঢ়া-শুনা যেন এটা কথাই নহয়৷ ‘গোলামী শিক্ষা’ সিহঁতে কয়৷ শিক্ষা-পদ্ধতি লৈ তেখেতে তৰ্ক কৰিব নোখোজে৷ হয়তো মইনাতকৈ কনক তেখেতৰ বেছি ভাল লাগিছে আজি কেইদিনমানৰ পৰা৷ কণে তথাপি কিবা এটা কৰিছে, চেষ্টা কৰিছে৷

কিন্তু কি কৰিছে৷ গুণ্ডামি, ডকাইতি, হত্যাকাণ্ড৷ অন্ততঃ শুনা যায় তো সেয়েই৷ সেইবোৰ বৃদ্ধই কেনেকৈ সমৰ্থন কৰিব৷ ভগৱানক খাটিছে, তাক সুপথে, শুদ্ধ পথে ঘূৰাই আনক, ভগৱানে জানো শুনিছে? নিজৰ ল’ৰাই অমানুষিকতাৰ খাপলৈ নামি গৈছে, ভাবি বৃদ্ধৰ সমস্ত অন্তৰ যেন ক’লা পৰি গ’ল....

‘সিহঁতে দেশত অশান্তিৰহে সৃষ্টি কৰিছে, এয়েতো মানুহে দেখিছে৷ দেশৰ প্ৰতি সিহঁতৰ আনুগত্য ক’ত?

‘অৱশ্যে আমি দেখাত সেয়ে দেখিছোঁ৷ কিন্তু আচল কথা আমি কেইজনে বুজিবৰ চেষ্টা কৰিছোঁ৷ মোৰ মনে কেতিয়াও নকয়, কনহঁতে- কনহঁতেই বা কিয়, সকলোৱে, বিভিন্ন দলৰ সকলোৱে এটা আদৰ্শৰ কাৰণেই এইবোৰ কৰিবলগীয়া হৈছে৷’

কৰুণা বাবুৰ কণ্ঠত আন্তৰিক বিশ্বাসৰ সুৰ ধ্বনিত হ’ল৷

‘হিংসা’, বৃদ্ধই লাহে লাহে কথা’, ‘যিকোনো কাৰণেই হিংসা-বৃত্তি-পাপ৷’

‘সেইটো এটা মতামতৰ কথা’, কৰুণা বাবুয়ে অৱশেষত সাহসেৰে ক’লে৷ বৃদ্ধ অলপ আচৰিত হৈছে৷ ‘সিহঁতে কয়, অৰ্থাৎ এদল মানুহে কয়, চৰকাৰ আজি সম্পূৰ্ণ ফেচিষ্ট৷ খোলাখুলিভাৱে কোনো সংগঠন কৰাৰ কৃষকৰ মাজত, লেবাৰৰ মাজত, মধ্যবিত্তৰ মাজত, কোনো ৰকমৰ সংগঠনৰ সুবিধা আজি নাই৷ সভা এখন কৰাৰ আজি স্বাধীনতা নাই, কাগজ এখনত দুটা কথা লিখাৰ আজি মানুহৰ অধিকাৰ নাই৷ গতিকে, সশস্ত্ৰ বিদ্ৰোহ মানে, কিবা কয়, বিপ্লৱৰ যোগেৰে ক্ষমতা দখল কৰাৰ বাহিৰে তেওঁলোকে আৰু অন্য উপায় নেদেখে৷ হিংসা তাৰ কাৰণে প্ৰয়োজনীয়৷ তেওঁলোকে কয়, ‘দি এণ্ড জাষ্টিফাইজ্‌ দি মিনছ্‌৷’

বৃদ্ধৰ পিনৰ পৰা এটা ব্যংগমিশ্ৰিত উত্তৰ৷

‘নৰহত্যা, লুট-পাট, আৰ্চন এইবোৰ তাৰ মানে অৱশেষত জাষ্টিফাইড্‌৷’

A revolution implies atrocities',

কিছু সময় নীৰৱতা৷

‘তাকতো মই বাধা দিয়া নাছিলো তেনেকৈ’, বৃদ্ধই লাহে লাহে ক’লে, ‘এটা cause-ৰ কাৰণে যদি সি যাব খোজে, তাত হকা-বাধা কৰিবৰ মোৰ অধিকাৰ নাই৷ কিন্তু সি বৰ drastic step ল’লে......৷’

বহুত দিনৰ গোপন কথা এটা যেন কৈ পেলালে বৃদ্ধই, মনটো অদ্ভতভাৱে পাতল লাগি গ’ল৷ যেন এটা স্বীকাৰোক্তি৷ নিখিলৰ মনৰ পৰা নিমিষতে মেঘ আঁতৰি গ’ল, দেউতাৰ কথাবোৰ তাৰ মনত লাগিল যেন কণৰ ওপৰত আৰ্শীবাদৰ দৰে, শুভেছাসূচক সন্মতিৰ দৰে বৰ্ষিত হ’ল৷ যেন সি নতুনকৈ অনুভৱ কৰিলে, কণ তাৰেই ভায়েক, কণৰ লগত তাৰ এটা নিবিড় সম্বন্ধ আছে৷ কণৰ কামত দেউতাৰ সন্মতিয়ে (হয়তো অনিচ্ছাৰ পৰা উদ্ভত) নিশ্চয় কণক স্পৰ্শ কৰিব, যিমানেই দুৰ্গম, দুৰ্ভেদ্য স্থানত প্ৰাণৰ আতংকত আৰু পেটৰ ভোকত সি নাথাকক৷ ক্ষীণ অৰ্কেষ্ট্ৰাৰ সুৰ হঠাৎ স্পষ্ট হৈ উঠিল, কোনোবাই নিশ্চয় ৰেডিঅ’টোৰ ভলিউম বঢ়াই দিলে, দেউতাৰ কথাৰ লগত তাল মিলাই যেন এটুকুৰা আনন্দোচ্ছাস ভাঁহি আহিল অকস্মাৎ...

কৰুণা বাবু ওলাই আহিল৷ চছ্‌মাযোৰ তেওঁ ঠিক কৰি ল’লে, বৃদ্ধৰ কোঠালিলৈ এবাৰ চালে, তাৰ পিছত নিখিলক মাতিলে

‘বৌৱেৰা ক’ত? বাৰু, বাৰু, মতাৰ দৰকাৰ নাই৷ শুনা কালি পুৱা আঠ বজাৰ ভিতৰতে গৈ নলিনী ডাক্তৰক মাতি আনিবা৷ মই আজি কৈ আহিছোঁ তেওঁক৷’

‘নলিনী ডাক্তৰক?’

‘দেউতাৰাৰ ব্লাড-প্ৰেচাৰটো এবাৰ লোৱা দৰকাৰ৷

নিখিলে লাজ পালে কৰুণা বাবুৰ কথা শুনি৷ কৰুণা বাবুয়ে কিন্তু তালৈ মন নকৰিলে৷ তেওঁৰ নিজৰে অলপ লাজ লাগিছে, বৃদ্ধৰ আগত তেওঁ কিছুমান ডাঙৰ ডাঙৰ কথা কৈ আহিছে৷ তেখেতৰ মনৰ পৰা তিক্ততাৰ প্ৰলেপটো গুচাবলৈ নিজৰ ইছাৰ বিৰুদ্ধেও তেওঁ তাৰ সমৰ্থনত ডাঙৰ এটা বত্তৃতাই দিছে৷

কৰুণা বাবুৰ নিজৰ এজমাৰ বিষটো প্ৰৱল হৈ উঠিছে, তেওঁ জনালে৷ দুৱাৰমুখলৈ তেওঁক আগুৱাই দি সি ঘূৰি আহিল৷ দেউতা এতিয়াও শোৱা নাই, অঙঠাৰ ক্ষীণ আভাত মুখখন মাজে মাজে বুজিব পৰা গৈছে তেখেতে ভাবিছে৷ কণ এতিয়া ক’ত? পলৰীয়া জীৱনৰ কষ্ট কেনেকুৱা? তাৰ একো টান বেমাৰ-আজাৰ হোৱা নাইতো? কি ঠিক, ক’ত বা কি খাই ফুৰিছে সি.... ধনৰ কথা হঠাৎ মনত পৰিল, মনত পৰিল তাৰ উচ্চ শিক্ষাৰ অভিলাষ তাক তেখেতে বিলাতলৈ পঠিয়াব খুজিছিল৷ মইনাৰ লগৰ অমলৰ কথা মনত পৰিল, যোৱা দহ তাৰিখে সিহঁতৰ জাহাজে বম্বে এৰিছে, মইনাইয়ে দিছিল খবৰটো৷ সি, সিদিনাৰ কৃতী ছাত্ৰ ধন, আজি বিকৃত মস্তিষ্ক৷ অকস্মাৎ যেন ক’ৰাবাত এটা বোমা ফুটিল, পিষ্টলৰ গৰ্জন, পুলিচৰ হাতৰ পৰা এদল খেতিয়কে ৰাইফল কাঢ়ি আনিলে শান্তিপ্ৰিয় অসমীয়া মানুহবোৰৰ নিৰীহ খেতিয়কবোৰৰ মূৰত কোনে বিষ আনিলে সুমুৱালে এটা কোলাহল, চাৰিওপিনে এটা গোলমাল, ধোঁৱা আৰু বাৰুদেৰে বাট একাকাৰ হৈ গ’ল, কণ ধৰা পৰিছে মনত হ’ল যেন তেখেতৰ খুব কোবাইছে, তাৰ বুকুত গুৰিয়াইছে এটা যেন আতংক সোমাল মনত, নিজৰ ওপৰত বিৰাগ আহিল মুহূৰ্তৰ কাৰণে৷.... সোণটিক বহুত দিন দেখা নাই, তাই আহি পাবহিয়েই, মনটো যি হওঁক ভাল লাগিব অলপ৷ অস্পষ্ট অন্ধকাৰতো তেওঁৰ চকু দুটা হঠাৎ বেৰত পৰিল, শান্তিৰ উদ্দেশ্য হাতখন দাঙি ধৰা গান্ধীজীৰ ছবিখন যেন তেখেতে মনিব পাৰিলে মুখৰ শান্ত সৌম্য ভংগিমাটো ধৰিব পাৰিলে, মনটো তিক্ত হৈ গ’ল মানুহৰ ওপৰত বিশ্বাস হেৰাই গ’ল৷ যীশুক মানুহবোৰে ত্ৰুছত দিলে, আব্ৰাহম লিংকনক গুলীয়াই মাৰিলে, পশুৰ স্তৰলৈ নামি গৈ মানুহে অৱশেষত গান্ধীজীকো হত্যা কৰি শেষ কৰি দিলে৷

পৃথিৱীত আৰু মানুহে কি লৈ জীয়াই থাকিব?

মূৰৰ ওপৰত যুদ্ধৰ কৰাল ছাঁ, এট্‌ম বোমা আৰু হাইড্ৰ’জেন বোমাৰ ভয়ংকৰ ইংগিত বিকাৰগ্ৰস্ত, সুবিধাবাদী, হিংসা-পৰায়ণ এটা মানুহ জাতি... আঙঠাৰ জুই লাহে লাহে নিৰ্বাপিত হৈ গ’ল৷

মনুৰ কোঠালিৰ দুৱাৰখন মেলা যেন বোধ হ’ল, নিখিলে দেখিলে তাৰ ভিতৰত সৰু-সুৰা বস্তু-বাহানি ভৰি পৰিছে৷ তাৰ মনত পৰিল, বৌৱে ঘৰটো আজি ঠিক-ঠাক কৰিছে, সোণটি বাইদেউহঁত আহিব কথাটো মনত পৰিল৷ ঘৰটো বেছ পৰিষ্কাৰ হৈছে, বৌৱে নিশ্চয় খুব কষ্ট কৰিবলগীয়া হৈছে৷ নিজৰ ওপৰত তাৰ ধিক্কাৰ আহিল, কেনেকৈ সি ডেকা ল’ৰাটোৱে বৌৱেকক কষ্টখিনি কৰিবলৈ এৰি দি নিজে বতাহত উৰি ফুৰিছে! মুখেৰে বৌয়ে একো কোৱা নাই, কিন্তু অন্তৰেৰে জানো তাক বেয়া পোৱা নাই? বৌক তাৰ ভাল লাগিল হঠাৎ ধাৰণা হ’ল, হাজাৰ হওঁক, বৌ তাৰেই ককায়েকৰ বৌ৷ নিজৰ সামৰিব নোৱাৰা ল’ৰা-ছোৱালী আগুৰিও কেনেকৈ বৌয়ে ভগা-সংসাৰখন চলাই আহিছে৷ সি কেতিয়াবা বৌ থকাত জানো কষ্ট পাইছে? সোণটি বাইদেউয়ে যে কিবা show  কৰাৰ প্ৰবৃত্তি কথা কয়, দেউতাই জানো কেতিয়াবা কিবা এটা সামান্য কথাতো বৌৰ পৰা কিবা অকণিও কষ্ট পাইছে?....সাংসাৰিক মলিনতাই যদি বৌক আগুৰি ধৰে, তাৰ কাৰণে বৌ জানো নিজে পুৰামাত্ৰাই দায়ী? নিজৰ অৱস্থাটো সি ভাবি চালে৷ ফুনুক ভাত খুৱাই থকা বৌৰ মুখখন মনলৈ ভাঁহি আহিল অন্যমনস্ক বৌৰ মুখখন৷ বেংকৰ টকাবোৰ যোৱাত তাৰ জটিলা বৌৱেও আন্তৰিক আঘাত পাইছে৷ সুখে-দুখে এইখন সংসাৰৰ লগত বৌৰ জীৱন বন্ধা হৈ গৈছে অছেদ্যভাৱে, এই ঘৰৰ সুখ বৌৰ সুখ, এই ঘৰৰ দুখো বৌৰেই দুখ৷

ডাঙৰ ল’ৰা মাখনে টেবুলত কিতাপৰ ওপৰত মূৰ থৈ শুই পৰিছে৷ তাৰ টোপনি আহিছে৷ কোঠাটোৰ লাইটৰ হ’লডাৰটো বেয়া হৈছে (‘ৰঞ্জনক দেখুৱাব লাগিব’)৷ লেম এটাত লেতেৰা ৰঙা কেৰাচিন পুৰিছে, মাখনৰ মুখখনত তাৰ তাপ লাগিছে৷ তাৰ সন্মুখৰ বেৰৰ এল্‌জেব্ৰাৰ ফৰ্মূলাৰ লিষ্টখনৰ ওপৰত এটা জেঠী উঠিছে, চকীৰ হাত দুডালত থৈ দিয়া কামিজটো মাটিত পৰি গৈছে.... হঠাত তাৰ কাষৰ মানুহবোৰৰ ওপৰত খং উঠিল, দিনে ৰাতি ৰেডিঅ’ বজাই সিহঁতে গোটেই চুবুৰীটোৰ ল’ৰাবোৰৰ পঢ়া আৰু পৰীক্ষাৰ প্ৰতিবন্ধক সৃষ্টি কৰিছে৷ Easy money! টাইফয়েডত ভূগি ভূগি ভূৱন মৰি গ’ল, এদিনলৈ, এৰাতিলৈ সিহঁতে ৰেডিঅ’ বন্ধ নকৰিলে৷ হয়তো যতি বাবুয়ে কোৱা ‘সভ্যতাৰ অভিশাপ’ এয়ে... লেমটো সি কমাই দিলে, মাখনক জগাবৰ তাৰ ইছা নহ’ল৷ সি পাকঘৰলৈ সোমাই গ’ল৷

বৌ তাত নাই৷ নিজৰ কোঠাত বৌ টোপনি গৈছে৷ বিছনাখনত কেইদিনমানৰ পৰাই উৰহ হৈছে, মজিয়াতে ঢলা বিছনা পাৰি ল’ৰা-ছোৱালীকেইটাৰে সৈতে ৰুণুক বুকুৰ কাষত লৈ বৌয়ে ভাগৰত টোপনি গৈছে৷ খিৰিকিৰে জোনাক সোমাইছে৷ বৌৰ মুখত হঠাৎ সি আৱিষ্কাৰ কৰিলে মহিমামণ্ডিত মাতৃ-মূৰ্তি জোনাকত ফিডিং-বটলটো জিলিকি উঠিল৷ মূৰৰ কাষত বৌৰ পুৰণি কীৰ্তন-ঘোষাখন বন্ধ অৱস্থাত সি মনিব পাৰিলে সেন্দুৰেৰে ৰঙা হোৱা, ফালি যোৱা তাৰ পাতবোৰ৷ অকলে অকলে বৌৱে কেতিয়াবা তাৰ পাত লুটিয়ায়...

কিছু সময় সি নিশ্চল হৈ থিয় হৈ থাকিল৷

বৌ ঠিক টোপনি যোৱা নাই৷ দূৰত কাৰোবাৰা ঘৰত নাম ধৰিছে, এটা শব্দ খিৰিকিৰে ৰৈ ৰৈ ভাঁহি আহিছে৷ অৰ্ধনিদ্ৰাত বৌয়ে অস্পষ্টভাৱে শুনিছে, ‘গোপাল গোবিন্দ যদু-নন্দন, কৃষৰ চৰণে লৈলো শৰণ’... অপৰিসীম এটা শান্তিত বৌয়ে সাংসাৰিক জটিলতা পাহৰি গৈছে, টোপনি গাঢ় হৈ আহিব খুজিছে, জোৰ কৰি বৌৱে টোপনিত নাম ধৰা শুনিছে৷

চক্‌ খাই বৌৱে সাৰ পালে৷ বোধকৰোঁ কপাঁলত এটা মহে কামুৰিছে৷ মইনাই মাতিছে, ‘বৌ, অ’ বৌ, উঠক৷ ভাত নিদিয়ে নেকি?’

খোল-তালৰ শব্দ লাহে-লাহে মিলি গ’ল, নাম-কীৰ্তন প্ৰায় শেষ হৈ আহিল৷ লাইটটো জ্বলাই লৈ নিখিলে চিঠি লিখিব আৰম্ভ কৰিলে৷ মাখনীলৈ বহুদিন চিঠি লিখা নাই৷ তাই নিশ্চয় তাক পাহৰিব পৰা নাই৷ তাইৰ ওপৰত থকা তাৰ অহৈতুক অসন্তোষৰ কাৰণে তাৰ বিকাৰগ্ৰস্ত মনটোকে সি এতিয়া দায়ী কৰিছে৷

পুৰণি দিনবোৰ বিচিত্ৰভাৱে মনলৈ ঘূৰি আহিল৷ কলেজ আৰু কালচাৰেল্‌ আন্দোলন৷ ছোৱালী আৰু ‘চাল’৷ এটা এনাৰ্কি সকলো ক্ষেত্ৰতে, এটা ইনটেলেকচুয়েল্‌ চাৰ্কলৰ লগত দিনবোৰ গ’ল৷ মাখনী আৰু তাইৰ গান৷ অলপ অলপ কমিউনিজম্‌, অলপ অলপ কাব্য, ভণ্ডামি আৰু আত্মপ্ৰৱঞ্চনা ভৰা কেইটামান বছৰ....

কণ আৰু ধনৰ কথা হঠাৎ আকৌ মনত পৰিল৷ অমল এতিয়া বিলাতগামী জাহাজত৷ মিশ্ৰৰ ৰেষ্টোৰাখনত আকৌ মনলৈ ভাঁহি আহিল৷ তাৰ ইন্‌টেলেকচুয়েল আড্ডাটো মনত পৰিল৷ ভিতৰৰ এটা পাৰ্টিশ্ব্যন দিয়া কোঠা৷ ৰুমটো সিহঁতে প্ৰায় অধিকাৰ কৰি লৈছিল৷ বাকীৰ পইচাৰ ঠেলা সামৰিব নোৱাৰি সিহঁত গলদঘৰ্ম হৈছিল, মিশ্ৰৰ অংশীদাৰ তাৰ ককায়েকৰ (পেটটো অনবৰত কঁকালৰ ওপৰলৈ টনাৰ ব্যৰ্থ চেষ্টা কৰাই যাৰ অভ্যাস)৷ ব্যংগোক্তিত ইনটেলেকচুয়েল চাৰ্কল্‌ বিব্ৰত হৈ পৰিছিল, হয়তো দোকানৰ ল’ৰাবোৰেও লুকাই লুকাই সিহঁতক হাঁহিছিল৷ দোকানৰ ৰেডিঅ’টোৰ সংগীত সম্পাদকীয় ব’ৰ্ডে চাহৰ কাপত ধুমুহাৰ সৃষ্টি কৰিছিল৷ বাহিৰৰ আত্মকেন্দ্ৰিক মানুহবোৰৰ পৰা সিহঁতে বিছিন্ন হৈ থকাৰ চেষ্টা কৰিছিল, চেষ্টা কৰিছিল অৰ্থনৈতিক আৰু ৰাজনৈতিক জটিলতাৰ পৰা দূৰত থকাৰ৷ কলেজৰ বা বাহিৰৰ কোনো সভাত সিহঁতৰ এটাকো কেতিয়াও দেখা নগৈছিল, কোনো শোভাযাত্ৰাত সিহঁত নাছিল, ৰেডিঅ’টোত খবৰ কোৱা আৰম্ভ হ’লেই সিহঁতৰ মুখত বিৰক্তি ফুটি উঠিছিল৷ উচ্চ ভাৱধাৰা, কাব্য আৰু নাটক, ছোৱালী আৰু প্ৰেম-পত্ৰ৷ তথাপি অপ্ৰীতিকৰ ঘটনাৰ অভাৱ নাছিল ‘বাকী বিক্রী নাই’ৰ জাননীখন কৌশলেৰে লুকুৱাই সিহঁতে দোকান সোমাইছিল, মিশ্ৰৰ ককায়েকৰ মুখত বিৰক্তিৰ চিন দেখা দিছিল সময়ে সময়ে, দোকানৰ ল’ৰাটোৱে ইংগিত কৰিছিল একাপ চাহৰ সলনি এঘটা বহাৰ বদ অভ্যাসটোৰ প্ৰতি, সিহঁতক অপমানিত কৰিবলৈ মিশ্ৰই মাজে-মাজে ৰেডিঅ’টো বন্ধ কৰি দিছিল, দুটা লাইটৰ এটা লাইট নুমুৱাই দিছিল, নিজৰ কাণতে বিদ্ৰূপৰ দৰে আহি পৰিছিল সিহঁতৰ নাটকীয় ধ্বনি, 'Light, more light..'

তথাপিতো সিহঁতে সংসাৰৰ আৱৰ্জনা আৰু গেলামালৰ পৰা আঁতৰি এটা চমৎকাৰ পৰিৱেশৰ সৃষ্টি কৰিছিল সিহঁত তাৰ বাবে গৰ্বিত৷ হয়তো বাহিৰত বিৰাট গোলমালেৰে এটা বনুৱা-মধ্যবিত্ত শোভাযাত্ৰা পাৰ হৈ গৈছিল, পাৰ হৈ গৈছিল গৰ্জনশীল মটৰগাড়ী, কমিউনিষ্ট প্ৰচাৰ-কাৰ্যক ব্যংগ কৰি, অৰ্থলোভী ধনীসকলৰ গৰ্জনশীল গাড়ীবোৰক গালি পাৰি সিহঁতে নিজৰ সংকীৰ্ণ অথচ গতিশীল পৰিৱেশত ডুবি গৈছিল৷ স্থিৰ, নিশ্চিন্ত আৰু কিছুমান কাপ-প্লেট বাগৰি পৰিল, এটা গোলমাল আৰু চিঞৰ-বাখৰ বন্ধ হৈ গ’ল ভীমপলশ্ৰী৷ তথাপি বৃত্তটোৰ চাঞ্চল্য নাহিল, অন্ধকাৰত জ্বলি উঠিল দিয়াচেলাইৰ কাঠি, এটাৰ পিছত এটা দীঘল বগা চিগাৰেট এন্ধাৰৰ পৰা তাত আহি সোমাল, দেৱালত পৰিল কাপ-প্লেট আৰু মানুহবোৰৰ অদ্ভত ছাঁ, আন্ধাৰত মাথোঁ জ্বলিল চিগাৰেটৰ আগবোৰ, বহেমিয়ান ইন্‌টেলেকচুয়েলৰ দলে স্থিৰভাৱে বহি বৈদ্যুতিক ব্যৱস্থাৰ পুনৰ সংস্থাপনৰ অপেক্ষা কৰিলে (ঘৰৰ লাইটবোৰ ঠিক কৰিব নোৱাৰি সেইদিনা ৰঞ্জনে তাৰ শিক্ষাৰ অসাৰ্থকতাৰ কথা অনুভৱ কৰিলে, থিয়ৰি আৰু প্ৰেক্‌টিছৰ সামঞ্জস্য নোহোৱা শিক্ষাৰ প্ৰতি প্ৰথমবাৰ তাৰ অশ্ৰদ্ধা আহিল)...

কিন্তু অৱশেষত সকলো যেন অসাৰ্থক হৈ গ’ল৷ ক’লৈ যে সিহঁতৰ চক্রৰ সভ্যসকল ভাঁহি গ’ল, কোনে যে কি মূৰ্তি পালে! অমল বিলাতগামী, যতীনে জে’লত চি ডিভিজনৰ খাদ্য বনাব লাগিছে, কোনোবা হ’ল মাষ্টৰ, কোনোৱা কেৰাণী, কোনোবা অধ্যাপক৷ নিজৰ নিজৰ কামত সকলো ঘূৰিব ধৰিছে, হিমাংশু নিৰুদ্দেশ৷ চিনেমা হ’লৰ সন্মুখত এদিন সন্ধিয়া সি গান শুনি আছিল, হঠাতে বীৰেশৰ লগত তাৰ দেখা হৈ গ’ল৷ দুয়ো বন্ধুৱে আনন্দতে কিছু সময় কথাই ক’ব নোৱাৰিলে, তাৰ পিছত বীৰেশে লাহে লাহে নিজক প্ৰকাশ কৰিলে৷ সি ষ্টেট্‌ এক্সপ্ৰেছ চিগাৰেট উলিয়াই দিলে পকেটৰ পৰা, স্পেচিয়েল ক্লাছত তাক চিনেমা চাবলৈ আহবান জনালে, তাৰ চকুৱে-মুখে আৰু দামী ছুটযোৰত চিনেমা হ’লৰ আলোকমলা ঝলমলাই উঠিল৷ ছাপ্লাইৰ কেৰাণীৰ এই আভিজাত্যত সি সৰলভাৱে সন্দেহ প্ৰকাশ কৰিলে, স্বীকাৰ কৰিবলৈ বীৰেশ কুণ্ঠিত নহ’ল, সি ভেঁটি খায়, ‘ইছা কৰিয়েই খায়’, ‘অন-প্ৰিঞ্চিপাল্‌’ খায়৷

‘লুটি ল ভাই৷ দুনিয়াত সকলোৱে লুটি লোৱাৰ মতলবত ঘূৰিছে৷’

ভৌতিক জগতৰ দৰ্শন বীৰেশে গ্ৰহণ কৰিছে৷ বহুতো কথা পাতিলে সিহঁতে৷ কোন ক’ত আছে, যতীনে জে’লত কি কৰিব ধৰিছে, মাখনীৰ খবৰ কি, অমলৰ বিলাত-যাত্ৰা; সিহঁতৰ কৃষ্টি-প্ৰয়াসৰ প্ৰতি ব্যংগোক্তি, দুনিয়াৰ জঘন্য ‘হালচাল’ সি নিজে দুৰ্নীতিৰ বন্ধূ হৈ পৰিছে বীৰেশ৷ নাৰায়ণৰ খবৰ কি? নাৰায়ণ হাজৰিকা? অ’, সিতো কেতিয়াবাই আত্মহত্যা কৰিলে৷

নিখিল স্তব্ধ হৈ গ’ল কিছু সময়৷

'There is a tide in the affairs of men...'

‘কি ক’লি? ওঃ শ্বেক্সপীয়েৰ! মই ভাই সেই সোপা পাহৰিলোঁ৷’

খুব স্বাভাৱিক, খুব স্বাভাৱিক৷ ফাইল্‌ একাউণ্ট আৰু মাৰোৱাৰীৰ মাজত শ্বেক্সপীয়েৰ থাকিব কেনেকৈ?.... লাউড স্পীকাৰৰ গান বন্ধ হৈ গ’ল, চিনেমা আৰম্ভ হ’বৰ হৈছে, বীৰেশে ল’ৰালৰিকৈ বিদায় ল’লে৷

সি স্বপাছন্নৰ দৰে ঘূৰিলে ৰাস্তাই ৰাস্তাই৷ পৃথিৱীখন যেন ভাঁহি যাব ধৰিছে, সি যেন ভাঁহি যাব ধৰিছে৷ There is a tide... মানুহবোৰে কলৰৱ সৃষ্টি কৰিছে, কি ভাবিছে সিহঁতে? শব্দ-তৰংগৰ সৃষ্টি কৰিছে মাত্ৰ, ৰঞ্জনে কয়৷ নাৰায়ণ হাজৰিকা ! পৃথিৱীয়ে অৱশেষত তেন্তে তাক হত্যা কৰিলে! বিৰাট এটা সম্ভাৱনাৰ মৃত্যু হৈছে৷ ৰঞ্জনৰ কথা হঠাৎ তাৰ সঁচা যেন লাগলি; পৃথিৱীখন অইন একো নহয়, মাত্ৰ কিছুমান তৰংগৰ খেলা৷ শব্দবোৰ, গানবোৰ, মাত্ৰ বতাহৰ ঢৌ৷ সূৰ্য্যৰ পোহৰ আৰু তাপ কিছুমান ঢৌ মাত্ৰ.... ইলেক্ট্ৰ’ মেগ্‌নেটিক্‌ ৱেভছ৷ আনকি ইলেক্ট্ৰনো ঢৌয়েই, সম্ভাৱনা-তৰংগ, ৱেভছ্‌ অফ্‌ প্ৰবেবিলিটি৷ ৰেডিঅ’ত বেতাঁৰ-তৰংগ৷ পৃথিৱীৰ সকলো ঘটনা, সকলো কথাই তৰংগমালাৰ  কথা -  আহিছে আৰু গৈছে, এটা গতিশীল কঁপনি, আহিব আৰু যাব৷ নাৰায়ণো আহিছিল, সিও গৈছে৷ দেউতা হয়তো --

ট্ৰেইনখনো আহিল ট্ৰেইনখনো গ’ল৷ ক্রছিঙৰ গেটত ভৰ দি যতি বাবু আৰু ৰঞ্জনৰ লগত দূৰৰ ডিষ্টেণ্ট-ছিগনেলৰ পোহৰটো সি লক্ষ্য কৰিলে৷ ট্ৰেইনৰ ভাৰা বঢ়াই দিছে ধনিক চৰকাৰে, যতি বাবুয়ে ক’লে৷ ৰঞ্জনে একো নক’লে, নিখিলে একো নক’লে৷ কথাটো নিতান্ত অপ্ৰাসংগিক হৈছে, বুজিলে যতি বাবুয়ে৷ সৰু ল’ৰাৰ দৰে তিনিও নেদেখা বস্তু চোৱাৰ নিচিনা ৰে’লগাড়ী চাবলৈ ৰৈ আছে, ভাবি তিনিও আচৰিত হ’ল৷ দূৰৰ ৰঙা পোহৰটো তিনিও দেখিলে, নিখিলে একো ক’বলৈ বিচাৰি নাপালে, ‘লাল-দুনিয়া’ৰ ইংগিত টানি আনিবলৈ যতি বাবু কুণ্ঠিত হ’ল, নিতান্তই ৬৫৬৩১০-৮ চেটিমিটাৰ দৈৰ্ঘ্যৰ ঢৌ বুলি মন্তব্য কৰিবলৈ ৰঞ্জনৰ ভাল নালাগিল৷ কাষৰ নেপালীৰ দোকানৰ পৰা চিগাৰেট কিনি তিনিও তাতে ৰৈ থাকিল, যেন অহা আৰু যোৱাৰ চিৰন্তন দৃশ্যটোৱে সকলোকে চহৰৰ সেই নিস্তব্ধ কোণত নিৰ্জন ৰাতি স্পৰ্শ কৰিলে৷ বিৰাট এটা যন্ত্ৰ-দানৱ, পলিফেমাছৰ দৰে এটা এক-চক্ষু দৈত্য, তীব্ৰ হুইছেল-ধ্বনি, ভিৰেৰে ঠাই খোৱা অৰোমাটিক কোঠালিবোৰ (‘ভ্ৰমণৰ-স্বাছন্দ্য জনসাধাৰণৰ কাৰণে নহয়’ যতি বাবু) আৰু তাৰ সশব্দ পিষ্টনৰ অহা-যোৱা (‘থাৰ্ম’-ডাইনামি্‌ক চাইকল’ ৰঞ্জন), ট্ৰেইনখন যেন সিহঁতক স্তম্ভিত কৰি দি গুচি গ’ল৷

যেন এটা ভাঁহি যোৱা তৰংগ....

মাথোঁ তাৰ তাৰতম্যৰ প্ৰকাশ, তৰংগৰ দৈৰ্ঘ্যৰ কম-বেছি, সেয়ে ৰঙা আৰু হালধীয়াৰ ৰঞ্জন ৰশ্মি আৰু গামা-ৰে’ৰ পাৰ্থক্যৰ মূলকথা...

ৰঞ্জন এটা জ্ঞানী-মূৰ্খ, নিখিলে ভাবিলে৷

‘কথাটো সুন্দৰভাৱে ডায়ালেক্‌টিকেল’ যতি বাবুয়ে ক’লে, ‘পৰিমাণৰ কম-বেছিৰ পৰা গুণগত পৰিৱৰ্তন ডায়ালেক্‌টিক্সৰ এটা মূল কথা৷ Transformation of quanity into quality... আৰু vice-versa' ৷’

যতি বাবু এটা কনভাচাৰ, নিখিলে এইবাৰ ভাবিলে৷

ৰাতি কেতিয়াবাই গভীৰ হৈ আহিল, নাম-কীৰ্তন কেতিয়াবাই শেষ হ’ল৷ মানুহবোৰ শুই পৰিছে৷ দেউতাৰ কাঁহৰ শব্দ৷

গভীৰ ৰাতি ৰহস্যময় খগেন দাসৰ মটৰখন ঘূৰি আহিছে৷ কানিৰ বেপাৰ? নহয় তেওঁৰ মুখত হয়তো ৰাতিৰ অত্যাচাৰৰ চিন সপৰিষ্ফুট৷ মদ আৰু মাইকী...

দেউতাৰ কাহৰ শব্দ ক্ষীণ অথচ স্পষ্ট৷ খগেন দাসৰ গাড়ীৰ বিলীয়মান ধ্বনি৷ ৰাতিৰ এটা বেদনাদায়ক শক্তি আছে....

‘কিন্তু ৰাতিও পুৱাব অৱশেষত’৷ মূৰটো যেন ঘূৰিছে, ট্ৰেইখন মনত পৰিছে, মাখনী শহুৰেকৰ ঘৰলৈ গুচি গৈছে তাত৷ মূৰৰ ভিতৰত যেন তাৰ চকাবোৰ ঘূৰিছে....

বেদনাৰ পৰা চকাবোৰ আনন্দলৈ তাক লৈ আনিলে৷ দুৱাৰত খুন্দা খালে ফুনুৰ নতুন ট্ৰাইচাইকেল৷ চকা তিনিটাত গতিৰ উন্মাদনা, তাৰ লগত শিশু-কণ্ঠৰ মুক্ত হাস্য-ধ্বনি (সোণটি বাইদেউৰ ভিনীহিয়েকে তাক এখন নতুন ট্ৰাইচাইকেল কিনি দিছে৷)

বহুদিনৰ পাছত ঘৰলৈ আহি সোণটি বাইদেউৰ মুখৰ পৰা অফুৰন্ত কথাৰ নিজৰা ওলাই আহিছে৷ ইলা-নীলাই নিখিলৰ মাতত দৌৰ মাৰি লুকাইছে মাকৰ পিছপিনে, সিহঁতৰ চুলিবোৰ বাৰে বাৰে কঁপালৰ ওপৰত বাগৰি পৰিছে৷ স্ফূৰ্তিত ফুণু-ৰুণুহঁতে প্ৰৱল কোলাহল কৰিছে, মাখনৰ স্কেলডাল লৈ বৌয়ে সিহঁতক মাৰিবলৈ উদ্যত হৈ উঠিছে, ভিনীহিয়ে হাঁহিছে, বৌৱেও হাঁহিছে৷ আনকি দেউতাৰ মুখতো এটা ক্ষীণ হাঁহি ওলাই পৰিছে৷

সোণটি বাইদেউ শকত হৈছে আগতকৈ৷ ইলা-নীলা বৰ মৰম লগা হৈছে৷ ভিনীহি এনেয়ে শকত, প্ৰকাণ্ড মুখ, প্ৰকাণ্ড বুঃশশ্বাৰ্ট, প্ৰকাণ্ড গোফ৷ মাখনৰ লগত তেওঁৰ দুদিনতে বুন্ধুত্ব হৈ গ’ল, খেলা-ধূলাত ভিনীহিৰ দুৰ্দান্ত ৰাপ, খেলাৰ ফিল্ডৰ বাহিৰে অইন একোৰে কথা দুয়ো নাপাতিলে

দুদিনতে ঘৰখনত ভোজ-বাজীৰ দৰে পৰিৱৰ্তন হৈ গ’ল৷ ঘৰৰ অৱস্থা দেখি সোণটি বাইদেৱে খুব কান্দিলে, বৌয়ে মনে মনে ভাবিলে, ইঃ নেদেখিছো৷ পুৰণি লেতেৰা পৰ্দা গুচি নতুন পৰ্দা উৰিল দুৱাৰত, মকৰা-জাল নোহোৱা হৈ গ’ল, দেউতাৰ কাৰণে ভিনীহিয়ে এসোপা ফল লৈ আহিল বজাৰৰ পৰা৷ দেউতাৰ কাৰণে সদায় সৰু মাছ অনাৰ ব্যৱস্থা কৰি দিলে সোণটি বাইদেৱে, চকুৰ অসুখত হেনো সৰু মাছ বৰ উপকাৰী৷ বৌৰ মুখত যেন কোনোবাই চূণ ঘঁহি দিলে...

দুঃসংবাদ বহন কৰি আনিলে ৰঞ্জনে৷ ধনৰ অৱস্থা অত্যন্ত ভয় লগা৷ যাকে ওচৰত পাইছে তাকে সি মাৰিছে, ডাক্তৰৰ মূৰ ফাটি গৈছে তাৰ উৎপাতত৷ দেউতাই নিঃশব্দে বিচনা গ্ৰহণ কৰিলে, ভিনীহিয়ে খেলাৰ খবৰ এৰিলে, সোণটি বাইদেৱে আকৌ কান্দিব আৰম্ভ কৰিলে৷

‘আমাৰ কঁপালত দুখহে মাথোঁ আছে৷’

‘পেছিমিষ্ট হৈ কোনো লাভ নাই৷’ যতি বাবুয়ে বুজাবৰ চেষ্টা কৰিলে৷

নিঃশব্দভাৱে ৰাতিৰ প্ৰহৰবোৰ পাৰ হ’ব ধৰিলে৷ অস্বস্তি ভাঙিবলৈ ভিনীহিয়ে তেওঁৰ ভ্ৰমণ-কাহিনী ক’ব আৰম্ভ কৰিলে৷ অজন্তা আৰু ইলোৰাৰ বিচিত্ৰ কাহিনী৷ কিছু সময় পিছতেই পৰিস্থিতি কিছু সহনীয় হৈ উঠিল৷ নিখিলে একো নামাতিলে, ৰঞ্জনে একো নক’লে৷ নিখিলৰ লগত কথা-বাৰ্তা ৰঞ্জনে যেন বন্ধই কৰিব খোজে, এনেকুৱা এটা ধাৰণা হ’ল তাৰ৷ ‘তোৰ কাণ্ড-কাৰখানা মই সকলো শুনি আহিছোঁ,’ ৰঞ্জনে ক’লে, ‘ব্লু-বেটৰ লগত তই কি কৰিছিল?’ অপৰাধীৰ দৰে নিখিলে মূৰ নত কৰিলে৷ ধনৰ অৱস্থা বাৰে বাৰে সকলোৰে মনলৈ আহিছে৷ হঠাৎ ভিনীহিয়ে অনুভৱ কৰিলে, কোনেও মন দি তেওঁৰ কথা শুনা নাই৷ সোণটি বাইদেৱে তেতিয়াও উচুপি উচুপি কান্দিব ধৰিছে, বৌয়ে এটা বেঁকা চাৱনিৰে নতুন পৰ্দাখলৈ চাই আছে অলপ অসন্তুষ্টভাৱে, ৰঞ্জনে আৰু নিখিলৰ মুখত দুটা শত্ৰুৰ ভংগী, যতি বাবুয়ে কাণ পাতি দেউতাৰ কোঠাৰ পৰা যেন কিবা এটা শব্দ শুনিবৰ চেষ্টা কৰিছে৷

হয়তো দেউতাৰ কাৰণে যতি বাবুয়ে বেদনা অনুভৱ কৰিছে৷

ভিনীহিয়ে হঠাৎ তেওঁৰ বত্তৃতা বন্ধ কৰি দিলে৷

‘তাৰ পিছত, তাৰ পিছত?’

‘নাই আজি আৰু থাকক৷’

কোনেও আপত্তি নজনালে৷ অস্বস্তিকৰ নীৰৱতাত সময় পাৰ হ’ল৷

‘ৰঞ্জন ককাইদেউ, এটা এক্সট্ৰা কৰি দিয়া না’

মাখনে প্ৰায় ফিচ্‌ফিচাই ক’লে, যেন পৰিস্থিতিটো লক্ষ্য কৰিয়েই৷ মনৰ জোখাৰে এটা কাম পাই ৰঞ্জন যেন ৰক্ষা পৰিল, সি মাখনৰ জ্যামিতিৰ মাজত মগ্ন হৈ পৰিল৷

‘দেউতাৰ যে কি অৱস্থা হ’ব৷’ নীৰৱতা ভংগ কৰি চকু মচি মচি সোণটি বাইদেৱে ক’লে৷

‘এৰা ভাবিলেই বেয়া লাগে৷’ ভিনীহিয়ে এটা হুমনিয়াহ এৰিলে, ‘কোনো নাই ভালকৈ যত্ন লওঁতা এই বুঢ়া বয়সত’

বৌক কথাটোৱে আঘাত কৰিলে৷ সৰলভাৱে কথাটো কৈ উঠি ভিনীহিয়ে বুজিলে তেওঁ অন্যায় কৰিলে, তেওঁৰ নিজৰ ওপৰতে খং উঠিল৷

বৌ আৰু সোণটি বাইদেৱে এটা দ্ৰুত দৃষ্টি-বিনিময় কৰিলে৷ নিখিল আৰু ৰঞ্জন দুয়োৰে কথাটো ভাল নালাগিল৷

‘কণটোৱেও এইখনহে কৰিবলৈ পালে৷’ সোণটি বাইদেৱে ক্ষোভেৰে ক’লে, ‘আমাৰ মাটিডোখৰতো সিহঁতে হেনো গণ্ডগোল লগাইছে, দেউতাই আজি কৈছিল, তাৰ খেতিয়কবোৰে আমাৰ ধান দিয়া বন্ধ কৰিছে৷’

‘তাততো পৰহিৰে পৰা ডিষ্টাব’ৰ্ড এৰিয়া ঘোষণা কৰিছে’, একো ক’বই নাপায় ভিনীহিয়ে ক’লে৷

‘তাত ফুল ফ্লেজেড্‌ টেৰ’ৰিজম চলিছে৷’ যোগ দিলে যতি বাবুয়ে, ‘জমিদাৰৰ ঘৰত জুই লগাই দিছে, চহকী মানুহৰ ধানৰ ভঁৰাল লুট কৰা হৈছে

‘আপোনালোকৰেইতো কাম’ নিখিলে ক’লে৷

‘আমাৰ নহয়, কমিউনিষ্টে সেইবোৰ নকৰে৷ সাম্যবাদ আৰু সন্ত্ৰাসবাদ একে নহয়৷’

কিছু সময় নীৰৱতা৷

‘যি দুটা ধান পাইছিলো, সিও গ’ল, বৌৱে ক’লে৷

‘কণটোৱে দেউতাক এই বুঢ়া বয়সত’ ভিনীহি হঠাৎ ৰৈ গ’ল৷

‘দেউতাহঁত স্বাৰ্থপৰ’, নিখিলৰ মুখৰপৰা ওলাই পৰিল অকস্মাৎ,‘ধান গৈছে তাৰ বাবে কি হৈছে! যোৱা বস্তু যাব দিবই লাগিব৷’

সকলো আচৰিত হৈ গ’ল নিখিলৰ মুখত এই কথা শুনি৷ সোণটি বাইদেউৰ খং উঠিল৷

‘ঘৰখন কেনেকৈ চলে কেতিয়াবা ভাবি চাইছ? তয়ো তাকে ক’ৱ?’

‘ফৰ গ্ৰেটাৰ ইণ্টাৰেষ্ট্‌’

‘ফৰ গ্ৰেটাৰ ইণ্টাৰেষ্ট্‌ হা৷’ যতি বাবুয়ে লাহে লাহে ক’লে, ‘কিন্তু কণহঁতে যি কৰিছে তাক আমি সন্ত্ৰাসবাদ বোলো৷’

নিখিল আৰু যতি বাবু দুয়োৰে ওপৰত ৰঞ্জন জ্বলি উঠিল৷

‘সমাজ-ব্যৱস্থাৰ কি অৱস্থাত তোৰ দেউতাৰাই অতি কষ্টে মানুহ হ’বলৈ চেষ্টা কৰিছিল? যতি বাবু আপুনিয়ে কয়, সেই সময়ত আছিল বৃটিছ-সাম্ৰাজ্যবাদৰ প্ৰৱল শোষণ৷ জীৱন, খোৱা, থকাৰ কোনো নিশ্চয়তা, কোনো আশ্বাসেই তেতিয়া তেখেতসকলক সমাজ-ব্যৱস্থাই দিব পৰা নাছিল৷ তাৰ মাজত কঠোৰ সংগ্ৰাম কৰি জীৱন-নিৰ্বাহৰ উপায় তেখেতসকলে উলিয়াইছিল৷ আজি যদি সেই উপায়, সেই এটুকুৰা মাটি, অলপমান ধান, হাতৰ পৰা গুচি যায়, তাৰ বাবে দুঃখিত নহ’বনে মানুহ? প্ৰাইভেট প্ৰ’পাৰ্টিৰ ওপৰত থকা মোহৰ কাৰণে কি তেখেতসকল দায়ী?’

যতি বাবু আৰু নিখিলে মুখ চোৱা-চুই কৰিলে৷

‘পুৰণি জেনেৰেশ্যনক কন্‌ভিন্সড্‌ কৰিব নোৱাৰা কাৰণে আপোনালোক দায়ী হয় নে নহয়?

যতি বাবুয়ে একো নামাতিলে৷

‘সন্ত্ৰাসবাদৰ বিষয়ে কন্‌ভিন্সড্‌ কৰিব যতি বাবুয়ে?’ কিয় জানো ভিনীহিয়ে ব্যঙ্গোক্তি কৰিলে৷ সকলো আচৰিত হৈ গ’ল৷ ফুটবল-ক্রিকেটৰ পৰা ৰাজনীতিলৈ এটা বিৰাট জাঁপ৷

‘তেওঁলোকে বিচাৰে সাম্যবাদহে’ বৌৱে নুবুজাৰ দৰে ক’লে৷

‘দস্তুৰমত’, যতি বাবু অলপ ত্ৰুদ্ধ হৈ উঠিল, ‘কণহঁতে ইয়াক টেৰ’ৰিজ্‌ম কয়নে নকয়? কি বোলে সিহঁতে?’

‘পাৰ্টিছান্‌ ৱাৰ্‌ফেয়াৰ’ ৰঞ্জনে ক’লে৷

যতি বাবু ৰ’ল৷ তেওঁ নতুনকৈ তেওঁৰ তত্বৰ ভাণ্ডাৰটো খেপিয়াই চালে৷

‘যতি বাবু কমিউনিষ্ট নেকি?’ সোণটি বাইদেৱে ইমান সময়ৰ পিছত হঠাৎ আচৰিত হৈ প্ৰশ্ন কৰিলে৷ যতি বাবু স্বীকাৰ কৰাৰ ভংগীত মনে মনে থাকিল৷

‘মোৰ কিন্তু ধাৰণা’ ৰঞ্জনে ক’লে, ‘আজি চাৰিওপিনে দেশৰ যি অৱস্থা, তালৈ চাই আজি কমিউনিষ্ট হ’লে হয় জে’লত থাকিব লাগিব, নহয় আণ্ডাৰগ্ৰাউণ্ডলৈ যাব লাগিব৷’

যতি বাবুৰ মুখত যেন কোনোবাই এটা চৰ মাৰিলে৷ অস্বস্তিৰ ভংগীত ভিনীহিয়ে গা জোঁকাৰি বহিল৷ বৌৱে ঠিক নুবুজিলে, সোণটি বাইদেৱে অলপ সহানুভূতিসূচকভাৱে হঁহাৰ চেষ্টা কৰিলে৷ যতি বাবুৰ ভণ্ডামি যেন ৰঞ্জনে সম্পূৰ্ণ প্ৰকাশ কৰি দিলে, এনেকুৱা এটা ধাৰণা হ’ল নিখিলৰ, কথাটো কৈ উঠি ৰঞ্জনৰ বেয়া লাগিল৷

এটা অত্যন্ত অস্বস্তিকৰ নীৰৱতাত কোঠাটো ভৰি গ’ল৷ তাৰে অন্ত ঘটাবলৈয়ে যেন বিজুলী-তাঁৰৰ লাইনত ক’ৰবাত গণ্ডগোল ঘটিল, লাইটটো নুমাই গ’ল৷ আন্ধাৰ কোঠাত দেউতাই কথাটো গম নাপালে৷ সোণটি বাইদেউৰ কোলাৰ কেঁচুৱাটোৱে কান্দি উঠিল, ভিনীহিৰ গাত লাগি তামোলৰ বটাটো মাটিত সশব্দে পৰি গ’ল.

‘এই লাইটডালো এটা আপদ৷’ বিৰক্তিৰ সুৰত সোণটি বাইদেৱে ক’লে৷

‘এৰা, বৰ দিগদাৰ দিয়ে মাজে-মাজে’ বৌয়ে ক’লে৷

বিমলাই লেম এটা জ্বলাই দি গ’ল৷

‘এনেকুৱা হয় কেলেই?’ ভিনীহিয়ে ৰঞ্জনক সুধিলে৷

‘ইলেক্ট্ৰন-প্ৰৱাহ বন্ধ হয় কাৰণে’, ৰঞ্জনে কথাটো জটিল কৰাৰ চেষ্টা কৰিলে৷

‘খুব বুজিলো’, ভিনীহিয়ে ক’লে৷

‘তোৰ ইলেক্ট্ৰন জহন্নামে যাওঁক’, নিখিলে ক’লে৷

‘লাইটটো ঠিক কৰি দিব পৰাহেঁতেন বুজিলোহেঁতেন’, সোণটি বাইদেৱে ক’লে, ‘কিটো পঢ়িলা তুমি?’

‘থিয়’ৰিটিকেল ফিজিক্স’ নিখিলে ঠাট্টাৰ সুৰত ক’লে৷

‘মোৰ থিয়’ৰিতো প্ৰেক্‌টিচতকৈ বহুত ভাল৷’

কথাৰ সুৰত সোণটি বাইদেউ আৰু ভিনীহি দুয়োৰে সন্দেহ হ’ল৷ নিখিলৰ প্ৰেক্‌টিছ কি বাৰু? দুয়ো দুয়োৰে মুখলৈ চালে৷

‘ইলেক্ট্ৰনক জহন্নামে পঠোৱা তহঁতৰ মুখতেই শুৱাই৷ নিজেতো জহন্নামে গৈছেই৷’

‘কি হৈছে? কথাটো কি?’ ভিনীহিয়ে সুধিলে৷ সোণটি বাইদেউ উদ্‌গ্ৰীৱ হৈ উঠিল৷ বৌ বুদ্ধিমতী, কোনো আগ্ৰহ প্ৰকাশ নকৰিলে৷

‘একো নহয়, একো নহয়’, ৰঞ্জনে লৰালৰিকৈ কথা ঘূৰাবৰ চেষ্টা কৰিলে, ‘জহন্নামে যোৱা নাই কোন?’ এৰা, জহন্নামে যোৱা নাই কোন, সোণটি বাইদেৱে ভাবিলে৷ আজি অনিমা আহিছিল৷ পুৰণি কলেজীয়া বন্ধু অনিমা মজুমদাৰ৷ আজিকালি ৰেডিঅ’ত গান গায়, ব’টানীৰ অধ্যাপিকা৷ কেনেকুৱা যেন ‘চিনিকেল হৈ গৈছে অনিমা৷ এতিয়াও বিয়া হোৱা নাই৷ আগতকৈ সৰলতা বহুখিনি গুচিছে, সেই উৎসাহ, ভাৱপ্ৰৱণতা আৰু চাঞ্চল্যও যেন নাই৷ বহুদিনৰ মূৰত সহপাঠিনীক পাই কিমান যে ভাল লাগিছিল৷ ভাবিছিল, ফিডিং-বটল আৰু অয়ল্‌ক্লথৰ জীৱনৰ মাজৰ পৰা কিছুসময়ৰ বাবে গুচি যাব অতীতৰ দিনবোৰলৈ৷ কিন্তু যতি বাবুয়ে বিদায় ল’ব খুজিছিল৷ কৰুণা বাবুৰ খবৰ ল’বলৈ যাব লাগিব৷ তেওঁৰ এজমাৰ বিষটো আকৌ বাঢ়িছে৷

‘বহাঁচোন আৰু কিছুপৰ’ বৌৱে ক’লে৷

যতি বাবুৰ ভাল লগা নাছিল৷ ইলা-নীলা কোণৰ বিছনাখনত শুই পৰিছে৷ তাহাতলৈ চাই তেওঁ মনে মনে কিবা ভাবিব ধৰিলে৷ খবৰৰ কাগজত ভিনীহি মগ্ন হৈ পৰিল৷ কোৰিয়াৰ যুদ্ধত জেট্‌চালিত প্লেইনৰ কথা কৈছে কোনোবই৷ জেট্‌প্ৰপাল্‌ছন কি? ৰঞ্জনক সুধ্বিৰ ইছা হ’ল, কিন্তু তেওঁ মনে মনেই থাকিল৷ আজি দুপৰীয়া দেইতায়ো কথাটো সুধিছিলে, তেওঁ ক’ব নোৱাৰিলে৷ ভিনীহিক কাষত বহুৱাই লৈ দেউতাই আজি দুপৰীয়া খবৰ কাগজখন পঢ়িছিল৷ ভিনীহিয়ে বুজিছে, গান্ধীজীৰ মৃত্যুৰ পিছত কংগ্ৰেছখন ৰসাতললৈ গৈছে, দেউতাৰ এয়ে দৃঢ় ধাৰণা৷ কোৰিয়া আৰু কাশ্মীৰৰ ঘটনাত ইউ-এন-অ’ৰ কামবোৰ তেখেতৰ অলপো ভাল লগা নাই৷ এইটো দিনে দিনে স্পষ্ট হৈ উঠিছে যে জেনেৰেল এছেম্বলীখন আমেৰিকাৰ দখলত৷ মাৰ্কিনবোৰে কোৰিয়া এৰি নাহে কিয়? তাৰ মানুহবোৰৰ এটা দাৰুণ ঘৃণা আছে হোৱাইটবোৰৰ প্ৰতি আগৰে পৰা৷ তেওঁলোকৰ বহু দেশ দেখা কাষ্টমছ্‌ ছুপাৰিটেণ্ডেটে এই সম্পৰ্কে জাপানী বন্দৰ এটাৰ ঘটনা এটা কৈছিলে, সেইটো তেওঁ আজি দেউতাক শুনাইছে... বেছ চলিছিল কথা-বাৰ্তা কিছু সময়, কিন্তু বৃদ্ধই হঠাৎ অনুভৱ কৰিলে যে কথা কৈ ভিনীহিয়ে ভাল পোৱা নাই৷ এটা অভিমানত বৃদ্ধৰ মুখখন সৰু ল’ৰাৰ দৰে ভৰি পৰিল, বুজিলে তেখেতৰ ঐতিহাসিক প্ৰয়োজনীয়তা হয়তো শেষ হৈ গৈছে, অলপ টোপনি মৰাৰ কথা কৈ ভিনীহিক বিদায় দিলে৷ ভিনীহিয়ে ৰক্ষা পালে, কিন্তু কথাটো যেন অলপ অনুভৱো কৰিব পাৰিলে, মনৰ ভিতৰত কাঁইট এডালে বিন্ধিব ধৰিলে

‘নাই, মই আৰু উঠোহে৷ কৰুণা বাবুৰ খবৰ ল’বলৈ এবাৰ যাবই লাগিব৷ নবীনৰ মাকৰো এটা খবৰ লোৱা দৰকাৰ৷’

যতি বাবু যাবলৈ ব্যস্ত হৈ উঠিল৷

‘নবীনে কি কৰিছে আজিকালি? সোণটি বাইদেৱে ক’লে৷

‘সি ৰাস্কেল্‌ স্পাই ইন্‌ফৰ্‌মাৰ হৈছে’, ভিনীহি হঠাৎ ফাটি পৰিল, ‘আজি নীলাক সি খুব টফি খুৱাইছে, সুধিছিল, বায়েকক চাবলৈ কণ আহিছে নেকি? ভাগ্যে সি অহা নাই৷ প্ৰথমতে মই বুজাই নাছিলো, পাছতহে ধৰিব পাৰিলো৷ ঘৰত মাকৰ যাওঁ যাওঁ অৱস্থা, সি কৰিছে এইখন৷’

‘কি কৰিব বেচেৰাই, যি তলি ফুটা অৱস্থা সিহঁতৰ, তাতে মাকৰ এই টান’

নিখিলে যেন নবীনৰ হৈ ওকালতি কৰিব খুজিলে, ‘ইকনমিক কণ্ডিশ্যন যেনেকুৱা বেয়া’

যতি বাবুয়ে কৈ উঠিল, ‘ধনতন্ত্ৰই মানুহবোৰক এনেকৈয়ে নষ্ট কৰে৷ ভাবি চাওক নবীন পাড়াৰেই ল’ৰা, আপোনালোকৰ কিমান দিনৰ বন্ধু, চিনা-জনা’

হঠাৎ কুণ্ঠিতভাৱে যতি বাবু ৰৈ গ’ল৷ অত্যন্ত নিৰ্লজ্জ যেন বোধ হ’ল নিজকে৷

সৰু ছোৱালীজনীক লৈ এইবোৰ কিয় ! সোণটি বাইদেৱে নবীনক মনৰ ইছাৰে গালি পাৰিলে, বৌয়েও খঙতে দু-আষাৰ কৈ পেলালে৷ সৰু ছোৱালীজনীৰ ওপৰত এই ভাব দেখি নিখিল মৰ্মাহত হ’ল৷ যতি বাবুয়ে এদিন ব্যক্তি-স্বাধীনতা আৰু স্বাধীন ভাৰতত তাৰ অভাৱৰ বিষয়ে কৈছিলে, মনত পৰিল৷ সৰু কেঁচুৱা এটাই পৃথিৱীত জন্মগ্ৰহণ কৰিলে, আমাৰ গ্ৰহটোলৈ নতুন এটা মানৱ-শিশু আহিল৷ ভাবি চোৱা, কিমানখিনি তিক্ততাৰ মাজেৰে শিশুটো বাঢ়ি উঠিব৷ কিছুমান দানৱে গ্ৰহটো কৰায়ত্ত কৰি বহি আছে শকুনিৰ দৰে সিহঁতৰ তীক্ষ-দৃষ্টি সকলোৰে ওপৰত প্ৰসাৰিত৷ নিজৰ বাঢ়ি অহা ছাঁলৈ সন্দেহেৰে চাই চাই শিশুটো এই সুন্দৰ পৃথিৱীত ডাঙৰ হৈ উঠিব, চাৰিওপিনে পৰিব সন্দেহ আৰু সংশয়, অবিশ্বাস আৰু ঘৃণাৰ ক’লা ক’লা ছাঁবোৰ ইলা-নীলাৰ সৰল কোমল মুখ দুখনিৰ ওপৰতো কি সন্দেহ আৰু ঘৃণাৰ ছায়াপাত হ’ব?

যতি বাবু গুচি গ’ল৷ তেওঁৰ মনটো ভাল লগা নাই৷ ‘পাৰ্টিছান ৱাৰফেয়াৰ’ কথাটো ৰঞ্জনৰ দৰে মানুহ এটাক কোনে বুজালে? লেলিন পঢ়ে বা পঢ়ি বুজে জানো ৰঞ্জনে? দেউতাৰ এন্ধাৰ কোঠাটোৰ পিনে দৃষ্টি পৰিল৷ বুৰ্জোৱা প্ৰচাৰ কাৰ্যৰ ‘ভিক্টিম’ বৃদ্ধ নিদ্ৰামগ্ন ! নতুন জেনেৰেশ্ব্যনৰ প্ৰতি বৃদ্ধৰ অসন্তোষ ৰুদ্ধ হৈ আছে মনত, অথচ চলন্তি সমাজ-ব্যৱস্থাই তেখেতক কি দিছে? এৰা, সৰল, সজ এই বৃদ্ধক, এই পুৰণি জেনেৰেশ্ব্যনক, এটা মূল্যবান ally হিচাপে নোপোৱাৰ বাবে কোন দায়ী? কূট প্ৰচাৰ-যন্ত্ৰৰ পাকলৈ কোনে তেখেতসকলক নিৰ্বিকাৰভাৱে সোমাই যোৱা চাই আছে?....অথচ, অথচ প্ৰচাৰ কাৰ্য্যৰ সুবিধাই বা বামপন্থীসকলৰ ক’ত? ফেচিষ্ট্‌ চৰকাৰতো অলপো সুবিধা নিদিয়ে! কণহঁতে কয়, টন টন প্ৰচাৰ-পত্ৰতকৈ আজি এটা action এটা সংঘাত বেছি কাৰ্য্যকৰী, প্ৰচাৰৰ কোনো সুবিধাই যেতিয়া নাই৷ কিন্তু কণ বিৰুদ্ধ দলৰ মানুহ৷ ৰাজনৈতিক কু-সংস্কাৰৰ পাকচক্রত যতি বাবুৰ চিন্তাধাৰা জটিলৰ পৰা জটিলতৰ হৈ পৰিল....

‘সংঘাতে চিন্তাক মুক্তি দিয়ে 'Action releases thought from its blind alleys and vicious circles...' সিহঁতে কয়৷ তথাপি সন্ত্ৰাসবাদ এটা ঘৃণ্য বস্তু৷ একশ্যন....... একশ্যন মানে কি সন্ত্ৰাসবাদ৷

ভিনীহি কাষে কাষে আহিছিল, ক’লে, ‘আমাৰ মানুহবোৰে সদায় মাৰ খায়েই আহিছিল৷ কণহঁতে কৈছে, এইবোৰ দেখুৱাই দিয়াৰ সময়, মানুহবোৰেও ওলোটাই আঘাত দিব পাৰে৷ তেজৰ সলনি তেজৰ পলিচি৷ মানুহবোৰৰ অলসতা আৰু ইনাৰ্চিয়া ভঙাৰ দৰকাৰ হৈ পৰিছে৷’

‘বেংক লুট কৰা হ’ল, ধানৰ ভঁৰাল লুট কৰা হ’ল, তাৰ পৰা মানুহবোৰৰ ইনাৰ্চিয়া গুচিল?’

নিখিলে এই জটিলতাৰ পৰা মূল কথাটো বুজিবৰ চেষ্টা কৰিছে৷ গ্যেটেৰ কথা হঠাৎ তাৰ মনত পৰিল৷ সকলোকে আচৰিত কৰি দি সি হঠাৎ চিঞৰি উঠিল,

'In the beginning was the act'

সকলোতকৈ বেছি অবাক হ’ল ৰঞ্জন৷ ব্লু-বেটৰ লগত নিখিলৰ ঘটনাটোৰ চাপ এতিয়াও তাৰ মনৰ পৰা গুচা নাই৷ বৌ, নিখিলৰ দেউতাক, ভিনীহি, সোণটি বাইদেউ আৰু নবীনৰ কথাই তাৰ মূৰ ঘূৰাই দিছে৷ সকলোৰে পৰা যেন সুস্থতা অৱলুপ্ত হৈছে, সকলোৱে সকলো ধৰণৰ কথাত অনিছাকৃতভাৱে হ’লেও জড়িত হৈ পৰিছে৷ অদ্ভত কথা ওলাইছে অদ্ভত মুখৰ কথা৷ বেংক কিয় ফেল হয়, যতি বাবুৰ পৰা শুনিবলৈ সিও বাধ্য হৈছে৷ ধন, কণ, আৰু অনিমা, মাখনীৰ কথাই তাৰ চিন্তাধাৰাত বিশৃংখলাৰ সৃষ্টি কৰিছে৷ অস্থিৰতা, ভাঙন আৰু অনিশ্চয়তা৷ সূৰ্য্যটো মৰিব ধৰিছে, নিখিলৰ দেউতাক মৰিব ধৰিছে৷ গাখীৰৰ ছচ্‌পেনটোৰ পৰা ভাপ হৈ ফ্লুইডবোৰ গুচি গৈছে, ৰেডিয়ামৰ পৰা স্বতঃস্ফূৰ্তভাৱে প্ৰতিক্ষণে আলফা-কণিকা বিচ্ছুৰিত হৈছে, ৰেডিঅ’টোৰ ভাল্‌ভত গ্ৰীডৰ ভিতৰেদি অশান্ত ইলেকট্ৰন ছিটিকি গৈছে৷ কাৰো ক’তো একো নিশ্চয়তা নাই, কণিকাৰ পৰা তৰংগ আৰু তৰংগৰ পৰা তাৰ পিছতেই কণিকা; এটা অৰাজক অৱস্থা যেন সকলোতে পৰিস্ফুট.... মানুহবোৰ বিদ্ৰোহী, অশান্ত, আইন-নমনা; ..... অৰ দেৱাল নামানি বিদ্যুৎ -কণিকাই আইন ভংগ কৰিছে, ডেটা-ফাঙ্কশ্যন্‌লৈ গণিতৰ আইন ভংগ কৰিছে ডিৰাকে...

‘ৰঞ্জন ঘৰলৈ নোযোৱা নেকি? ৰাতি হৈ আহিছে৷’

যামগৈ অলপ পিছত৷ ঘৰত গৈ কিটো কৰিমগৈ৷’

‘পঢ়া-শুনা কেনে হৈছে? পৰীক্ষাতো-

‘হৈছে একৰকম, সোনকালে ইয়াৰে পৰা যাবৰে মন গৈছে৷ ইয়াত মনটো ভালেই নাথাকে৷’

সোণটি বাইদেৱে সহানুভূতিসূচকভাৱে হাঁহিলে৷

‘মই সোনকালেই যোৱা ঠিক কৰিলো৷ পৰহিলৈকে যামগৈ৷’

‘পৰহিলৈ? ইমান লৰালৰি কেলেই? অনিমাহঁতৰ সংগীতানুষ্ঠানটো চাই নোযোৱা জানো? ইলা-নীলাই নাচিব নহয়, বৰকৈ ধৰিছে তেওঁলোকে৷ অনিমাই হেনো বৰ সুন্দৰ চেতাৰ বজাব পৰা হৈছে’

‘অ’, চিলাইখিনি যে মোৰ একোৱেই হোৱা নাই৷’ বৌৰ মনত পৰিল ইলা-নীলাৰ নাচৰ কাৰণে অনিমাহঁতে দুখন ৰং-বেৰং চাদৰ সিবলৈ দিছে৷ ‘সোণটি, আজি ৰাতিয়েই ছাদৰ দুখন হ’ব লাগিব, তুমি নুশুবা আকৌ৷’সোণটি, আজি ৰাতিয়েই ছাদৰ দুখন হ

‘সিহঁতক মই ডাঙৰ হ’লে উদয় শংকৰ দলত ভৰ্তি কৰাই দিম’, ভিনীহিয়ে অলপ গৰ্বেৰে ক’লে৷ সোণটি বাইদেৱে অলপ গৰ্ববোদ কৰিলে, বৌয়ে এবাৰ হাঁহিলে৷ ‘আটায়ে কয়, এই বয়সতে সিহঁতে এনে সুন্দৰ নাচে৷’

ইলা-নীলাৰ বহু প্ৰশংসিত নাচ চাবলৈ নিখিলৰ মন গ’ল৷ কিন্তু সংগীতানুষ্ঠানৰ আলোকাজ্জ্বল পৰিৱেশটোৰ কথা ভাবি সি সংকুচিত হৈ গ’ল৷ কোমল কোমল মুখৰ ধুনীয়া ছোৱালী দুজনীয়ে নাচিব, অনিমাই চেতাৰ বজাব ঐক্যতানত, মানুহবোৰে উপভোগ কৰিব, হাঁহিব৷ উজ্জ্বল পোহৰত হাস্যৰসৰ নৰ-নাৰীবোৰক, বৌক আৰু সোণটি বাইদেউক ইলা আৰু নীলাক সুন্দৰ আৰু ৰোমাটিক বোধ হ’ব৷ তাৰ মিউজিকৰ তালে তালে যতি বাবুয়ে তেওঁৰ অসহ্য দৃষ্টিভংগীৰে মন্তব্য কৰিব, গিৰিজা শৰ্মাই লোলুপ দৃষ্টিৰে সুবিধা বিচাৰিব, বেৰসিকৰ দৰে সংগীতবোৰক কিছুমান ফুৰিয়াৰ-তৰংগৰ সমষ্টি বুলি ৰঞ্জনে বুজাবৰ চেষ্টা কৰিব হয়তো৷ কাষেৰে উঠি অহা বুকুৰে ছোৱালীবোৰ ঘূৰি ফুৰিব, সি নিজে চঞ্চল হৈ উঠিব, তাৰ মগজুত ‘পৈশাচিক’ ভাৱধাৰাও হয়তো অহা-যোৱা কৰিব৷ খগেন দাসে টকা যোগাইছে সংগীতানুষ্ঠানৰ, সেই মানুহজনৰ গৰ্বস্ফীত বুকু, মৃদু হাঁহিয়ে ‘আৱাহৱা’টো বাৰু কেনেকুৱা কৰি তুলিব?

জন্মাষ্টমীৰ দিনাই নেকি অনুষ্ঠানটো? বৌয়ে হিচাপ কৰিবৰ চেষ্টা কৰিছে দিনবোৰ৷ বেছি সময় বৌয়ে তাত কটাব নোৱাৰিব, ঘৰত বহুতো কাম পৰি থাকিব, সোনকালে গুচি আহিব লাগিব৷ কিছুমান নামৰ সুৰ হয়তো মনৰ ভিতৰত অস্পষ্ট বাজিব, শূণ্য ঘৰটোত অকলে অকলে কেঁচুৱাকেইটাৰে সৈতে মনটো বাৰে বাৰে সংগীতানুষ্ঠানৰ হাঁহি আৰু পোহৰলৈ গুচি যাব৷

(সেয়ে ঘটিছিল৷ বৌৰ মনটো বৰ বেয়া লাগিছিল, নিখিলৰো৷ কোনোবাই যেন গাইছিল : ‘আজি এ ৰাতি এ শিলে বৰশিলা’)

‘বৰ গৰম লাগিছে পাই, লেমটোৰ বৰ তাপ বৌৱে ক’লে৷

ৰঞ্জনে ক’লে, ‘অপব্যয়৷ বৰ বেছি জ্বলিছে লেমটো৷’ বৌৱে লেমটো কমাই দিলে৷

অলপ ৰৈ সি ক’লে, ‘মূল কথাটোতে অপব্যয়৷ তেল পুৰি যিখিনি শক্তিৰ উৎপাদন হয়, আমাৰ পঢ়া-শুনা দেখাৰ কামত তাৰ শতকৰা দুই ভাগহে আমাৰ কামত আহে৷ বাকীখিনি নষ্ট হয়, মানে আমাৰ কোনো কামত নাহে৷ কিমান যে তাপৰ উৎপত্তি হৈছে, দেখিছেই৷’

‘চায়েঞ্চে কি কৰিছে এই বিষয়ে?’ ভিনীহিয়ে সুধিলে৷

‘তেওঁলোকে তাপ-বিহীন লাইট উলিওৱাৰ চেষ্টা কৰিছে৷ মই ভাবিছোঁ, এই যে এনাৰ্জিৰ বিপুল ক্ষতি, কেনেকৈ এইটো বন্ধ কৰি বা তাক পুনৰ পোহৰলৈ পৰিৱৰ্তিত কৰি দৰকাৰী ঠাইত পোহৰ যোগাব পাৰোঁ৷ থিয়’ৰিটিকেলি কথাটো সম্ভৱ৷ কিয়নো, সকলো ধৰণৰ এনাৰ্জিকে পোহৰ, তাপ, বিদ্যুৎ, চুম্বকত্ব, শব্দ এটাৰ পৰা অইন এটালৈ পৰিৱৰ্তিত কৰিব পাৰি৷ ভাবক, যদি পাৰোঁ সেইটো কৰিব, কি উজ্জ্বল পোহৰেৰে পৃথিৱী ভৰি যাব!’

‘ইউট’পিয়ান’ নিখিলে ক’লে৷ কৈ বুজিলে, কথাটো ঠিক নহ’ল৷

বৌয়ে হাঁহি দিলে, সোণটি বাইদেউয়ে এই সৰু ল’ৰাৰ দৰে কথালৈ কাণেই নকৰিলে৷ ভিনীহিয়ে অৱশ্যে অলপ আগ্ৰহ দেখুৱালে, কিন্তু মুঠৰ ওপৰত ৰঞ্জন দমি গ’ল৷ যতি বাবুৰ কথাও ৰঞ্জনৰ মনত পৰিল, তেওঁ নিশ্চয় ক’লেহেঁতেন, আজিৰ বৈজ্ঞানিকে কোনো বস্তু আৱিষ্কাৰ কৰি মানুহৰ ভালৰ নিমিত্তে প্ৰয়োগ কৰিব নোৱাৰে৷ ধনতন্ত্ৰই বৈজ্ঞানিক পুঁজিৰ ভৃত্যলৈ পৰিণত কৰিছে৷ ৰে’জৰ-ব্লেডৰ পৰা এটম বোমালৈ সকলোতে পুঁজিপতিৰ কৰ্তৃত্ব৷ শত-সহ-সহস্ৰ লুমেন্‌ আলোক বাৰু আপুনি দিবই পৰা হ’ল, কিন্তু কোনে আপোনাক সেই প্ৰচেছ্‌ খটুৱাবলৈ দিব পৃথিৱীত?

এটা কাৰণ বিচাৰি নোপোৱা বিৰক্তিত ৰঞ্জনে বিদায় ল’লে৷ বৌৰ ভাত প্ৰায় হৈছে, মইনাহঁত খাবলৈ উঠিব এতিয়াই, তাক খাই যাবলৈ কোৱাৰ আগেয়ে গুচি যোৱাই ভাল হ’ব৷ সোণটি বাইদেউৰ লাহে লাহে টোপনি আহিল চকীতে, ভিনীহিয়ে এটা দীঘল হামি কাঢ়িলে, নিখিলে বাহিৰলৈ ওলাই গ’ল৷ সোমাই আহি বৌয়ে দেখিলে সোণটি টোপনি গৈছে, কেঁচুৱাটোৰ গাখীৰ বটলতে পৰি আছে, এটা জনহীন ঘৰৰ দৰে নিস্তব্ধতা, এটা কথা নাই, এটা শব্দ নাই, বতাহ আহিছে, পৰ্দাবোৰ কঁপিছে৷ বৌৰ মুখৰ দৃষ্টি কোমল হৈ গ’ল, সোণটিৰ কেঁচুৱাটো কোলাত লৈ বৌৱে গাখীৰ খুবাৱ আৰম্ভ কৰিলে....

কেইবাদিনৰো পিছত যেতিয়া তাৰ পুৱা টোপনি ভাগিল, সি আচৰিত হ’ল, তাৰ গালত সোণটি বাইদেউৰ কোমল হাতৰ পৰশ পৰিছে৷ ৰেডিঅ’বোৰ আজি বন্ধ কিয়, সি আৰু আচৰিত হ’ল৷ উঠি দেখিলে, চাহৰ টেবুলত ৰঞ্জন আৰু ভিনীহিয়ে বহি হাঁহিব ধৰিছে, বৌৱে হাঁহিছে, সোণটি বাইদেৱে হাঁহিছে৷ ৰঞ্জনে দেখুৱালে, মেছৰ ৰেডিঅ’টো এখন ৰিক্সাত বোজাই কৰি গিৰিজা শৰ্মা যাব ধৰিছে৷ এটা কলিং-বে’লৰ দৰে বস্তু ফেনৰ প্লাগত ফিট্‌কৰা, ঘৰ্‌ঘৰ্‌ শব্দ হৈছে৷

‘দোকানলৈ ভাল কৰিবলৈ নিছে’, ৰঞ্জনে হাঁহি হাঁহি ক’লে, ‘দোকানৰ মানুহবোৰৰ মুখৰ অৱস্থা চাবৰ মন গৈছে৷ কোনো মতেই ভাল কৰিব নোৱাৰিব ৰেডিঅ’ততো আৰু একো বেয়া হোৱা নাই৷ গোলমাল ইয়াতে৷ এইটো ‘বাজাৰ’ লগাই দিছোঁ, দেখিছ? ইয়াৰ ঘট্‌ঘট্‌ শব্দই সিহঁতৰ ৰেডিঅ’ত গোলমাল কৰিছে৷ বেচেৰাহঁত বুজাই নাই৷

‘তোমাৰো যে কাণ্ডবোৰ!’

‘ঠিকেই হৈছে৷ বৈজ্ঞানিকভাৱে সিহঁতক জব্দ কৰিছোঁ৷ পৰীক্ষাৰ পঢ়া পঢ়িবৰ উপায় নাই সিহঁতৰ উৎপাতত পাৰাৰ ল’ৰা-ছোৱালীবোৰৰ৷’

বাজাৰতো কি বস্তু, কি কাম কৰে, বুজিবলৈ নিখিলৰ ইছা নহ’ল, সিও হাঁহিটোত যোগ দিলে৷

‘চাহলৈ দেৰি আছে নেকি? মই শ্বেভ কৰি লওঁ তেনেহ’লে৷’

ভিনীহিৰ শ্বেভিং-ছেটটো লৈ নিজৰ বস্তু এটা ব্যৱহাৰ কৰাৰ দৰে ৰঞ্জন বহি গ’ল৷

‘মোৰ শ্বেভিং-ছেটটোৰ ৰাষ্ট্ৰীয়কৰণ হৈ গ’ল নেকি?’

যতি বাবু সোমাব ধৰিছিল, কিন্তু ঠাট্টাটো তেওঁৰ গাত নালাগিল৷ তেওঁ জোৰেৰে হাঁহি দিলে৷

‘এইটো কিহৰ শব্দ?’ যতি বাবুয়ে সুধিলে৷

‘সংগীতানুষ্ঠানৰ ৰিহাৰ্চেল৷ ইলা-নীলাৰ নাচটোৰ অৰ্কেষ্ট্ৰা৷’ সোণটি বাইদেৱে মুখত হাঁহি ফুটাই ক’লে, ‘সিহঁতক পুৱাই লৈ গৈছে অনিমাই৷’

ঐক্যতান আহিছে কাষৰ ঘৰৰ পৰা৷ এইটো দ্বিতীয় সংগীতানুষ্ঠান৷ প্ৰথমবাৰটো ইলা-নীলাই অভূতপূৰ্ব সাফল্য লাভ কৰিছে৷

নলিনী ডাক্তৰ আহি ওলাল৷ চাহ খোৱা আৰু নহ’ল৷ সকলোৱে দেউতাৰ কোঠা পালেগৈ৷ ডাক্তৰৰ ৰক্তচাপ জোখা যন্ত্ৰত পাৰাস্তম্ভ দ্ৰুতবেগে ওপৰলৈ উঠি গ’ল৷

ভয় চকিত দৃষ্টি নামিল আটাইৰে মুখত৷ নলিনী ডাক্তৰে অভয় দিলে, ক’লে, ‘আপুনি কমপ্লিট ৰেষ্ট লওঁক৷ অতবোৰ মানুহ আছে ঘৰত৷’ বৃদ্ধৰ মুখৰ পৰা কেইবাৰমান কাহ ওলাল৷

‘এৰা, মোৰ ৰেষ্ট দৰকাৰ৷’ বৌৰ পিনে তেখেতৰ দৃষ্টি পৰিল৷ কিবা এটা তেখেতে ভাবিলে৷

নলিনী ডাক্তৰ গুচি গ’ল৷ সকলো ওলাই গ’ল, মইনাক তেখেতে পিছতে মাতিলে৷ ‘বোৱাৰীৰো অলপ ৰেষ্টৰ দৰকাৰ৷ দিনটো অতবোৰ ল’ৰা-ছোৱালী লৈ কিমান খাটিব? সম্প্ৰতি তই এবাৰ নলিনীৰ ওচৰলৈকে যা৷ কিবা টনিক-চনিক এটাকে দিব৷’ দুৱাৰৰ বাহিৰত বৌৱে হঠাৎ কান্দি পেলালে সকলোৰে অলক্ষিতে৷ সিটো কোঠাত সোণটি বাইদেৱে মুখৰ ভিতৰতে ক’লে, ‘দেউতা যে ইমান সৰল৷ বাহিৰৰ পৰা বস্তুবোৰ যেনে দেখে তেনে বুলিয়েই ধৰি লয়৷’....

অলপ আগৰ ঝলমল অৱস্থাটো আৰু সম্পূৰ্ণভাৱে তেনেদৰে নাথাকিল৷ ইতিমধ্যেই তাত এটা ক’লা ছাঁ পৰি গৈছে৷ চাহৰ টেবুলত আকৌ মানুহ বহিল, বৌ পাকঘৰলৈ গ’ল৷ ৰঞ্জনে হঠাৎ জাঁপ মাৰিলে৷ খট্‌খটি বগাবলৈ ৰুণুৱে চেষ্টা কৰিছে, ওখ খাপটোৰ ওপৰলৈ এখন ভৰি সি তুলিব পৰা নাই, বাৰে বাৰে অকৃতকাৰ্য্য হৈছে৷ ৰঞ্জন তাৰ ওচৰ পালেগৈ, এক মুহূৰ্ত লক্ষ্য কৰিলে, ৰুণুৱে তাৰ প্ৰচেষ্টা এৰি দিবৰ যেন ঠিক কৰিছে৷ নতুনকৈ যেন টোপনিৰ পৰা নিখিলে সাৰ পালে, সিও এটা জাঁপ মাৰিলে৷ ৰুণুৰ ভৰিখন তুলি দিলে সি৷

ওপৰলৈ উঠাটো এতিয়া অত্যন্ত সহজ হৈ পৰিল৷ দ্ৰুতবেগে ৰুণুৱে এখনৰ পিছত ইখন খটখটি বগাই উঠি গ’লএখাপ, দুখাপ.... অৱশেষত একেবাৰে ওপৰত ভৰি দিলে৷

প্ৰতিবেশীৰ ঘৰৰ ঐক্যতানৰ সুৰ সৰ্বোচ্চলৈ উঠিল৷ পাকঘৰৰ পৰা বৌ আৰু সোণটি বাইদেউ ওলাই আহিছিল৷ বৌৰ চকুত এতিয়াও মুচি পেলোৱা চকু-পানীৰ দাগ, নিখিলে লক্ষ্য কৰিলে৷ সি কৃতকাৰ্যতাৰ মুখলৈ সি ঠেলি দিয়া ৰুণুলৈ চালে, শুনিলে তাৰ মুখত বিজয়ৰ হাঁহি, শুনিলে ঐক্যতানৰ ক্লাইমেক্স৷ মুখত এটা হাঁহি সি টানি আনিলে অন্তৰৰ পৰা, ৰঞ্জনক হাতত ধৰি আনি টেবুলত বহুৱাই দিলে৷ বৌ আৰু সোণটি বাইদেউক তাৰ কিবা এটা ক’বৰ মন গ’ল৷

"Give us this day our daily bread", সি ক’লে৷






বি:দ্ৰ:- সৌৰভ কুমাৰ চলিহাৰ গল্পটিৰ জৰিয়তে এই ব্লগত অসমীয়া 'গল্প' চিৰিজৰ আৰাম্ভনি কৰিলো।

Share:

0 Comments:

Post a Comment

আপোনাৰ মন্তব্য দিয়ক