10.16.2020

নীলিম কুমাৰৰ দুটা কবিতা Two Poems by Nilim Kumar


 ১/

ৰুবী গুপ্তা 


জালিয়ানৱালাবাগৰ হত্যাকাণ্ড যিদিনা সংঘটিত হৈছিল
সেইদিনা ৰুবী গুপ্তাৰ অন্তৰ্বাস শুকোৱা নাছিল ।
পকী ছাদৰ ওপৰৰ ৰ'দৰ তাঁৰত মেলি দিয়া 
কাপোৰবোৰ চপাই আনোতে ৰুবী গুপ্তাই সেইদিনাও 
লক্ষ্য কৰিছিল যে সকলো কাপোৰ শুকাইছে 
মাথোঁ অন্তৰ্বাস শুকোৱা নাই ।
তেওঁ শিয়ৰি উঠিছিল-
যিদিনাই তেওঁৰ অন্তৰ্বাস নুশুকাব সেইদিনাই 
পৃথিৱীৰ ক'ৰবাত কিবা এটা হ'বই ! 


উপন্যাসৰ দীঘল ঘৰ এটাত বাস কৰা সেই
ৰুবী গুপ্তাৰ কথা মই মাজে মাজে ভাবোঁ
তেওঁৰ অন্তৰ্বাসৰ সৈতে পৃথিৱীৰ এই দুৰ্যোগবোৰৰ 
সম্পৰ্ক কোনেও নাজানে । কাকো ক'বও নোৱাৰে তেওঁ।
পৃথিৱীৰ বৃহৎ বৃহৎ ভূমিকম্প,আগ্নেয়গিৰী,ছুনামি 
আৰু হত্যাকাণ্ডৰ দিনবোৰত ৰুবী গুপ্তাৰ 
অন্তৰ্বাস শুকোৱা নাছিল । অন্তৰ্বাস নিপিন্ধাকৈ 
তেওঁ থাকিব নোৱাৰে, আৰু নোধোৱাকৈও ! 
সৰুতে মাকে শিকাইছিল তলত পিন্ধা কাপোৰ
কেতিয়াও বাহী নিপিন্ধিবি 

এতিয়া ৰুবী গুপ্তাৰ মূৰত এটাই চিন্তা- অন্তৰ্বাস 
শুকাল নে নাই ! ডাৱৰীয়া বতৰত ইস্ত্ৰি মাৰি মাৰি 
তেওঁ অন্তৰ্বাস শুকুৱায়।
পৃথিৱীখন ৰক্ষা কৰিবলৈ তেওঁৰ আপ্ৰান চেষ্টা ।


২/ আপোন মানুহবোৰ 


তেনেহ'লে সেই পথাৰখন নাছিলেই

 যিখন পাৰ হৈ ইমানদিনে আমি 

সেই গাঁওখনলৈ গৈছিলোঁ


আমাৰ আপোন মানুহবোৰ আছিল সেই গাঁওখনত

আমি যেতিয়া গাঁৱলৈ গৈছিলোঁ 

তেওঁলোকে ৰ'দ বা বৰষুণত ছাতি লৈ 

সেই পথাৰখনতে আমালৈ ৰৈ আছিল 

উভটিলে তেওঁলোকে আমাক পথাৰখনলৈকে 

আগবঢ়াই থ'বলৈ আহিছিল 

যিখন পথাৰ কোনোদিনে নাছিলেই 


যিখন পথাৰ কোনোদিনে নাছিলেই

সেইখন পাৰ হৈ আমি 

যিখন গাঁৱলৈ গৈছিলোঁ 

সেই গাঁওখন আৰু 

আমাৰ আপোন মানুহবোৰো তেন্তে 

নাছিলেই কোনোকালে !


                                  কবি - নীলিম কুমাৰ 







এনে আৰু অসমীয়া কবিতা পঢ়িবৰ বাবে ব্লগটো সাবস্ক্রাইব কৰি ল'ব , ধন্যবাদ ।














Share:

0 Comments:

Post a Comment

আপোনাৰ মন্তব্য দিয়ক